লুইতৰ পাৰৰ এই সেউজ অসমত শৈশৱ পাৰ কৰিবলৈ পোৱাটো মোৰ সৌভাগ্য। গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ শিষ্য শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মভূমি এই অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু ইয়াৰ মানুহবোৰে আমাৰ শৈশৱ জীপাল কৰি ৰাখিছিল। মই ডাঙৰ হৈছোঁ লাচিতৰ বীৰ গাথা শুনি, সতী জয়মতীৰ সাহস তথা আহোম স্বৰ্গদেউসকলৰ বিচক্ষণতাৰ কাহিনী শুনি। গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ চিন্তাশীলতা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ড০ ভূপেন হাজৰিকাৰ সাংস্কৃতিক মননশীলতা আদিৰ এখন দীঘলীয়া তালিকাই আজিৰ মোক গঢ়ি তুলিছে। এজন প্ৰকৃত অসমীয়া হিচাপে আমাৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ত লিখিত প্ৰতিটো শব্দক মই মোৰ সিৰাই সিৰাই অনুভৱ কৰোঁ। মই বুকু ডাঠি ক’ব পাৰোঁ যে মোৰ জীৱনকালত মই এই ভূমিক সঞ্জীৱিত কৰি ৰখাৰ বাবেই কৰ্ম কৰি গৈছোঁ। যদি কোনোৱে মোৰ মাটিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ দুঃসাহস কৰে তেন্তে মই সহ্য কৰিব নোৱাৰোঁ। এই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে যদি মই অনুভৱ কৰোঁ যে মোৰ ৰাইজ নিৰাপত্তাহীনতাৰ মুখামুখি হৈছে তেন্তে মই মোৰ ৰাজ্য আৰু মোৰ দেশৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ সাংবিধানিক কৰ্তব্যত নিজকে বিফল বুলি বিবেচনা কৰিম। চাৰিটা দশক মই এক নিকৃষ্ট চিন্তাৰ এচাম মানুহৰ নেতিবাচক ধাৰণাৰ সাক্ষী হৈছোঁ। এনে পৰিকল্পিত আৰু প্ৰৱঞ্চনাৰ ৰাজনীতিৰ মাজত আমাৰ অসমীয়া হোৱাৰ গৌৰৱে বাৰে বাৰে অগ্নিপৰীক্ষাৰ মুখামুখি হৈছে। ৰাইজে মোক ৰাজ্যখনৰ সামগ্ৰিক চিন্তাক আগুৱাই নিয়াৰ দায়িত্ব অৰ্পণ কৰিছে যেতিয়া এই নেতিবাচক চিন্তাবোৰক সাংবিধানিক, ৰাজনৈতিক তথা কঠোৰ নীতিৰে হ’লেও প্ৰত্যাহ্বান জনাইছোঁ। সেয়েহে আমাৰ চৰকাৰে সীমান্তৰ সিপাৰৰ পৰা হোৱা অনুপ্ৰৱেশ আৰু অন্যান্য কাৰণত এখনৰ পাছত এখনকৈ অসমৰ জিলাসমূহত পৰিৱৰ্তন হোৱা জনগাঁথনিৰ এখন শ্বেতপত্ৰ উপস্থাপন কৰিবলৈ প্ৰস্তুতি চলাই থকাৰ সময়ত মই আমাৰ অসমীয়া ভাই-ভনীসকলক সুৰক্ষা দিয়াৰ বাবে পৰ্যাপ্ত সকলো পদক্ষেপ গ্ৰহণ কৰিম। আমাৰ চৰকাৰ শাসনত থকালৈকে সকলোৰে প্ৰতি সমদৃষ্টিৰে এই আৰ্হিৰ প্ৰতিবাদ, সুৰক্ষা আৰু স্থায়ী সমাধানৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰি যাব। মই আমাৰ এই গৌৰৱময় ভূমিক কোনো কাৰণত অনুপ্ৰৱেশ আৰু ধৰ্মীয় নক্সাৰ পাকচক্ৰত পৰিবলৈ দিব নোৱাৰোঁ। মোৰ মতে এই শ্বেতপত্ৰখনে আমাৰ লোকসকলৰ দৃষ্টি মুকলি কৰি আমাক ঐক্যবদ্ধ হৈ থাকিবলৈ সজাগ কৰি তুলিব, নিজৰ অধিকাৰ আৰু অস্তিত্বৰ বাবে বীৰ লাচিতৰ দৰে যুঁজ দি আমাৰ ভূমিক সুৰক্ষিত কৰিবলৈ সচেতন কৰি তুলিব। মই ভাবোঁ যে নিজৰ মাতৃভূমিৰ অস্তিত্ব ৰক্ষা কৰি শৰাইঘাটৰ যুঁজত জয়ী হোৱা কিংবদন্তি আহোম সেনাপতিগৰাকীৰ প্ৰতি এয়া হ’ব আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি।
এই সকলো বিষয়ৰ মাজত এটা কথাত মই নিশ্চিত যে আজি অসমৰ যুৱপ্ৰজন্মৰ আকাংক্ষা হৈছে উন্নয়ন। এই ৰাজ্যখনৰ দায়িত্বভাৰ গণতান্ত্ৰিকভাৱে ৰাইজে মোক অৰ্পণ কৰিছে যেতিয়া মই মোৰ সৰ্বশক্তিৰে যুৱপ্ৰজন্মৰ সংস্থাপনৰ লগতে অসমৰ বিকাশৰ বাবে কাম কৰি যাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যখনত সহস্ৰাধিক কোটি টকাৰ বিনিয়োগৰ পৰা আৰম্ভ কৰি আজি আমি দেশৰ শ্ৰেষ্ঠ ৰাজ্যসমূহৰ সৈতে সফলতাৰে প্ৰতিযোগিতা কৰিবলৈ সমৰ্থ হৈছোঁ আৰু বৃ্হৎ কৰ্প’ৰেট হাউছসমূহক অসমৰ সম্ভাৱনা সম্পৰ্কে অৱগত কৰিবলৈ সক্ষম হৈছোঁ। টাটাই তেওঁলোকৰ উচ্চাকাংক্ষী প্ৰকল্পৰ সৈতে ৰাজ্যখনত বিনিয়োগ কৰিবলৈ আগুৱাই আহিছে। জাগীৰোডৰ অৰ্ধপৰিবাহী প্ৰকল্প এই দিশত এক অনন্য সফলতা। এই প্ৰকল্পত সহস্ৰাধিক প্ৰত্যক্ষ সংস্থাপনৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন আনুষংগিক প্ৰকল্পৰ জৰিয়তে অঞ্চলটোত উদ্যিমিতা আৰু সংস্থাপন বিকশিত কৰিব। আত্মনিৰ্ভৰশীলতা আৰু সমৃদ্ধিৰ দিশত এয়া এক অনন্য পদক্ষেপ। আমি বিচাৰিছোঁ যিসকল অভিভাৱকে তেওঁলোকৰ সন্তানক বহিঃৰাজ্যত চাকৰিৰ বাবে পঠিয়াবলগীয়া হৈছিল, সেইসকল অভিভাৱকে অহা কেইটামান বছৰত তেওঁলোকৰ সন্তানক ইয়াতে সংস্থাপিত হোৱা দেখা পাব। ।
আমি সাক্ষী হ’বলৈ গৈ আছোঁ এক বৃ্হৎ আয়োজনৰ। এক ঐতিহাসিক আয়োজনৰ জৰিয়তে আমি সাক্ষী হ’ম অসমৰ ৮,০০০গৰাকী শিল্পীয়ে একেলগে প্ৰদৰ্শন কৰিবলগীয়া ঝুমইৰৰ। যোৱা বছৰৰ বিহুনাচৰ প্ৰদৰ্শনৰ আৰ্হিতেই এই অনুষ্ঠান আয়োজন কৰা হ’ব। এয়া অভিলেখ গঢ়াৰ প্ৰচেষ্টা নহয়, আমি বিশ্ববাসীক দেখুৱাবলৈ বিচাৰিছোঁ আমাৰ চহকী সংস্কৃতিৰ এক চানেকি, আমাৰ চাহ বাগিচাৰ ভাই-ভনীসকলৰ সাংস্কৃতিক ঐতিহ্য। আমাৰ ৰাজ্যখনলৈ তেওঁলোকৰ অৱদান অনন্য, তেওঁলোকৰ বাবেই আজিও বিশ্বই ‘অসমৰ চাহ’ক আৰু চাহৰ ভূমি অসমক চিনে। তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্যক বিশ্বৰ সন্মুখলৈ লৈ যোৱাত পলম হ’ল। আমি এই প্ৰাপ্য স্বীকৃতি প্ৰদান কৰিবলৈ সংকল্পবদ্ধ।
অমৃত বৃক্ষ আন্দোলন ২.০ক সফল কৰি তুলিছে অসমৰ ৰাইজে। এই সহযোগিতাৰ বাবে মই আপোনাসৱৰ ওচৰত কৃতজ্ঞ। তিনি কোটি গছপুলি ৰোপণ কৰাতকৈও ডাঙৰ কথা হ’ল যে আমি বুজি উঠিছোঁ এজোপা গছে আমাৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে। মই আজি সম্পূৰ্ণ নিশ্চিত যে এনে ঐক্যবদ্ধ ইতিবাচক চিন্তাই অনাগত সময়লৈ আমাক জীপাল কৰি ৰাখিব।