• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Tuesday, March 21, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home মুখ্যমন্ত্ৰীৰ বাৰ্তা

মুখ্যমন্ত্ৰীৰ বাৰ্তা (অক্টোবৰ-২০২২)

- ড° হিমন্ত বিশ্ৱ শৰ্মা

October 1, 2022
in অসমীয়া, মুখ্যমন্ত্ৰীৰ বাৰ্তা
0
0
Musings of a Chief Minister

মোৰ মনৰ এই বাৰ্তা আপোনাসৱলৈ লিখি থকাৰ পৰতে আমি এক বিশেষ পদক্ষেপ ৰূপায়ণৰ দিশতো আগবাঢ়িলোঁ৷ মোৰ দৃঢ় বিশ্বাস যে এই প্ৰচেষ্টাই আমাৰ নীতি নিৰ্ধাৰণ আৰু ৰূপায়ণৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিব৷ আমি কাজিৰঙাত এক চিন্তন শিবিৰৰ আয়োজন কৰিছিলোঁ, য’ত সকলো বিভাগৰ প্ৰতিনিধি হিচাপে জ্যেষ্ঠ আমোলাসকলে অংশ লৈ বিভাগসমূহৰ নীতি নিৰ্ধাৰণ কৰে আৰু ২০২৬ চনত আমাৰ চৰকাৰে কাৰ্যকাল সম্পূৰ্ণ কৰালৈকে এই নীতিসমূহৰ কাৰ্যকৰীকৰণৰ ৰূপৰেখা প্ৰস্তুত কৰে৷ ‘অধিক প্ৰতিশ্ৰুতি আৰু কম কাম’ সাধাৰণতে এখন চৰকাৰৰ মাজত এনেধৰণৰ প্ৰৱণতাই দেখা যায়৷ কেতিয়াবা ইয়াৰ আঁৰত গ্ৰহণযোগ্য কাৰণ থাকে যদিও বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে আমি সঠিক কাৰ্যপন্থাৰ পৰা বিচলিত হোৱাৰ লগতে নিৰ্দিষ্ট সময়সীমাও স্পৰ্শ কৰিব নোৱাৰোঁ৷ সঠিক সময়ত প্ৰতিশ্ৰুতিসমূহ পূৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ চিন্তা-চৰ্চা চলি থাকিব আৰু প্ৰয়োজনত সংশোধনৰো অৱকাশ থাকিব৷

নিৰ্বাচনৰ সময়ত আমাৰ এটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি আছিল যে আমি চৰকাৰী খণ্ডত ১ লাখ নিযুক্তিৰ সৃষ্টি কৰিম৷ যোৱা মে’ত বিভিন্ন বিভাগত প্ৰায় ২৭,০০০ যুৱক-যুৱতীক স্বচ্ছ, নিকা আৰু নিৰপেক্ষ প্ৰক্ৰিয়াৰে নিযুক্তি দিয়াৰ পাছত এই ছেপ্টেম্বৰত যোগ্যতাৰ আধাৰত নিৰ্বাচিত ১১,০০০তকৈও অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰি আমি উক্ত প্ৰতিশ্ৰুতি পূৰণৰ দিশত আৰু এটি খোজ আগবঢ়ালোঁ৷ এওঁলোক সকলোৱে এতিয়া চৰকাৰী প্ৰণালীৰ অংশ হৈ অসমৰ জনসাধাৰণক এক দুৰ্নীতিমুক্ত আৰু দক্ষ প্ৰশাসন ব্যৱস্থাৰ সুবিধা প্ৰদান কৰিব৷ মই আশাবাদী যে তেওঁলোকে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ আৰু প্ৰকৃতাৰ্থত নীতিসমূহৰ ৰূপায়ণ কৰি উন্নত প্ৰশাসনিক সেৱা আগবঢ়াব৷

পূৰ্বতে মোৰ মনৰ বাৰ্তাত উল্লেখ কৰাৰ দৰে, নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ কৰণীয়সমূহৰ কিছু সীমাবদ্ধতা আছে৷ অৱশ্যে, যিকোনো ঠাইতে বিশেষকৈ অসমত চৰকাৰৰ সহযোগত ব্যক্তিগত খণ্ডই উন্নয়নৰ পথ সৃষ্টি কৰাৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনীয়তা আছে৷ চৰকাৰখনৰ এই সহযোগিতাৰ অংশস্বৰূপে চিজিটিএমএছই আৰু এছআইডিবিআই(ছিডবি)ৰ সৈতে দুখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়৷ ইয়াৰ ফলস্বৰূপে ৰাজ্যখনত সূক্ষ্ম, লঘু আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্ট আপ স্থাপনৰ পৰিৱেশ অধিক সুবিধাজনক হৈ উঠাৰ লগতে ই নিয়োগ সৃষ্টি আৰু মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন বৃদ্ধিতো সহায় কৰিব৷ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ এই ফলপ্ৰসূ সংযোগে অসমত ষ্টাৰ্ট আপৰ ছবিখন অধিক উন্নত আৰু বৃহৎ কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে৷ তথাপি মই আমাৰ অংশীদাৰসকলক জনাবলৈ বিচাৰিছোঁ যে আমি বাহিৰৰ পৰাই সহযোগ আগবঢ়াই যাম আৰু তেওঁলোকৰ গতিশীল প্ৰণালীটোত কোনোধৰণৰ হস্তক্ষেপ নকৰোঁ৷ মই আশাবাদী যে ভৱিষ্যৎ প্ৰজন্মৰ উদ্যমীসকলে অনাগত দিনত ৰাজ্যখনক আগুৱাই লৈ যাব৷ মই পুনৰ উল্লেখ কৰিবলৈ বিচাৰিছোঁ যে আমাৰ চৰকাৰে উদ্যমশীলতাৰ সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰি ৰাজ্যখনক ঔদ্যোগিক কেন্দ্ৰলৈ ৰূপান্তৰ কৰি নিয়োগসন্ধানীসকলক নিয়োগকৰ্তাৰ ৰূপত গঢ়ি তোলাৰ প্ৰচেষ্টাত ব্ৰতী হৈ ৰ’ব৷

অসমৰ উন্নয়ন যাত্ৰাৰ বাবে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ৷ তেওঁলোকো প্ৰকৃততে আমাৰ উন্নয়নৰ পথৰ সহযাত্ৰী৷ মই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা আমাৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ বাবে অহৰহ প্ৰয়াস কৰি আছোঁ৷ ইতিমধ্যে এইক্ষেত্ৰত অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ সৈতে বিশেষ অগ্ৰগতিও লাভ কৰিছোঁ৷ মই স্বীকাৰ কৰোঁ যে এনে আলোচনাৰ বাবে অলপ সময়ৰ প্ৰয়োজন হয়, কিন্তু অলপ বুজা-পৰা আৰু এৰা-ধৰাৰ মাজেৰে এনে সমস্যাৰ সমাধান যথেষ্ট সহজ৷ এই চিন্তাই আমাৰ মিজো ভাতৃ-ভগ্নীসকলক আঁকোৱালি ল’বলৈ উৎসাহিত কৰিছে৷ মই নতুন দিল্লীস্থিত অসম ভৱনত মিজোৰামৰ মাননীয় মুখ্যমন্ত্ৰী জ’ৰাম থাংগা ডাঙৰীয়াৰ সৈতে আগষ্টত আইজলত অনুষ্ঠিত মন্ত্ৰী পৰ্যায়ৰ আলোচনা সম্পৰ্কে পৰ্যালোচনা কৰোঁ৷ প্ৰথম পদক্ষেপৰ ৰূপত, আমি এই সমস্যাৰ আলোচনা আৰু সমাধানৰ অৰ্থে এখন আঞ্চলিক সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছোঁ৷

এটা কথা সৰ্বজনবিদিত যে শান্তিৰ সুবাস থাকিলেহে সমৃদ্ধিয়ে ৰিঙিয়াই মাতে৷ আমাৰ দৃঢ় সংকল্পৰ ভেটিত আমি শতাধিক আদিবাসী যুৱক-যুৱতীক অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আমাৰ সমৃদ্ধিৰ বাটৰ সংগী হ’বলৈ উৎসাহিত কৰিব পাৰিছোঁ৷ মই মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ব্যক্তিগত প্ৰচেষ্টাৰ বাবে তেখেতৰ ওচৰত ঋণী৷ আনহাতে, সশস্ত্ৰ সংগ্ৰামৰ পন্থাক পৰিত্যাগ কৰি উভতি অহা আমাৰ আদিবাসী ভাই-ভনীসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ৷

আমাৰ সফলতাৰ যাত্ৰাৰ আন এক মাইলৰ খুঁটি হ’ল অসম নাগৰিককেন্দ্ৰিক সেৱা বিতৰণ প্ৰকল্পত এআৰটিপিএছ-অধিসূচিত সেৱাৰ বাবে আৱেদনৰ সংখ্যা যোৱা মাহত চাৰি নিযুত অতিক্ৰম কৰিছে৷ আমাৰ নাগৰিককেন্দ্ৰিক সু-শাসন ব্যৱস্থাটোৰ ওপৰত আস্থা অটুট ৰখাৰ বাবে মই আপোনাসৱৰ ওচৰত অশেষ কৃতজ্ঞ৷

ShareTweetShare

Related Posts

Ganga Vilas docks on Assam’s shore
বিশেষ বাৰ্তা

গংগা বিলাস : বগীবিলত যাত্ৰা সম্পূৰ্ণ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী জাহাজে

March 3, 2023
576
Assam’s Bihu shot at Guinness
বিশেষ বাৰ্তা

বিহুটিক গীনিজ বুকৰ পৃষ্ঠাত খোদিত কৰাৰ লক্ষ্য

March 2, 2023
997
‘These two days are special’
বিধায়কৰ বাৰ্তা

মাতৃ-পিতৃ বন্দনা : দুটা বিশেষ দিন

March 2, 2023
688
Vety Dept to be revamped : CM
বিশেষ বাৰ্তা

পুনৰুজ্জীৱিত কৰা হ’ব পশু চিকিৎসা বিভাগক : মুখ্যমন্ত্ৰী

March 2, 2023
675
Yunus opens BTR Knowledge Fest
বিশেষ বাৰ্তা

বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ শুভাৰম্ভণি

March 2, 2023
793
Over 41 lakh evaluated in Gunotsav 2023
বিশেষ বাৰ্তা

গুণোৎসৱ ২০২৩ৰ সফল সমাপ্তি

March 2, 2023
721
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In