মই সদায় বিশ্বাস কৰোঁ যে বৰ্ষপূৰ্তি অনুষ্ঠানবোৰ কেৱল উদযাপনৰ মাজতেই সীমাবদ্ধ নাথাকি এক নতুন আৰম্ভণি হোৱা উচিত। এনেধৰণৰ অনুষ্ঠানৰ সময়খিনিক মই আত্মবিশ্লেষণৰ দিন হিচাপে বিবেচনা কৰোঁ, য’ত আমি অনুভৱ কৰোঁ যে জনতাৰ বাবে আমি কেনেদৰে আৰু ভাল কাম কৰিব পাৰিলোহেঁতেন আৰু এইক্ষেত্ৰত ভৱিষ্যৎ পৰিকল্পনা কি!! ২০২৫ চনৰ ১০ মে’ত আমাৰ চৰকাৰে চাৰিবছৰ পূৰ্ণ কৰাৰ সময়ত মই এইখিনি কথাই চিন্তা কৰিছিলোঁ।
ৰাজ্যৰ অৰ্থনীতিৰ এতিয়া অভূতপূৰ্ব উত্তৰণ ঘটিছে। পৰিসংখ্যাই হৈছে ইয়াৰ সাক্ষী। আমাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন, আয় আহৰণ আৰু ঔদ্যোগিক সংস্কাৰসমূহে এতিয়ালৈকে সুফল দিছে। আমি বৰ্তমান দেশৰ আটাইতকৈ দ্ৰুতগতিত আগবাঢ়ি অহা ৰাজ্যসমূহৰ ভিতৰত অন্যতম। যদিও আমাৰ ঔদ্যোগিকীকৰণৰ ক্ষেত্ৰখন কিছু পলমকৈ আৰম্ভ হৈছিল, তথাপি কিন্তু এতিয়া এই দিশত আমাৰ ৰাজ্যই আন উন্নত ৰাজ্যবোৰৰ সৈতে সমভাৱে আগবাঢ়ি গৈছে। ভাৰতৰ অগ্ৰণী ঔদ্যোগিক প্ৰতিষ্ঠানৰ এক বৃহৎ অংশই ইতিমধ্যে এডভাণ্টেজ আছাম ২.০-ৰ সফলতা আৰু ৰাজ্যৰ স্থায়ী শান্তিপূৰ্ণ পৰিৱেশৰ বাবে অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে আৰু আন ৰাষ্ট্ৰীয়/আন্তঃৰাষ্ট্ৰীয় কোম্পানীবোৰেও আমাৰ ৰাজ্যত বিনিয়োগৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। আমি কৃতজ্ঞ যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ব্যক্তিগতভাৱে কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ঔদ্যোগীকৰণৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তোলাত গুৰুত্ব দিছে।
জাগীৰোডত স্থাপন হোৱা টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প বিগত চাৰিবছৰত হোৱা আমাৰ আটাইতকৈ ডাঙৰ সফলতা হিচাপে গণ্য হ’ব — যিয়ে পৰম্পৰাগত উদ্যোগৰ পৰা ফালৰি কাটি এক নতুন ঔদ্যোগীকৰণৰ পৰিৱেশ গঢ়ি তুলিব আৰু ব্যাপক কৰ্মসংস্থাপন সৃষ্টি কৰি ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰিব। স্থানীয় উদ্যোগপতিসকলেও এতিয়া এই পদক্ষেপৰ সুফল ল’বলৈ আৰম্ভ কৰিছে। প্ৰায় প্ৰতিমাহেই অসমৰ বিভিন্ন অনুষ্ঠান/প্ৰতিষ্ঠানে নতুন বিনিয়োগৰ উদ্দেশ্যে আমাৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এয়া অত্যন্ত উৎসাহজনক। মই আপোনালোকক পুনৰবাৰ জনাব বিচাৰোঁ যে কিছু বছৰৰ আগলৈকে এইসকল উদ্যোগপতিয়ে ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতি আৰু অনিশ্চয়তাৰ বাবে তেওঁলোকৰ পুঁজি আন ৰাজ্যত বিনিয়োগ কৰাৰ চিন্তা-চৰ্চা কৰিছিল। আজি তেওঁলোক কেৱল উভতি অহাই নহয়, বৰঞ্চ সকলোকে বুজাই দিব বিচাৰিছে যে অসম হৈছে দেশৰ ঔদ্যোগিক ক্ষেত্ৰৰ এক বৃহৎ অংশীদাৰী ৰাজ্য। ঔদ্যোগিক নীতি, সহায়ৰ মনোভাব আৰু সক্ৰিয় প্ৰশাসনিক ব্যৱস্থা তথা ঔদ্যোগিক পৰিৱেশে আমাৰ লক্ষ্যত উপনীত হ’বলৈ শক্তিশালী ভূমিকা পালন কৰিছে। মই আৰু আমাৰ চৰকাৰ অৱগত যে সন্মুখত আমাৰ বহু প্ৰত্যাহ্বান আছে আৰু আমি সেই প্ৰত্যাহ্বানসমূহক জয় কৰিবলৈ দৃঢ় প্রতিজ্ঞ।
আমাৰ চৰকাৰে সদায় ৰাইজৰ প্ৰয়োজন অনুভৱ কৰি কাম কৰিছে। কৰ্মসংস্থাপন সৃষ্টি আৰু সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰত কৰা আমাৰ প্ৰচেষ্টাই ইতিমধ্যে যথেষ্ট সুফল দিছে। আমি ইতিমধ্যে এক লাখৰো অধিক চৰকাৰী নিযুক্তি সৃষ্টি কৰিছোঁ আৰু এই সংখ্যা বৃদ্ধিৰ প্ৰয়াস কৰি আহিছোঁ। ৰাইজে আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰত থকা প্রতিশ্ৰুতিতকৈ অধিক বাস্তৱ ৰূপায়ণ কৰা বুলি আমাৰ চৰকাৰক প্ৰশংসা কৰিছে। এখন নিৰ্বাচিত চৰকাৰৰ দায়িত্ব কেৱল প্রতিশ্ৰুতি দিয়াই নহয়, তাৰ সমান্তৰালকৈ সেই প্ৰতিশ্ৰুতি পালন কৰাৰ দায়িত্বও আহি পৰে। “অৰুণোদয়” আঁচনিত মাহিলী সাহায্যৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে হিতাধিকাৰীৰ সংখ্যাও মূল্যাংকনৰ পাছত বৃদ্ধি কৰা হৈছে। তদুপৰি স্বাস্থ্য সেৱাতো যথেষ্ট উন্নতি ঘটিছে। চিকিৎসা মহাবিদ্যালয়, চিকিৎসালয় আৰু কেঞ্চাৰ সেৱাৰ প্ৰতিষ্ঠানসমূহৰ সংখ্যাই এই উন্নতিৰ অন্যতম উদাহৰণ। প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰৰ পৰিমাণ হ্ৰাস হোৱাটোৱে প্ৰমাণিত কৰে যে আমি চাৰি বছৰত ৰোপণ কৰা বীজ এতিয়া এডাল ফল ধৰা গছত পৰিণত হৈছে। ফল পকিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’লেও ইয়াৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈছে। আমি জানো যে এয়া এক অবিৰত যাত্ৰা আৰু ইয়াৰ পৰা আমি অধিক আশা কৰিব পাৰোঁ। “আমি কৰিম”—এয়া হৈছে ৰাজ্যবাসীৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি।
বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে আমি চলোৱা অভিযান দেশজুৰি চৰ্চাৰ বিষয় হৈছে। বহু ৰাজ্যই আমাৰ এই প্ৰয়াসক অনুসৰণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। এই কথাটোৱে স্পষ্ট কৰে যে যদি কাৰ্যকৰী সুশাসন ব্যৱস্থাই চৰকাৰৰ লক্ষ্য হয়, তেন্তে উন্নয়নত আন কোনো কথাই হেঙাৰ হ’ব নোৱাৰে। আমাৰ মূল মন্ত্র হৈছে – “জনতাৰ সেৱা।”
অর্থনীতি, স্বাস্থ্য আৰু জনকল্যাণৰ মাজত আমি আমাৰ সংস্কৃতিকো পাহৰি যোৱা নাই। বিহু নাচ আৰু ঝুমুইৰ নৃত্যৰ বিশ্বজনীন প্ৰসাৰৰ প্ৰচেষ্টা ইতিমধ্যে সফল হৈছে। আমি যেতিয়া হাজাৰ হাজাৰ নৃত্যশিল্পী আৰু বাদ্যযন্ত্ৰীৰ অংশগ্ৰহণেৰে এই দুয়োটা বৃহৎ কাৰ্যসূচী ৰূপায়ণৰ সাহসী প্ৰচেষ্টা গ্ৰহণ কৰিছিলোঁ, তেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজে অনুষ্ঠান দুটিত উপস্থিত হৈ আমাৰ উৎসাহ বৃদ্ধি কৰিছিল। ঠিক একেদৰে, আমি লাচিত বৰফুকনৰ বীৰত্বক বিশ্বৰ মঞ্চলৈ লৈ যাবলৈ যি প্ৰচেষ্টা কৰিলোঁ, সেয়াও সফল হ’ল। যেতিয়া মানুহে মোক জনায় যে তেওঁলোক এতিয়া লাচিত বৰফুকনৰ বীৰত্বৰ গাথাৰ বিষয়ে অৱগত, তেতিয়া মই গৌৰৱ অনুভৱ কৰোঁ। এয়া কেৱল সদিচ্ছাৰ বিষয়। আন বহু চৰকাৰ য’ত ব্যৰ্থ হৈছিল, আমি সেই স্থানতেই সফল হ’লোঁ — কাৰণ আমাৰ লগত ৰাইজ সাহস হৈ থকাৰ লগতে আমাৰ সৎ উদ্দেশ্য জড়িত হৈ আছে। মই অসমৰ ৰাইজক বিশ্বাস দিব বিচাৰোঁ যে অসমৰ স্বাৰ্থৰ কথা আহিলেই আমি নিঃস্বাৰ্থভাৱে কাম কৰাৰ মনোভাব ভৱিষ্যতলৈও অব্যাহত ৰাখিম।







