ৰাইজৰ প্ৰতি নিজকে কেনেদৰে উছৰ্গা কৰিছে তাৰ আধাৰতেই এখন চৰকাৰৰ মূল্যায়ন কৰা হয়৷ ২০২১ৰ মে’ত কাৰ্যভাৰ গ্ৰহণ কৰাৰে পৰা আমাৰ চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ দায়িত্ব শিৰত লৈ আপোনাসৱৰ সেৱাৰ্থে মনোনিৱেশ কৰিছে৷ প্ৰতিদিনে মই সংস্কাৰ সাধনৰ প্ৰয়োজনীয়তা থকা খণ্ডসমূহত গুৰুত্ব দিয়াৰ লগতে এনে আঁচনিসমূহৰ ৰূপায়ণৰ বিষয়ে চিন্তা কৰোঁ, যি ৰাইজৰ জীৱন উন্নত কৰিব পাৰে৷
মোৰ এই নিয়মীয়া শিতানত পূৰ্বেও উল্লেখ কৰিছোঁ যে আমি কেৱল খালী পদসমূহ পূৰ্ণ কৰিবলৈ চিন্তা কৰা নাই, আমি বিচাৰিছোঁ আজিৰ যুৱপ্ৰজন্মই কাৰ্যকৰী প্ৰশাসনৰ দিশত নিজৰ অৱদান আগবঢ়াওক৷ মই সচিবালয়ত প্ৰৱেশ কৰোঁতে বা আন চৰকাৰী বিভাগসমূহলৈ যাওঁতে, যেতিয়া হাঁহিৰে জীপাল হৈ থকা যুৱ কৰ্মশক্তিক দেখা পাওঁ, মই এক বুজাব নোৱৰা প্ৰশান্তি লাভ কৰোঁ৷ তেওঁলোকৰ এই হাঁহিৰ আঁৰত আছে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ প্ৰাপ্তি৷ এয়া এক প্ৰতিযোগিতামূলক আৰু স্বচ্ছ প্ৰণালীৰ মাধ্যমেৰে তেওঁলোকৰ যোগ্যতাই লাভ কৰা প্ৰাপ্তি৷ মই নিশ্চিত ইতিহাসে আমাক ৰাজ্যখনৰ আটাইতকৈ স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াটোক সুনিশ্চিত কৰাৰ কৃতিত্ব প্ৰদান কৰিব৷ একে আৰ্হিতে আমি ছেপ্টেম্বৰত আৰু দুটা পৰ্যায়ৰ পোনপটীয়া নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিছিলোঁ৷ এই পৰীক্ষাত ১১ লাখতকৈও অধিক প্ৰাৰ্থীয়ে তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ আৰু ৰাজ্যৰ বিকাশ আৰু সমৃদ্ধিত অৰিহণা যোগোৱাৰ প্ৰচেষ্টাত অৱতীৰ্ণ হৈছিল৷
আমি প্ৰতিভাশালী যুৱক-যুৱতীসকলক চৰকাৰী নিযুক্তি প্ৰদান কৰাৰ চেষ্টা অব্যাহত ৰাখিছোঁ যদিও এয়া আমি মনত ৰাখিছোঁ যে এনে সংস্থাপন সৃষ্টিৰ এটা সীমা আছে৷ ইয়াৰ সমাধানস্বৰূপে আমি আমাৰ চৰকাৰী আঁচনিসমূহ এনেদৰে প্ৰস্তুত কৰিছোঁ যাতে এই আঁচনিসমূহে জীৱনৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ ৰাইজক সহায় কৰিব পাৰে৷ যোৱা মাহত আমি অৰুণোদয় ৩.০ৰ আৰম্ভ কৰি আই-মাতৃসকলৰ জৰিয়তে ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ কৰাৰ আমাৰ সামগ্ৰিক ধাৰণাটোক এক নতুন ৰূপ প্ৰদান কৰিবলৈ সক্ষম হওঁ৷ দেশৰ মাননীয় প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰি এই ব্যৱস্থাৰ বাবে আমাৰ নাৰীশক্তি সবল হৈ পৰিব৷ জনসাধাৰণক আত্মনিৰ্ভৰশীল আৰু আত্মবিশ্বাসী কৰি তুলিবলৈ এই আঁচনিখনৰ পৰিকল্পনা কৰা হৈছিল৷ এতিয়া ৩৭ লাখতকৈও অধিক পৰিয়ালক অৰুণোদয়ে সামৰি ল’ব আৰু প্ৰতি মাহে তেওঁলোকে ১২৫০ টকাৰ বৰ্ধিত আবণ্টন লাভ কৰিব৷ আমি অৰুণোদয়ৰ ধন সময়মতে প্ৰদান কৰাৰ ব্যৱস্থা কৰিছোঁ৷ যাৰ অৰ্থনৈতিক স্থিতি উন্নত হৈছে বাবে বা যি পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰি লাভ কৰিছে তেওঁলোকৰ নাম তালিকাৰ পৰা কৰ্তন কৰিছোঁ৷ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ১৯.৯২ লাখ হিতাধিকাৰীক আমি ৰেচন কাৰ্ডৰ যোগ্য তালিকাত অন্তৰ্ভুক্ত কৰিছোঁ৷ এওঁলোকে এতিয়াৰে পৰা প্ৰতি মাহে বিনামূলীয়া খাদ্যসামগ্ৰী লাভ কৰিব৷ এই মনৰ বাৰ্তা লিখা পৰলৈকে ৰাজ্যখনৰ ৬৬.৮৬ লাখতকৈও অধিক পৰিয়ালক সামৰি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত ২.৩১ কোটিৰো অধিক লোকে বিনামূলীয়া চাউল লাভ কৰিছে৷ যোগ্যজনক আঁচনিসমূহত সামৰি লোৱাটো আমাৰ কৰ্তব্য৷
যোৱা মাহত আমি অৰুণোদয় ৩.০ৰ আৰম্ভ কৰি আই-মাতৃসকলৰ জৰিয়তে ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ কৰাৰ আমাৰ সামগ্ৰিক ধাৰণাটোক এক নতুন ৰূপ প্ৰদান কৰিবলৈ সক্ষম হওঁ৷ দেশৰ মাননীয় প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰি এই ব্যৱস্থাৰ বাবে আমাৰ নাৰীশক্তি সবল হৈ পৰিব৷
প্ৰশাসন ব্যৱস্থাৰ বিষয়ে জ্ঞাত হোৱাৰে পৰা মই উপলব্ধি কৰিছোঁ যে জনসাধাৰণৰ বাবে নিজৰ সমস্যা আৰু অভিযোগৰ সমাধানৰ অৰ্থে ৰাজধানী চহৰখন গুৰুত্বপূৰ্ণ গন্তব্যস্থান হৈ পৰে৷ এই প্ৰক্ৰিয়াত তেওঁলোকৰ মূল্যৱান সময় আৰু কঠোৰ পৰিশ্ৰমৰ ধন এক অপ্ৰয়োজনীয় অনুশীলনত ব্যয় হয় যেন অনুভৱ হয়৷ উজনি অসম আৰু বৰাক উপত্যকাৰ চহৰসমূহৰ পৰা চৰকাৰী বিষয়াসকলক লগ কৰিবলৈ ৰাজধানীলৈ অহাটো কষ্টকৰ হোৱাৰ লগতে ব্যয়বহুলো আছিল৷ আমাৰ চৰকাৰে ইয়াৰ এক সমাধানস্বৰূপে শেহতীয়াকৈ ডিব্ৰুগড়ত মুকলি কৰিলে মুখ্যমন্ত্ৰী সচিবালয়৷ উজনি আৰু উত্তৰ অসমৰ ৯খন জিলাৰ ৮০ লাখ লোকক এই সচিবালয়ে উপকৃত কৰিব৷ এতিয়া তেওঁলোকে গুৱাহাটীলৈ অহাৰ বিপৰীতে ডিব্ৰুগড়তে তেওঁলোকৰ বিষয়সমূহ উত্থাপন কৰিব পাৰিব৷ মুখ্যমন্ত্ৰী গুৱাহাটী বা ডিব্ৰুগড় য’তেই নাথাকক কিয়, এই সচিবালয়ে ৰাজ্যৰ সকলো প্ৰান্তৰ সম-উন্নয়ন আৰু নিৰৱচ্ছিন্ন প্ৰশাসনীয় সেৱা সুনিশ্চিত কৰিব৷
আমাৰ ৰাজ্যই সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ সমাধানৰ উদ্দেশ্যে মই ষষ্ঠদশ বিত্ত আয়োগৰ এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰিছিলোঁ৷ তেওঁলোকক আমি গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে মই এক ধাৰণা দিবলৈ চেষ্টা কৰাৰ লগতে অসমে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ আৰু আমাৰ উন্নয়নৰ যাত্ৰা অব্যাহত ৰখাৰ বাবে প্ৰয়োজনীয় সমৰ্থন সম্পৰ্কেও উল্লেখ কৰিছিলোঁ৷ আমাৰ কোনো ভুল নোহোৱাকৈ আমি মুখামুখি হোৱা ভৌগোলিক আৰু ঐতিহাসিক প্ৰত্যাহ্বানবোৰৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিবলৈ ৰাজ্যখনলৈ অধিক কেন্দ্ৰীয় সম্পদৰ হস্তান্তৰৰ বিষয়েও উল্লেখ কৰিছিলোঁ৷
এনে এক অতি গুৰুত্বপূৰ্ণ বিষয় হৈছে ঐতিহাসিক অসম চুক্তিৰ ছয় নম্বৰ দফাৰ ৰূপায়ণ৷ শেহতীয়াকৈ মই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক আলোচনাত মিলিত হওঁ আৰু এই সন্দৰ্ভত আমাৰ সদিচ্ছাৰ বিষয়ে উল্লেখ কৰোঁ৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিৱেদনত আগবঢ়োৱা পৰামৰ্শসমূহৰ ৰূপায়ণ সন্দৰ্ভত অংশীদাৰসকলৰ সৈতে সহমতত উপনীত হৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগ্ৰহী৷ কিছুমান এনে ক্ষেত্ৰ আছে য’ত আমাৰ কৰণীয় সীমিত৷ আমি অসম চুক্তিৰ দফাসমূহ ৰূপায়ণৰ ক্ষেত্ৰত আমাৰ সামৰ্থ্যৰ ভিতৰত সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ৷