গণৰাজ্য দিৱস উপলক্ষে প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত গৌৰৱোজ্জ্বল ক্ষণ উদযাপন কৰা হয়। খনিকৰ খেলপথাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি এই তাৎপর্যপূৰ্ণ দিনটো উদযাপন কৰে। এই পদক্ষেপে ৰাজ্যৰ বিকেন্দ্ৰীকৰণ প্ৰশাসন ব্যৱস্থা আৰু সৰ্বাংগীণ উন্নয়ন নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
“ডিব্ৰুগড়ৰ বাবে আজি এক স্মৰণীয় দিন,” এই কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “কাৰ্ফিউ-বয়কট আদি শব্দৰে পূৰ্ণ সময়ৰ ক’লীয়া ডাৱৰ আঁতৰাই নতুনৰ আৱাহনী বাৰ্তাৰে ডিব্ৰুগড় আজি গৌৰৱেৰে অসমৰ গণৰাজ্য দিৱস উদযাপনৰ কেন্দ্ৰস্থলৰূপে উদ্ভাসিত হৈছে। এই অসাধাৰণ যাত্ৰাই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গণৰাজ্য – ভাৰতৰ শক্তি আৰু সহনশীলতাক প্ৰতিফলিত কৰিছে৷”
তেখেতে আলোকপাত কৰে যে এসময়ত বিদ্ৰোহ আৰু উগ্ৰবাদৰ কেন্দ্ৰবিন্দুত পৰিণত হোৱা চহৰখন কেনেকৈ স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত স্তব্ধ হৈ পৰিছিল। তেখেতে কয় যে ৭৬সংখ্যক গণৰাজ্য দিৱসৰ সফল সমাপ্তিয়ে প্ৰমাণ কৰে যে অসম এতিয়া বিনিয়োগকাৰী, পৰ্যটক, দৰ্শনাৰ্থী আৰু ইয়াৰ নাগৰিকৰ বাবে এখন সুৰক্ষিত ৰাজ্য।
গণৰাজ্য দিৱসৰ নান্দনিক কুচকাৱাজে অসম আৰক্ষীৰ দক্ষতা প্ৰদৰ্শন কৰাৰ কথা ব্যক্ত কৰি ইয়াৰ জৰিয়তে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ধাৰণাটি সবলভাৱে প্রতিফলিত হোৱা বিষয়টো তেখেতে উল্লেখ কৰে। অসমৰ পৰা কেৰালালৈকে ভাৰতৰ বৈচিত্ৰ্য প্রতিনিধিত্ব কৰা কলাসমূহ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত প্ৰদৰ্শিত হোৱাৰ বাবে তেখেতে আনন্দ প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণত ডিব্ৰুগড় আৰু ৰাজ্যখনৰ বাবে কেইবাটাও উন্নয়নমূলক পদক্ষেপৰ কথাও ঘোষণা কৰে। সেইসমূহ হ’ল –
- ডিব্ৰুগড় অসমৰ দ্বিতীয়খন ৰাজধানী হ’ব – ২০২৭ চনৰ ভিতৰত অসম বিধান সভাৰ এক নতুন পৰিসৰ সাজু কৰা হ’ব
- আন্তঃগাঁথনি উন্নয়ন – অঞ্চলটোৰ উন্নত পথ, ৰে’লপথ আৰু বিমানবন্দৰৰ জৰিয়তে সংযোগ বৃদ্ধিৰ বাবে চলি থকা প্ৰকল্পসমূহৰ ৰূপায়ণ
- ঔদ্যোগিক বিকাশ – চাহ, তেল আৰু গেছ খণ্ডত বিনিয়োগ বৃদ্ধিৰ সৈতে উজনি অসমত ডিব্ৰুগড় এক মুখ্য বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিণত কৰা
ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিষয়ৰ বাবে পৰিকল্পনা নিৰ্ধাৰণ কৰে –
- তেজপুৰক অসমৰ সাংস্কৃতিক ৰাজধানীত পৰিণত কৰা – চহৰখনৰ ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সৈতে জড়িত প্ৰকল্পৰ লগতে তেজপুৰত এটি ৰাজভৱন থাকিব
- বৰাক উপত্যকাৰ উন্নয়ন – প্ৰশাসনিক দিশটোক অধিক সুচল কৰি তোলাৰ লক্ষ্যৰে শিলচৰত এটা মিনি সচিবালয় আৰু মুখ্য সচিবৰ কাৰ্যালয় স্থাপন কৰা হ’ব
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ২০০৫ চনৰ পূৰ্বে নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক একত্ৰিত পেঞ্চন আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হ’ব, য’ত অন্যান্য লাভালাভৰ ভিতৰত শেহতীয়া প্রাপ্ত দৰমহাৰ ৫০% অন্তৰ্ভুক্ত থাকিব।
“যিসকল কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া ২০০৫ চনৰ আগতে আৰম্ভ হৈছিল, কিন্তু সম্পূৰ্ণ কৰিব পৰা হোৱা নাছিল; তেওঁলোকক পুৰণি পেঞ্চন আঁচনিলৈ স্থানান্তৰ কৰা হ’ব,’’ ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰে।
ৰাজ্যখনৰ উদ্যোগীসকলক উদগনি যোগাই ষ্টাৰ্ট আপ বিভাগ এটা স্থাপন কৰা হ’ব বুলিও তেখেতে কয়। তদুপৰি কিতাপৰ বৰ্ষ উদযাপন কৰিবলৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক কিতাপ ক্ৰয় কৰিবলৈ মাহে ১,০০০ টকালৈকে আগবঢ়োৱা হ’ব।
তদুপৰি, অসমৰ সভ্যতা-ঐতিহ্য সুৰক্ষিত কৰাৰ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে উদাসীন ভকতসকলক ১,৫০০ টকাৰ মাহিলি সমৰ্থনৰ লগতে ৰাজ্যখনৰ ২৫,০০০ নামঘৰৰ বাবে ৩ লাখ টকাকৈ বিত্তীয় সাহায্যৰ কাৰ্যসূচী ঘোষণা কৰে।

“আমি কেৱল আন্তঃগাঁথনি নিৰ্মাণ কৰাই নহয়, আশা আৰু একতাও গঢ়ি তুলিছোঁ। উন্নত অসমে প্ৰতিখন চহৰ, গাঁও আৰু নাগৰিকে ৰাজ্যখনৰ প্ৰগতিৰ সৈতে সংযুক্ত হৈ থকাটোৱেই বুজায়,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
অসমৰ উন্নয়নমুখী যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ ক্ষণ হিচাপে গণৰাজ্য দিৱস উদযাপনে এক শক্তিশালী নেতৃত্বত ৰাজ্যখনৰ ইতিবাচক পৰিৱৰ্তনকেই সূচায়। খনিকৰ খেলপথাৰৰ গণৰাজ্য দিৱস উদযাপনৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে চহৰখনত ৪খন নতুন উৰণ সেতুৰ শিলান্যাস কৰে। ৪.৪ কিল’মিটাৰ মুঠ দৈর্ঘ্যৰ চাৰিখন উৰণসেতুক ৩৭৭ কোটি টকা ব্যয়েৰে নির্মাণ কৰা হ’ব।