জীৱৰ বিৱৰ্তনৰ দৰেই প্ৰশাসন ব্যৱস্থাৰো বিৱৰ্তন এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া। অতীজৰ পৰা চলি অহা শ্ৰেষ্ঠ ব্যৱস্থাৰ সৈতেও প্ৰশাসনৰ নীতিসমূহ সংৰক্ষণশীল কৰি ৰখাটো নিৰ্ধাৰিত কৰিব নোৱাৰি। অসমৰ দৰে বহু-সাংস্কৃতিক আৰু বহুমাত্ৰিক প্ৰত্যাহ্বানযুক্ত ৰাজ্য এখনৰ প্ৰশাসনৰ প্ৰত্যাহ্বানসমূহো ভিন্ন হৈ পৰে। ছাত্ৰ জীৱনৰ পৰা ৰাজনৈতিক জীৱনলৈ মোৰ এই জীৱন পৰিক্ৰমাত অসমে লাভ কৰা এনে বহু প্ৰত্যাহ্বানৰ সাক্ষী হৈছোঁ। এয়া সত্য যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ দ্বাৰা নিৰ্ধাৰিত নীতি প্ৰস্তুত কৰাৰ বাবে জিলা আয়ুক্ত আৰু অন্যান্য চৰকাৰী বিষয়াসকলে দৈনিক কাম কৰিব পৰা এক সুনিৰ্ধাৰিত গাঁথনি আছে। তথাপি সমগ্ৰ দেশত সেৱা প্ৰদান ব্যৱস্থাৰ সু-অভিপ্ৰায় থকা সত্ত্বেও লক্ষাধিক এনে ব্যক্তি আছে যি কিছুমান সেৱা লাভৰ পৰা বঞ্চিত হৈ আহিছে। নিজ স্বাৰ্থ সিদ্ধিৰ বাবে ২০০ বছৰতকৈও অধিক কাল বিভিন্ন ৰূপত দেশ শাসন কৰা ব্ৰিটিছসকলৰ পূৰ্বেও প্ৰজাহিতকৰ ৰজাসকলৰ শাসনতো এনে প্ৰত্যাহ্বানসমূহ দেখা পোৱা গৈছিল। মোৰ অভিজ্ঞতাোৰ পৰা মই অনুভৱ কৰিছিলোঁ যে প্ৰশাসন ব্যৱস্থাত অনা পৰিৱৰ্তনেহে সেৱা প্ৰদানৰ ক্ষেত্ৰত প্ৰান্তীয়সকলৰ সমস্যাৰ সমাধান কৰিব।
উল্লিখিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈকে আমি সমজিলাৰ ধাৰণাটোক গঢ় দিছিলোঁ। সমজিলা ব্যৱস্থাই মহকুমাৰ প্ৰয়োজনীয়তা আঁতৰ কৰি ‘এখন জিলাৰ ভিতৰত জিলা’ সৃষ্টি কৰি অধিক প্ৰশাসন ব্যৱস্থাৰ সুবিধা প্ৰদান কৰে। এই ব্যৱস্থাই জিলা আয়ুক্তৰ অধীনস্থ বিষয়াসকলৰ ক্ষমতাক স্পষ্ট কৰি জিলা আয়ুক্তগৰাকীক প্ৰয়োজনীয় ক্ষেত্ৰসমূহত কৰ্ম সম্পাদনৰ অধিক সুবিধা প্ৰদান কৰিব। এই ক্ষমতাৰ ভাগ-বাটোৱাৰা তথা দায়িত্বৰ কাৰ্যকৰী হস্তান্তৰৰ জৰিয়তে উন্নত প্ৰশাসনৰ সুযোগ সৃষ্টি হ’ব যেন মোৰ অনুভৱ হয়। এগৰাকী বিষয়াই এই ক্ষমতাৰ ভাগ-বাটোৱাৰা ভালদৰে উপলব্ধি কৰিব পাৰিব যেতিয়া জনসাধাৰণৰ বাবে ইয়াৰ ফলাফল স্পষ্টৰূপত অনুধাৱন কৰিবলৈ সক্ষম হ’ব। জিলা আয়ুক্তগৰাকীয়ে এতিয়া অত্যধিক নিয়মীয়া কামৰ পৰা মুক্ত হৈ জিলাখনৰ উন্নয়ন আৰু জনসাধাৰণৰ প্ৰগতিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ সক্ষম হ’ব।
আমাৰ চৰকাৰে উন্নত প্ৰশাসন তথা সুশাসন ব্যৱস্থাক কাৰ্যকৰী কৰাৰ বাবে এই আৰ্হিটোৰ প্ৰৱৰ্তন কৰিছে। কাৰ্যকৰী নীতি নিৰ্ধাৰণৰ বাবে তথ্য আদান-প্ৰদান অতি জৰুৰী আৰু এই ব্যৱস্থাই ইয়াক সক্ৰিয় কৰি ৰাখিব। এই ব্যৱস্থাৰ আমি আৰম্ভ কৰিছোঁহে আৰু ইয়াৰ সুফলৰ বাবে আমি কিছুদিন অপেক্ষা কৰিব লাগিব যদিও এটা কথাত মই নিশ্চিত যে স্বাধীন ভাৰতৰ প্ৰশাসনৰ ইতিহাসত, জনসাধাৰণৰ সেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত এয়া এক উল্লেখনীয় পদক্ষেপ হিচাপে স্বীকৃত হ’ব। সময় পাৰ হৈ যোৱাৰ লগে লগে আমি অভিজ্ঞতাৰ সঞ্চয় কৰিম আৰু অভিজ্ঞতাই আমাক বহু কথা শিকাব আৰু এই শিক্ষা এখন কাৰ্যকৰী চৰকাৰৰ বাবে অতি প্ৰয়োজনীয়।
আমাৰ চৰকাৰে উন্নত প্ৰশাসন তথা সুশাসন ব্যৱস্থাক কাৰ্যকৰী কৰাৰ বাবে এই আৰ্হিটোৰ প্ৰৱৰ্তন কৰিছে। কাৰ্যকৰী নীতি নিৰ্ধাৰণৰ বাবে তথ্য আদান-প্ৰদান অতি জৰুৰী আৰু এই ব্যৱস্থাই ইয়াক সক্ৰিয় কৰি ৰাখিব। এই ব্যৱস্থাৰ আমি আৰম্ভ কৰিছোঁহে আৰু ইয়াৰ সুফলৰ বাবে আমি কিছুদিন অপেক্ষা কৰিব লাগিব যদিও এটা কথাত মই নিশ্চিত যে স্বাধীন ভাৰতৰ প্ৰশাসনৰ ইতিহাসত, জনসাধাৰণৰ সেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত এয়া এক উল্লেখনীয় পদক্ষেপ হিচাপে স্বীকৃত হ’ব। সময় পাৰ হৈ যোৱাৰ লগে লগে আমি অভিজ্ঞতাৰ সঞ্চয় কৰিম আৰু অভিজ্ঞতাই আমাক বহু কথা শিকাব আৰু এই শিক্ষা এখন কাৰ্যকৰী চৰকাৰৰ বাবে অতি প্ৰয়োজনীয়। জনসাধাৰণৰ কল্যাণৰ বাবে সৰ্বশ্ৰেষ্ঠ কি হ’ব সেই বিষয়ে শিক্ষা লোৱাৰ ক্ষেত্ৰত লজ্জিত হোৱাৰ কোনো কাৰণ নাথাকে। আমাৰ এই পদক্ষেপে ৰাইজৰ ভ্ৰমণত ব্যয় হোৱা সময়, যাতায়াত ব্যয় আদি হ্ৰাস কৰিব।
এনে এক উদ্দেশ্য আগত ৰাখিয়ে যোৱা মাহত আমি মিছন বসুন্ধৰা ৩.০ আৰম্ভ কৰিলোঁ। ৰাজহুৱা জীৱনত লাভ কৰা শিক্ষাৰ পৰা মই অনুভৱ কৰোঁ এগৰাকী ব্যক্তিৰ বাবে ভূমিৰ অধিকাৰ কি? প্ৰথম দুটা পৰ্যায়ত মিছন বসুন্ধৰা অভিযান কাৰ্যকৰীভাৱে ৰূপায়ণ কৰাৰ পাছত আমি আকাংক্ষিত লক্ষ্যত উপনীত হোৱাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিছোঁ। প্ৰথম দুটা পৰ্যায়ৰ অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষাৰ বাবে এতিয়া অধিক স্পষ্ট আৰু নিৰ্ধাৰিত চৰ্তৰ সৈতে অসুবিধা হ্ৰাস কৰি থলুৱাসকলৰ বাবে ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মিছন বসুন্ধৰা ৩.০ক অধিক উন্নত ৰূপ প্ৰদান কৰাৰ চেষ্টা কৰা হৈছে। ভূমি অধিকাৰ প্ৰতিদিনে এক বিতৰ্কিত বিষয় হৈ আহিছে। উত্তৰ-পূৰ্বাঞ্চলত অত্যধিক জটিল নথি পত্ৰ আৰু আইন এইক্ষেত্ৰত প্ৰত্যাহ্বান হৈ আহিছে। মই নিশ্চিত যে মিছন বসুন্ধৰা ৩.০য়ে সকলো প্ৰত্যাহ্বান নেওচি লক্ষ্যত উপনীত হোৱাত আমাক সহায় কৰিব। ।
যোৱা ৩ অক্টোবৰ দিনটো মোৰ বাবে এক বিশেষ দিন আছিল। প্ৰায় চাৰি বছৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ পাছত আমাৰ মাতৃভাষাটোৱে এক স্বীকৃতি লাভ কৰিলে। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হ’ল। এই ঘোষণাই আমাৰ পুৰাতনীয়া ভাষাটোৰ সৈতে সংলগ্ন হৈ থকা অন্যান্য ঐতিহাসিক বৈশিষ্ট্যৰাজিক স্বীকৃতি প্ৰদান কৰিলে। ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ এই প্ৰক্ৰিয়াটোক লৈ অসমবাসীয়ে আজি গৌৰৱ কৰিব পাৰিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে এই মৰ্যাদা লাভ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ইতিবাচক ভূমিকাৰ বাবে আমি তেখেতৰ ওচৰত কৃতজ্ঞ। উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ কল্যাণ, বিকাশ আৰু অঞ্চলটিৰ সংস্কৃতি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হৃদয়ংগম কৰিছে। আমাৰ গৌৰৱ গামোচাখনৰ প্ৰতি থকা তেখেতৰ আদৰ আমি সকলোৱে বিভিন্ন মুহূৰ্তত লক্ষ্য কৰিছোঁ। মই ব্যক্তিগতভাৱে তেখেতৰ সাক্ষাৎ পালে অনুভৱ কৰি গৌৰৱাম্বিত হওঁ যে তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি আৰু মানুহক ইমান আপোন কৰি লৈছে।