আপুনি যদি লণ্ডনৰ চুপাৰমাৰ্কেট এখনত তেজপুৰৰ লিচু দেখা পাইছে, তেনেহ’লে ইয়াৰ কৃতিত্ব দিব লাগিব শোণিতপুৰ জিলাৰ পৰিশ্ৰমী কৃষকসকলক আৰু অসম চৰকাৰৰ কৃষি বিভাগক৷ যোৱা ১২ জুনত লণ্ডনলৈ ৰপ্তানি কৰা হয় থলুৱা জিআই টেগযুক্ত তেজপুৰৰ লিচু৷ তেজপুৰ সন্মিলন কেন্দ্ৰৰ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ কিয়েগা এক্সিমছ্ (Kiega Exims)ৰ জৰিয়তে লিচুৰ এই ৰপ্তানি কৰে ১০৬ জনীয়া সদস্যৰে গঠিত কৃষক উৎপাদন গোট অগ্নিগড় প্ৰডিউচাৰ কোম্পানী লিমিটেডে৷
এই ৰপ্তানি প্ৰক্ৰিয়া সফল কৰি তোলে জিলা প্ৰশাসনৰ লগতে কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰীৰ ৰপ্তানি বিকাশ প্ৰাধিকৰণ (APEDA)ৰ সহযোগত শোণিতপুৰ জিলা কৃষি বিভাগ আৰু নাবাৰ্ড, অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য পৰিৱৰ্তন প্ৰকল্প (APART), অসম কৃষি বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অধীনস্থ বিশ্বনাথ কৃষি মহাবিদ্যালয়ে৷
“লিচু ৰপ্তানিৰ দ্বাৰা জিলাখনৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট উন্নত হ’ব,” মুখ্যমন্ত্ৰীয়ে টুইটযোগে কয়৷
অসমৰ তেজপুৰত উৎপাদিত লিচুৱে ২০১৩ চনত উত্তৰ-পূৱ আঞ্চলিক কৃষি বিপণন নিগম লিমিটেডৰ জৰিয়তে জিআই টেগ লাভ কৰিছিল৷ কৃষি বিভাগৰ সহকাৰী সঞ্চালক পংকজ ডেকাই অসম বাৰ্তাক জনায় যে তেজপুৰৰ ৰসাল লিচু ইয়াৰ উৎকৃষ্ট মান, উত্তম সোৱাদ আৰু আকৰ্ষণীয় ৰঙৰ বাবে বিখ্যাত৷
“তেজপুৰৰ লিচু বুলি ক’লে প্ৰকৃতাৰ্থত ৰাজ্যখনৰ শোণিতপুৰ জিলাৰ তেজপুৰ চহৰ আৰু তাৰ কাষৰীয়া অঞ্চলত উৎপাদিত পাঁচ প্ৰকাৰৰ লিচুক সামৰি লোৱা হয়৷ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমীপৰ ন-পাম আৰু পৰোৱা অঞ্চলত উৎপাদিত লিচু বিদেশলৈও ৰপ্তানি কৰা হৈছে,” তেওঁ কয়৷ “জিআই টেগযুক্ত তেজপুৰৰ লিচু ৰপ্তানিৰ জৰিয়তে কৃষকসকলক যথেষ্ট পৰিমাণে লাভান্বিত কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে৷”
শোণিতপুৰ জিলাৰ মহকুমাধিপতি (উদ্যানশস্য) প্ৰাঞ্জল শৰ্মাই কয় যে জিলাখনৰ উপায়ুক্তৰ অধ্যক্ষতাত ১৯ মে’, ২০২২ত অংশীদাৰসকলৰ উপস্থিতিত কৃষক আৰু সম্ভাৱ্য লিচু ৰপ্তানিকাৰীসকলৰ সৈতে ক্ৰেতা-বিক্ৰেতাৰ এক বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকৰ পাছত ৬৫০ কিল’গ্ৰাম তেজপুৰ লিচু (বোম্বাইয়া আৰু শ্বাহী লিচু) লণ্ডনলৈ ৰপ্তানি কৰা হৈছিল৷
“আমি শোণিতপুৰ জিলাৰ তিনিটা অঞ্চল লিচু খেতিৰ বাবে চিনাক্ত কৰিছোঁ: ঘোৰামাৰী, ভালুকপুং আৰু ৰাক্ষসমাৰী৷ লিচু খেতিৰ বাবে ২০০ বিঘা মাটি নতুনকৈ সংযোজন কৰাৰো আমি পৰিকল্পনা কৰি আছোঁ৷ বৰ্তমান জিলাখনত প্ৰায় ২৫০ গৰাকী তেজপুৰ লিচুৰ কৃষক আছে,” শৰ্মাই অসম বাৰ্তাক কয়৷