গৱেষণা শিক্ষা ক্ষেত্ৰৰ প্ৰতিভাবান যুৱক-যুৱতীসকলক সহযোগিতা আগবঢ়াই তেওঁলোকৰ শৈক্ষিক দিশৰ উৎকৰ্ষ সাধনৰ বাবে ৭ জুন ২০২৫-ত ‘মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা’ আঁচনিৰ প’ৰ্টেল এটি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লোক সেৱা ভৱনত মুকলি কৰা হয়।
গৱেষণা কৰি থকা শিক্ষাৰ্থীসকলক আৰ্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ উদ্ভাৱনী যাত্ৰাত প্ৰেৰণা যোগাই সকাহ দিয়াৰ বাবে এই আঁচনি ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰা হয়। এই আঁচনিৰ অধীনত দিব্যাংগসকলক গৱেষণাৰ ক্ষেত্ৰৰ প্ৰতি উৎসাহিত কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
অসমত থকা চৰকাৰী/কেন্দ্ৰীয় অথবা ৰাজ্যিক ৰাজহুৱা প্ৰতিষ্ঠানৰ পূৰ্ণকালীন গৱেষকসকলক এককালীনভাৱে ২৫,০০০ টকাকৈ প্ৰদান কৰা হ’ব। মুকলি বিশ্ববিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ গৱেষকসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰা নহয়। তদুপৰি দিব্যাংগ গৱেষকসকলক ৪০,০০০ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আঁচনিৰ সুবিধা প্ৰাপ্তি কৰিবলৈ গৱেষকসকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। ২০২৫ বৰ্ষত অসমৰ ৰাজ্যিক/কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পি এইচ ডি কাৰ্যসূচীত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলে আঁচনিখনৰ সুবিধা লাভ কৰিব। অনুৰূপ আঁচনিৰ পূৰ্বৰ হিতাধিকাৰীসকল এই আঁচনিৰ বাবে যোগ্য হিচাপে বিবেচিত নহ’ব।










