মই নিশ্চিত যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ‘ৰৈ ৰৈ বিনালে’ ইতিমধ্যে বহুতেই চাইছে। এয়া হৈছে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু চলচ্চিত্ৰ কলাৰ প্ৰতি নিজৰ ভালপোৱা প্ৰকাশ কৰাৰ এক মাধ্যম। ৰাজ্য চৰকাৰে শেহতীয়াকৈ সিদ্ধান্ত লৈছে যে চিনেমাখনৰ টিকেট বিক্ৰীৰ পৰা ৰাজ্য চৰকাৰৰ আহৰণ হোৱা জি এছ টি জুবিন গাৰ্গে স্থাপন কৰা প্ৰতিষ্ঠানত দান কৰা হ’ব, যাৰ কামৰ উদ্দেশ্য আছিল ~ নিঃস্বাৰ্থ সেৱা। জুবিন গাৰ্গৰ স্মৃতি স্মৰণীয় কৰি ৰাখিবলৈ অসম চৰকাৰে সেই সকলো দায়িত্ব পালন কৰিব। আমি এইক্ষেত্ৰত বিভিন্ন দিশৰ পৰা অহা মতামতকো সন্মান জনাইছোঁ যাতে শিল্পীগৰাকীৰ সৃষ্টি আৰু আদৰ্শক বিশ্বজুৰি প্ৰতিফলিত কৰাৰ এক পথ বিচাৰি পাওঁ।
আমি সকলোৱে জানো জুবিন গাৰ্গ আছিল জনতাৰ শিল্পী আৰু তেখেত সদায়েই জনতাৰ অংশ হৈ থাকিব। একে সময়তে, চৰকাৰো জনতাৰ, জনতাৰ হিতৰ বাবে কাৰ্য কৰে। সেয়ে, জনতাৰ হিতেই হ’ব লাগে চৰকাৰৰ প্ৰধান লক্ষ্য। এয়াই হৈছে ৰাজ ধৰ্ম। সেইবাবে, জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ন্যায়ৰ বাবে চৰকাৰে যি পদক্ষেপ লৈছে, সেয়াও জনতাৰ হিতৰ বাবে লোৱা এক পদক্ষেপ। এই ন্যায় প্ৰদান মানে হৈছে তেখেতৰ ব্যক্তিত্ব, মানৱতা আৰু অসমৰ বাবে তেখেতৰ নিঃস্বাৰ্থ মৰমক সন্মান জনোৱা।
চৰকাৰে ইতিমধ্যে কেইবাখনো সমিতি গঠন কৰিছে, যাতে তেখেতৰ স্মৃতি অম্লান কৰি ৰাখিবলৈ বিশেষ আৰু স্থায়ী পদক্ষেপ গ্ৰহণ কৰা হয়।
অক্টোবৰ মাহটো আছিল চৰকাৰী কাৰ্যপদ্ধতিৰ এক অন্যতম মাইলষ্ট’ন, বিশেষকৈ ৰাজ্যৰ মহিলাসকলৰ বাবে। নতুন বৈশিষ্ট্যৰে আৰম্ভ হৈছে নিযুত মইনা ২.০, অৰুণোদয় ৩.০ আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। নিযুত মইনা আঁচনি হৈছে দূৰদৰ্শী চিন্তাৰে আৰম্ভ হোৱা এখন আঁচনি; যিখন আঁচনিয়ে দীঘলীয়া সময়ৰ বাবে ছাত্ৰীসকলৰ জীৱনলৈ এক পৰিৱৰ্তন আনিব পাৰিব। মই সদায় বিশ্বাস কৰোঁ যে কন্যা সন্তানক সক্ষম কৰা মানে সমাজক শক্তিশালী কৰা। বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত শিক্ষাৰ গুৰুত্বত জোৰ দি আমি এটা স্বনির্ভৰ প্ৰজন্ম গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ, যাৰ ফলত সমাজৰ বহু বেয়া দিশ নোহোৱা হ’ব। এইসকল কন্যাই উদ্যোগপতি হিচাপে নিজৰ ভৱিষ্যৎ গঢ় দিব পাৰিব আৰু এইক্ষেত্ৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানেও তেওঁলোকক সহায় কৰিব।
একেদৰে, আমাৰ সকলো আঁচনি এটা মূদ্ৰাৰ ইপিঠি সিপিঠি। অৰুণোদয় আঁচনিও স্বাস্থ্য আৰু শিক্ষাৰ সহায়ক হিচাপে কাম কৰে। ৰাজ্যৰ প্ৰতিটো অঞ্চল ভ্ৰমণৰ সময়ত মই বহু মাতৃ আৰু ভগ্নীসকলৰ সৈতে সাক্ষাৎ হৈছোঁ আৰু আমি জানিবলৈ পাই আনন্দিত যে তেওঁলোকে সঁচাকৈয়ে চৰকাৰৰ এই পদক্ষেপসমূহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। এনে আঁচনিৰ লক্ষ্য হৈছে জনতাক স্বনির্ভৰ কৰি তোলা, চৰকাৰ-নির্ভৰ নহয়।
এই সকলোৰে মাজত আমি ১৫,০০০ৰো অধিক যুৱক-যুৱতীক চৰকাৰী নিযুক্তি দিয়াৰ ঘোষণা কৰিছোঁ, যাৰ ভিতৰত আৰক্ষী নিযুক্তিও অন্তৰ্ভুক্ত। এই নিযুক্তিৰে আমি এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছোঁ ~ নিৰ্বাচনী প্ৰতিশ্ৰুতিক বাস্তৱত ৰূপায়ণ কৰাটো সম্ভৱ। আমি প্ৰতিশ্ৰুতি দিছিলোঁ ১ লাখ নিযুক্তিৰ, কিন্তু এতিয়ালৈ প্ৰায় ২ লাখৰো অধিক নিযুক্তি দিবলৈ সক্ষম হ’লোঁ আৰু সকলো নিযুক্তি সম্পূৰ্ণ স্বচ্ছ আৰু মেধাৰ ভিত্তিত প্ৰদান কৰা হৈছে।
দীৰ্ঘ সময়ৰ পাছত চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰতি ৰাইজৰ বিশ্বাস আমাৰ চৰকাৰে ঘূৰাই আনিছে। এই গৌৰৱৰ বিষয় কেৱল চৰকাৰৰ বাবে নহয়, এয়া সমগ্ৰ সমাজৰ বাবেই এক আশাৰ বতৰা। এয়া হৈছে চৰকাৰ নামৰ প্ৰতিষ্ঠানৰ জয়, কোনো ব্যক্তিগত প্ৰতিষ্ঠানৰ জয় নহয়। সেয়ে মই সদায় কৈ আহিছোঁ যে নেতৃত্বৰ দৃষ্টিভংগী হ’ব লাগে দীঘলীয়া সময়ৰ বাবে সমাজৰ গঠনমূলক কাম-কাজ।
আমাৰ চি এম-ফ্লাইট কাৰ্যসূচীও যুৱসমাজ আৰু দক্ষতা বিকাশক প্ৰাধান্য দি আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত আমাৰ যুৱচামে জাপানী ভাষা শিক্ষা লাভ কৰাৰ সুযোগ পাব, যাতে তেওঁলোকে ভাৰতত তথা জাপানত কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে। দক্ষ কৰ্মশক্তি প্ৰতিখন দেশ আৰু প্ৰতিটো প্ৰতিষ্ঠানৰ বাবে অমূল্য সম্পদ। এয়া কেৱল আৰম্ভণিহে, জাপানী ভাষাৰ পাছত আন ভাষাও অন্তর্ভুক্ত কৰা হ’ব, যাতে আমাৰ যুৱসমাজে অধিক বিকল্প সুযোগ পায় আৰু অধিক সক্ষম হয়। যিমান বিকল্প থাকে, তাতেই নিহিত থাকে সক্ষমতাৰ প্ৰকৃত অৰ্থ।







