বহু যুগ ধৰি ভাৰত আৰু ভূটানৰ মাজত শক্তিশালী সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্ক বিৰাজমান। দুয়োখন ৰাষ্ট্ৰই ২৭০ কিল’মিটাৰৰ সীমা ভাগ-বাটোৱাৰা কৰি পৰস্পৰ এক সহযোগিতামূলক সু-সম্পৰ্ক ৰক্ষা কৰি আহিছে। এইক্ষেত্ৰত ভাৰতে ভূটানৰ সুৰক্ষা নিশ্চিতকৰণত পালন কৰি আহিছে গুৰুত্বপূৰ্ণ ভূমিকা। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া ভূটান ভ্ৰমণে এই দীৰ্ঘদিনীয়া সম্পৰ্কক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক নজিৰ স্থাপন কৰিছে।
ভূটানৰ নৃপতি জিগমে খেছাৰ নামগ্যাল ৱাংচুকৰ আমন্ত্ৰণমৰ্মে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা তথা তেখেতৰ সহধৰ্মিণী আৰু উচ্চপদস্থ চৰকাৰী বিষয়াসকল ১৬ ডিচেম্বৰত ভূটানত উপস্থিত হয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে ভূটান ভ্ৰমণৰ প্ৰথম দিনটোত থিম্ফুত অনুষ্ঠিত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। আগন্তুক এডভাণ্টেজ অসম ২.০ত ভূটানৰ পৰা সহযোগিতা লাভেৰে উক্ত কাৰ্যসূচীক সাফল্যমণ্ডিত কৰাৰ বাবে গুৰুত্ব দিয়া হৈছিল। তদুপৰি অসম আৰু ভূটানৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্কক উন্নীত কৰাৰ ক্ষেত্ৰতো এই ৰোড শ্ব’ই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।
মুখ্যমন্ত্ৰীগৰাকীয়ে ১৭ ডিচেম্বৰত ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ ক্ষণটো এক ঐতিহাসিক হৈ ৰ’ব, কাৰণ ভাৰতৰ কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে এই গৌৰৱোজ্জ্বল অনুষ্ঠানত অংশগ্ৰহণ কৰি ড° হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ কঢ়িয়াই আনিছে।
ৰাষ্ট্ৰীয় দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকী উৎফুল্লিত হৈ পৰে। তেখেতে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “থিম্ফুত অনুষ্ঠিত ১১৭সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত আজি ভূটানৰ বর্ণিল সংস্কৃতি উজ্জীৱিত অতুলনীয়ভাৱে প্ৰদৰ্শিত হৈছিল। এই অনুষ্ঠানত উপস্থিত থাকি সহধর্মিণী ৰিণিকি আৰু মই অত্যন্ত ধন্য হৈছোঁ। মহামান্য জিগমে খেছাৰ নামগ্যাল ৱাংচুক আৰু মহামান্য জেটচুন পেমাৰ উষ্ম আতিথ্য, আটকধুনীয়া শোভাযাত্ৰা, সংস্কৃতিৰ প্ৰদৰ্শন আৰু ভূটানবাসীৰ উমাল মৰম আৰু সান্নিধ্য আমাৰ মণিকোঠত চিৰকাল ৰৈ যাব।”
এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে ভূটানৰ প্ৰধানমন্ত্ৰী ছেৰিং টবগে’ৰ সৈতে এক ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই বিষয়ে তেখেতে সামাজিক মাধ্যমত উল্লেখ কৰে, “সময়ৰ প্রাসংগিকতাৰ প্রতি লক্ষ্য ৰাখি অসমৰ জনসাধাৰণৰ হৈ মহামান্য প্রধানমন্ত্রীক ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিতব্য এডভাণ্টেজ আছাম ২.০ ত সন্মানীয় উপস্থিতিৰে সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ উষ্ম আমন্ত্ৰণ জনাইছোঁ।”
তৃতীয় দিনৰ ভূটান ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীয়ে গেলেফু মাইণ্ডফুলনেছ চিটী (জি এম চি) আৰু অসমৰ মাজত অৰ্থনৈতিক, ঔদ্যোগিক আৰু পৰিবহণ সংযোগ গঢ়ি তোলাৰ ক্ষেত্ৰত আলোচনা কৰে। এই সময়ত প্ৰকল্পৰ আঁৰৰ বিভিন্ন দিশ সামৰি ইয়াৰ লক্ষ্যসমূহৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। ভূটানৰ প্ৰাক্তন নৃপতি জিগমে ছিংগয়ে ৱাংচুকৰ সৈতেও মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰি তেখেতক ‘এক প্ৰতিষ্ঠান’ বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এক্স’ত প্ৰকাশ কৰে, “মহামান্য নৃপতিগৰাকীয়ে ৰাইজৰ সেৱা কৰি লাভ কৰা অনন্য অভিজ্ঞতা আৰু ভাৰত তথা ভূটানৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক গভীৰ কৰাৰ দৃষ্টিভংগীৰ বিষয়ে জানিবলৈ পাই ধন্য মানিছোঁ।”
ভূটান আৰু ভাৰতৰ মাজত আধ্যাত্মিক আৰু সাংস্কৃতিক সংযোগৰ এক প্ৰতীক ঐতিহাসিক চিমটখা জং ভ্ৰমণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থনা কৰে।
তদুপৰি অসম আৰু ভূটানৰ মাজত ঐতিহাসিক সম্পৰ্কৰ উত্তৰণৰ বাবে সহযোগিতামূলক চিন্তা-চৰ্চাৰে ড° হিমন্ত বিশ্ব শৰ্মাই ভূটানৰ নৃপতিৰ সৈতে আলোচনাত মিলিত হয়।
এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে ভূটানৰ প্ৰধানমন্ত্ৰী ছেৰিং টবগে’ৰ সৈতে এক ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই বিষয়ে তেখেতে সামাজিক মাধ্যমত উল্লেখ কৰে, “সময়ৰ প্রাসংগিকতাৰ প্রতি লক্ষ্য ৰাখি অসমৰ জনসাধাৰণৰ হৈ মহামান্য প্রধানমন্ত্রীক ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিতব্য এডভাণ্টেজ আছাম ২.০ ত সন্মানীয় উপস্থিতিৰে সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ উষ্ম আমন্ত্ৰণ জনাইছোঁ।
মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভূটানৰ নৃপতি জিগমে খেছাৰ নামগ্যাল ৱাংচুকৰ ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহৰ অসম ভ্ৰমণৰ বহু মুহূৰ্তক উজ্জীৱিত কৰে। সেই সময়ছোৱাত নৃপতিগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে। ভূটানৰ নৃপতিগৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ভৱিষ্যৎ পৰিকল্পনা, স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সহযোগিতা আৰু দুয়োটা অঞ্চলৰ মাজৰ আধ্যাত্মিক, ঐতিহ্য আৰু জনসংযোগ আদিকে ধৰি বিভিন্ন বিষয়ে আলোচনা কৰিছিল।
এনেদৰেই অসম আৰু ভূটানৰ মাজত বৃদ্ধি পোৱা সহযোগিতাই গভীৰ সম্পৰ্কৰ নিদৰ্শন দাঙি দৰে। মূল্যবোধ, অৰ্থনৈতিক সহযোগিতা আৰু আধ্যাত্মিক সংযোগক আধাৰ কৰি গঢ়ি উঠা এই বন্ধুত্বপূৰ্ণ স্থায়ী সম্পৰ্কই অনাগত দিনত নতুন ৰূপ পাব বুলি আশা কৰা হৈছে।