জীৱনত কেতিয়াবা এনে সময় আহে; যেতিয়া শব্দেৰে অনুভৱ প্ৰকাশ কৰিবলৈ ব্যৰ্থ হোৱা যায়। মনটো অস্থিৰ, অসহায় যেন অনুভৱ হয়। ১৯ ছেপ্টেম্বৰ আৰু তাৰ পাছৰ দিনকেইটি ঠিক তেনেকুৱা সময় আছিল আমাৰ বাবে। আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ খবৰটোৱে আমাক হতভম্ব কৰি তুলিলে। আমি নীৰৱ হৈ ৰ’লোঁ। অসমৰ লাখ লাখ অনুৰাগীৰ দৰে ময়ো হতবাক হৈ পৰিছিলোঁ। বিশ্বাস কৰিব নোৱাৰিলোঁ। সাধাৰণতে মই যিকোনো পৰিস্থিতিত শান্ত আৰু সংযমী হৈ থাকোঁ, কিন্তু সেইদিনা শব্দহীন হৈ পৰিছিলোঁ।
সকলো জনতাৰ দৰে ময়ো তেখেতৰ এগৰাকী অনুৰাগী। তেখেতৰ সংগীত জীৱনৰ আৰম্ভণি হৈছিল মোৰ বিশ্ববিদ্যালয়ৰ সময়ছোৱাত। ১৯৯০ চনৰ আৰম্ভণিতে যেতিয়া জুবিন গাৰ্গ উদীয়মান শিল্পী হিচাপে আগবাঢ়ি আহিছিল, তেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হৈছিলোঁ। ইয়াৰ পাছৰ সময়ত তেখেতৰ মধুৰ সংগীতে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত স্থান দখল কৰিলে। আজি এই কথা লিখোঁতে অনুভৱ কৰিছোঁ যেন নিজৰ পৰিয়ালৰ এগৰাকী সদস্যক হেৰুৱাইছোঁ।
চৰকাৰৰ দায়িত্বত থাকোঁতে যেতিয়া এই কঠিন বাস্তৱৰ সন্মুখীন হ’লোঁ, আমি জানিছিলোঁ যে ৰাজ্যবাসীৰ পৰা তেখেতক যোগ্যভাৱে বিদায় জনাব লাগিব। কিন্তু আমি অনুমানেই কৰিব নোৱাৰিলোঁ যে ৰাজ্যজুৰি বয়স, ধৰ্ম, ভাষা, সমাজ সকলো নিৰ্বিশেষে এনে প্ৰেম আৰু অনুভূতি প্ৰকাশ হ’ব। তেখেত আছিল মানুহৰ শিল্পী, মানুহৰ বুকুত থিতাপি লোৱা এগৰাকী মানৱপ্ৰেমী, জীৱ-জন্তু, প্ৰকৃতি আৰু মানুহৰ প্ৰতি অসীম মৰম থকা এগৰাকী মহান ব্যক্তি। অসমে তেখেতৰ দৰে এগৰাকী সন্তান পাই সঁচাকৈয়ে ধন্য।
এতিয়া তেখেতৰ জীৱনৰ সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পাছত আমাৰ দায়িত্ব হৈছে তেখেতৰ কৰ্মৰাজি সংৰক্ষণ কৰা। চৰকাৰে দৃঢ় সংকল্প গ্ৰহণ কৰিছে যে শিল্পীগৰাকীৰ সংগীত আৰু কৰ্মৰাজি সদায় জীয়াই ৰাখিব আমাৰ মাজত। আমি তেখেতৰ স্মৃতি জীয়াই ৰাখিবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিম। কিন্তু আমি যি হেৰুৱালোঁ, সেয়া কোনোদিনে উভতি নাহে। জুবিন গাৰ্গ অনন্য, অদ্বিতীয়, অবিস্মৰণীয়।
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম ভ্ৰমণৰ সময়ত তেখেতে ড° ভূপেন হাজৰিকাদেৱৰ জন্ম-শতবৰ্ষ উদযাপন কাৰ্যসূচী উদ্বোধন কৰিছিল। এই পদক্ষেপে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে তেখেতৰ হৃদয়ত বিশেষ স্থান আছে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে ভূপেন দাৰ প্ৰতি শ্রদ্ধা নিবেদন কাৰ্যসূচীক এক নতুন শক্তি আৰু প্ৰেৰণা দিলে।
তেখেতৰ অসম প্ৰেম আগতেও প্ৰকাশ পাইছিল – ঐতিহাসিক বিহু অনুষ্ঠান আৰু ঝুমইৰ প্ৰদৰ্শনৰ সময়ত, যেতিয়া সম্পূৰ্ণ অসমে ঐক্যবদ্ধ হৈ নিজৰ সংস্কৃতি বিশ্বমঞ্চত দেখুৱালে। মোদী ডাঙৰীয়াৰ অসমৰ সংস্কৃতি আৰু ইয়াৰ প্ৰতীকসমূহৰ প্ৰতি থকা স্নেহ-ভালপোৱা আজিৰ দিনত সকলোৱে জানে। মই জনা অনুসৰি দেশৰ অন্য কোনো ৰাজ্যই এতিয়া পর্যন্ত এনে মৰম লাভ কৰা নাই। এই মৰমে অসমক অস্থিৰতাৰ পৰা শান্তি আৰু উন্নয়নৰ দিশলৈ লৈ আহিছে।
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ জনগণৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়ন আৰু উদ্যোগ প্রকল্প উৎসৰ্গা কৰিছে, যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি তেখেতৰ প্ৰতিশ্রুতি পালনক পুনৰ প্ৰতিপন্ন কৰিছে। কিছু দিন আগতে সংসদত গৃহীত আই আই এম বিধেয়কে গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই এম) স্থাপনৰ পথ মুকলি কৰিলে, যি হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় আৰু ভাৰতৰ ২২সংখ্যক আই আই এম।
এই পদক্ষেপে গুৱাহাটী চহৰক উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা-কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। আই আই টি, আই আই এম, এইমছ, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, ফৰেনছিক বিজ্ঞান প্ৰতিষ্ঠান আদি সকলো প্ৰকাৰৰ উচ্চ শিক্ষাৰ সুযোগ গুৱাহাটীতো উপলভ্য। এতিয়া দেশজুৰি অভিভাৱকসকলে নিজৰ সন্তানৰ শিক্ষাৰ বাবে গুৱাহাটীৰ কথা চিন্তা কৰিব পাৰে।
কেন্দ্ৰীয় চৰকাৰৰ সৈতে মোৰ অভিজ্ঞতা সদায় ইতিবাচক। অসমবাসীৰ স্বার্থৰ বাবে যেতিয়াই মই যিকোনো দাবী লৈ গৈছোঁ, কেন্দ্ৰই সদায় সহানুভূতিশীল আৰু সমৰ্থনমূলক মনোভাব দেখুৱাইছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে তেখেতৰ বিশেষ দৃষ্টিভংগীয়ে সম্পূৰ্ণ মন্ত্ৰীসভাতো একেই মনোভাব প্ৰতিফলিত কৰিছে।
ৰাস্তা-ঘাট, গৃহ নির্মাণ, উদ্যোগ আদি সকলো ক্ষেত্ৰতে কেন্দ্ৰৰ আশীৰ্বাদেৰে অসম উন্নয়নৰ নতুন যুগলৈ আগবাঢ়ি গৈছে। মই নিশ্চিত যে অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ এই বিশ্বাস আৰু সহযোগিতাৰ বান্ধোন আগলৈও অধিক শক্তিশালী হৈ উঠিব।







