শাওণৰ আকাশৰ ক’লা ডাৱৰবোৰ আঁতৰাই এই জুলাইত অসমত ভুমুকি মাৰিলে আনন্দৰ সূৰুযে। অসম আৰু অসমবাসীলৈ আনন্দৰ বতৰাৰে চৰাইদেউৰ মৈদামে লাভ কৰিলে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। এই ঘোষণা আছিল যুগান্তকাৰী – অসমীয়া আৰু ভাৰতীয়ৰ বাবে এয়া এক গৌৰৱময় মুহূৰ্ত। মাননীয় প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মোৰ ওচৰত আজি শব্দ শেষ হৈ গৈছে। মাননীয় প্ৰধানমন্ত্ৰীগৰাকীৰ বিশ্বাসৰ বাবেই এই মনোনয়ন লাভ কৰিছিল আৰু আজি এই স্বীকৃতিও লাভ কৰিলোঁ। এখন দেশে এটা বছৰত বিশ্ব ঐতিহ্য তালিকাৰ বাবে মাত্ৰ এখন স্থানহে মনোনীত কৰিব পাৰে আৰু ভাৰতৰ বাবে সেই স্থান চৰাইদেউৰ মৈদাম হৈ পৰিল তেখেতৰ এই বিশ্বাসৰ বাবে। মই মাননীয় প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যকালৰ সাক্ষী হৈ অনুভৱ কৰিছোঁ যে তেখেতে আমাৰ দৰে সাধাৰণজনৰ দৃষ্টিৰ ধূসৰতাৰ মাজত স্পষ্ট আৰু ইতিবাচক দৃষ্টিভংগী প্ৰদান কৰিব পাৰে। যিদিনাই তেখেতে মৈদামক অনুমোদন প্ৰদান কৰিলে মই সেইদিনাই নিশ্চিত হৈ পৰিছিলোঁ যে এই স্বীকৃতি মৈদামসমূহৰ বাবে বাস্তৱ হৈ পৰিল। এই স্বীকৃতিৰ আঁৰত থকা মোৰ পূৰ্বসুৰী, মনোনীত বিশেষজ্ঞসকল আৰু নাগৰিক সমাজৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰিবই লাগিব। এক কথাত এই সফলতাৰ মূল কাৰক আছিল সামূহিক দায়বদ্ধতা। বুজি পোৱাৰে পৰা মই এই মৈদামসমূহৰ অন্তৰ্নিহিত জ্যামিতিক আৰু স্থপতিবিদ্যাৰ সৌন্দৰ্যক লৈ চমকিত হৈ পৰিছিলোঁ। এয়া আহোমসকলৰে কৃতিত্ব যে ইতিহাসসমৃদ্ধ এই সমাধিথলসমূহ আজিও নিখুঁতভাৱে থিয় দি আছে।
এই মাহতে আমি ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ পৰিচালনাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবেও প্ৰশংসা বুটলিবলৈ সক্ষম হৈছোঁ। কেন্দ্ৰীয় চৰকাৰে ‘শিক্ষা সেতু অসম’ এপৰ প্ৰযুক্তিগত আৰু প্ৰশাসনিক দক্ষতাৰ বাবে ই-গভৰ্নেন্স বঁটা প্ৰদান কৰি স্বীকৃতি দিয়াৰ লগতে মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে ‘সমৰ্থ প’ৰ্টেল’ৰ ব্যৱহাৰ কৰাৰ দক্ষতাক আন ৰাজ্যসমূহে আঁকোৱালি লোৱাৰ পৰিকল্পনা কৰিছে। বিহাৰ আৰু গোৱাৰ শিক্ষা মন্ত্ৰী দুগৰাকীয়ে এনে ব্যৱস্থা নিজ ৰাজ্যত কাৰ্যকৰী কৰাৰ মানসৰে এই ব্যৱস্থাটো নিৰীক্ষণ কৰে। এই দুয়োটা এপ-আধাৰিত প্লেটফৰ্মত আমি কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি মানৱ আধাৰিত ত্ৰুটিসমূহৰ সম্ভাৱনা হ্ৰাস কৰি অতিৰিক্ত দক্ষতা প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। মোৰ অনুভৱ হয় যে এতিয়া আমি আমাৰ সুপ্ৰশাসন ব্যৱস্থাটোক অধিক দক্ষ কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাক আঁকোৱালি লোৱাৰ সময় আহি পৰিছে। মই শিক্ষাৰ্থীসকলকো আহ্বান জনাইছোঁ যে নিজৰ দক্ষতা বৃদ্ধি কৰাৰ হেতু তেওঁলোকে হাততে পোৱা প্ৰযুক্তিগত সঁজুলিৰ কাৰ্যকৰী ব্যৱহাৰ কৰিব লাগিব। সমৰ্থ প’ৰ্টেল ব্যৱহাৰ কৰি আমি আমাৰ উচ্চাভিলাষী আঁচনি প্ৰজ্ঞান ভাৰতীৰ অধীনত নামভৰ্তিৰ বাবে প্ৰদান কৰা ৰেহাইৰ ধন শিক্ষানুষ্ঠানসমূহক দ্ৰুতৰূপত বিতৰণ কৰিলোঁ। প্ৰজ্ঞান ভাৰতী আঁচনিখনৰ অধীনত এই বছৰ আমি অভিভাৱকৰ উপাৰ্জনৰ সীমা পূৰ্বৰ ২ লাখ টকাৰ বিপৰীতে ৪ লাখ টকালৈ বৃদ্ধি কৰিছোঁ। এইবাৰ নামভৰ্তিৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। অতি গুৰুত্বপূৰ্ণ আৰু ইতিবাচক বিষয়টো হ’ল যে ছাত্ৰীৰ নামভৰ্তিৰ অনুপাত এইবাৰ বৃদ্ধি পাইছে। পৰৱৰ্তী বছৰসমূহত যে মুঠ নামভৰ্তিৰ অনুপাত বৃদ্ধি পাব, সেয়া নিশ্চিত। আমি জুনত ঘোষণা কৰা নিযুত মইনা আঁচনিখনৰ লগতে এই আঁচনিখন অসমত নাৰী সবলীকৰণৰ দিশত অতিৰিক্ত সংযোজন বুলি উল্লেখ কৰিব পাৰি। মই আজি গৌৰৱেৰে উল্লেখ কৰিব পাৰোঁ যে আকাংক্ষিত লক্ষ্য প্ৰ্ৰাপ্তিৰ দিশত নীতিগত হস্তক্ষেপৰ জৰিয়তে উপলব্ধ সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ।
মই মাননীয় প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যকালৰ সাক্ষী হৈ অনুভৱ কৰিছোঁ যে তেখেতে আমাৰ দৰে সাধাৰণজনৰ দৃষ্টিৰ ধূসৰতাৰ মাজত স্পষ্ট আৰু ইতিবাচক দৃষ্টিভংগী প্ৰদান কৰিব পাৰে। যিদিনাই তেখেতে মৈদামক অনুমোদন প্ৰদান কৰিলে মই সেইদিনাই নিশ্চিত হৈ পৰিছিলোঁ যে এই স্বীকৃতি মৈদামসমূহৰ বাবে বাস্তৱ হৈ পৰিল।
জুলাইত আমাৰ চৰকাৰখনে আন এক সফলতাৰ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হ’ল। নিটি আয়োগে বছৰি প্ৰকাশ কৰা বহনক্ষম উন্নয়ন লক্ষ্য প্ৰতিবেদনৰ বহুকেইটা সূচকত আমি আগুৱাবলৈ সক্ষম হৈছোঁ।
অসমে দেশৰ প্ৰথমখন ৰাজ্যৰূপে চৰকাৰৰ কাৰ্যসূচীত বহনক্ষম উন্নয়ন লক্ষ্য(ৰাষ্ট্ৰসংঘৰ মানক) অন্তৰ্ভুক্ত কৰিছিল। আমি প্ৰথমবাৰ অৰ্থাৎ ২০১৮ বৰ্ষৰ এই প্ৰতিৱেদনত ৪৯ সূচকাংক লাভ কৰিছিলোঁ। তেতিয়াৰে পৰা লুইতৰ বুকুৱেদি বহু পানী বাগৰিল। আজি মহাবাহুৰ পাৰৰ এই ৰাজ্যখন দেশৰ ১০ দ্ৰুত উন্নয়ন হোৱা ৰাজ্যৰ এখন হৈ পৰিল। অসম আজি এখন ‘ফ্ৰণ্টৰানাৰ ষ্টেট’ আৰু সূচকাংক হৈছে ৬৫। আমি সুশাসন আৰু উন্নয়নৰ মাজেৰে এই দিশত আগবাঢ়িবলৈ সক্ষম হৈছোঁ। মই আজি এই লেখাৰ জৰিয়তে উল্লেখ কৰিবলৈ বিচাৰিম যে অহা দুটামান বছৰৰ ভিতৰত আমি আমি বহনক্ষম লক্ষ্য প্ৰাপ্তিৰ ৰাষ্ট্ৰীয় সূচকাংকতকৈ উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ম। দৰিদ্ৰতাৰ নিবাৰণৰ ক্ষেত্ৰত আমি লাভ কৰা অগ্ৰগতিয়ে মোক ব্যক্তিগত সন্তুষ্টি প্ৰদান কৰিছে। আমি দৰিদ্ৰতাৰ সূচক ৩৬ৰ পৰা ১৯লৈ হ্ৰাস কৰি জনসাধাৰণৰ জীৱন সুচল কৰিবলৈ সক্ষম হৈছোঁ যেন অনুভৱ হৈছে। এই দিশত অৰুণোদয়ৰ দৰে আঁচনিয়ে বিশেষ গুৰুত্ব বহন কৰিছে। আমাৰ নাৰীকেন্দ্ৰিক আৰু লিংগ-সমতাৰ নীতিসমূহে অনাগত দিনত অধিক আনন্দৰ বাৰ্তা কঢ়িয়াই আনিব। নীতিৰ ৰূপায়ণ হোৱাৰ পাছৰে পৰা ফলাফল লাভলৈ সময়ৰ এক ব্যৱধান থাকে। আমাৰ এই অগ্ৰগামী যাত্ৰাৰ খোজে খোজে জনসাধাৰণৰ সৰ্বাংগীণ বিকাশৰ দিশত আমি গ্ৰহণ কৰা দৃষ্টিভংগীৰ ইতিবাচক ফলাফলসমূহৰ সাক্ষী হৈ যাম।