জুলাই মাহৰ অন্তিমটো সপ্তাহত নতুন দিল্লীত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মোৰ শেহতীয়া বৈঠকখনে আকৌ এবাৰ প্ৰমাণ কৰিলে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ জনতাৰ প্ৰতি কিমান মৰম আৰু আগ্ৰহ প্ৰকাশ কৰে। মই তেখেতক অসমবাসীৰ হৈ ৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া অসমৰ গৌৰৱ সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিবলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনালোঁ। ইয়াৰ লগতে তেখেতে অসমত হোৱা বৃহৎ ঔদ্যোগিক উন্নয়নৰ অংশ হিচাপে কেইবাটাও বৃহৎ ঔদ্যোগিক প্ৰকল্প উদ্বোধনো কৰিব।
মই তেখেতক জনাওঁ যে অসমে এতিয়া আৰ্থ-সামাজিক সূচকসমূহত আগবাঢ়ি গৈছে। এই সকলোবোৰ সম্ভৱ হৈছে প্ৰধানমন্ত্ৰীৰ অবিৰত সমৰ্থন আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা তেখেতৰ সদ্ভাৱ আৰু আন্তৰিকতাৰ বাবে।
এই সুযোগতে মই কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীকো সাক্ষাৎ কৰোঁ। ইয়াৰ ভিতৰত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণো অন্যতম। সকলো কেন্দ্ৰীয় মন্ত্ৰীয়ে আমাৰ চৰকাৰৰ সামাজিক আৰু অৰ্থনৈতিক সফলতাৰ ক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰিছিল।
অসমৰ পৱিত্ৰ ভূমি আৰু বনাঞ্চলক অবৈধ দখলৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে কেতিয়াও আপোচ কৰা নাই। অবিৰতভাৱে চলি থকা এই অভিযানত আমি বুজাবুজিৰে, আইনৰ সহায় লৈ আৰু প্ৰয়োজন সাপেক্ষে বলপূৰ্বকভাৱেও হাজাৰ হাজাৰ হেক্টৰ ভূমি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। অসমবাসীয়ে বহুত সহ্য কৰিলে। আমাৰ সদিচ্ছাৰ অপব্যৱহাৰ কৰি ৰাজনৈতিকভাৱে সুযোগ লোৱাৰ দিন শেষ। সত্ৰ আৰু বনাঞ্চল কোনোপধ্যেই দখলৰ বাবে নহয়। মই স্পষ্টভাৱে ক’ব বিচাৰোঁ যে এই অভিযান অনাগত দিনতো অব্যাহত থাকিব।
এই অভিযান চৰকাৰে নহয়, জনগণে আগবঢ়াইছে। আমাৰ লক্ষ্য থলুৱা সম্প্ৰদায় বা ভূমিপুত্ৰসকলক হেঁচা প্ৰয়োগ কৰা নহয়, আমাৰ লক্ষ্য হৈছে আমাৰ ভূমি, মানুহ আৰু সম্পদৰ সুৰক্ষা।
এটা উদাহৰণ দিব বিচাৰিছোঁ। আমি যি ভূমি বেদখলমুক্ত কৰিছোঁ, সেই পৰিমাণ ১৬০ বৰ্গ কিল’মিটাৰ, অৰ্থাৎ চণ্ডীগড়ৰ তুলনাতো অধিক। দেশৰ কোনখন ৰাজ্যই এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে কওকচোন? বান আৰু খহনীয়াত আমি বৰ্ধিতভাৱে ভূমি হেৰুৱাইছোঁ। এতিয়া যদি আমি অবৈধ দখলৰ দ্বাৰাও ভূমি হেৰুৱাওঁ, তেন্তে আমি উন্নয়নৰ দিশেৰে আগবাঢ়িব নোৱাৰোঁ। এতিয়া আমি এই ভূমি উৎপাদনশীল কামত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু শীঘ্ৰে ইয়াৰ ফলাফলো দেখিবলৈ পাম।
অসমৰ সকলো প্ৰান্ততেই আমি আন্তঃগাঁথনিমূলক উন্নয়নৰ অভিযান অব্যাহত ৰাখিছোঁ, বিশেষকৈ ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী হিচাপে বিবেচিত ডিব্ৰুগড়ত এই পদক্ষেপ অব্যাহত আছে। স্বাধীনতাৰ পাছত অসমৰ ইতিহাসত উজনি অসমে যথাযথ স্থান লাভ কৰা নাছিল। এই অঞ্চল হৈছে অসমৰ অৰ্থনৈতিক উত্তৰণৰ অন্যতম মূল ইঞ্জিন, বিশেষকৈ খনিজ তেল, প্ৰাকৃতিক গেছ আৰু চাহৰ বাবে।
আমাৰ চৰকাৰে এই অঞ্চলবাসীৰ প্ৰতি কৃতজ্ঞ। আমি ইয়াত এখন বিধান সভা, বিধায়কসকলৰ বাবে হোষ্টেল আৰু আন আন আন্তঃগাঁথনি গঢ়ি তোলাৰ পৰিকল্পনা লৈছোঁ। আমাৰ চৰকাৰে এক ঐতিহাসিক নীতিগত সিদ্ধান্ত লৈছে, যাৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষিত হ’ব আৰু তেওঁলোকক বিশ্বমঞ্চত নিজৰ সুকীয়া স্থান লাভৰ সুযোগ দিব। আমি সিদ্ধান্ত লৈছোঁ যে তেওঁলোকক বিদেশী ভাষাত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম যাতে তেওঁলোকে নিজৰ দক্ষতা বৃদ্ধি কৰিব পাৰে। আৰম্ভণিত আমি ১৮০গৰাকী যুৱক-যুৱতীক জাপানী ভাষাত প্ৰশিক্ষণ দিম। ফলাফল বিশ্লেষণ কৰি আমি ইয়াৰ সম্প্ৰসাৰণো কৰিম আৰু আন ভাষা তথা অধিক যুৱক-যুৱতীক অন্তর্ভুক্ত কৰিম। CM-FLIGHT আঁচনিয়ে আমাৰ যুৱচামৰ সপোন বাস্তৱ কৰাত সহায় কৰিব।
শেহতীয়াকৈ আমি একেলগে সাতগৰাকী উপাচাৰ্য নিযুক্ত কৰিছোঁ – যিসকলে অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ নেতৃত্ব ল’ব। এই নিযুক্তিসমূহে আমাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক বিশ্বমানৰ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি ৰূপায়ণক প্ৰতিফলিত কৰিছে।





