অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত মিছন বসুন্ধৰা ৩.০ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
এই পদক্ষেপে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে জাতি-মাটি-ভেটি সংৰক্ষণৰ বাবে চৰকাৰৰ দায়ৱদ্ধতাক পুনৰবাৰ প্ৰতিফলিত কৰিলে।
অনুষ্ঠানৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “আমি কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা অসমত খিলঞ্জীয়াৰ ভূমি অধিকাৰ প্ৰদান কৰাৰ বাবে এক অভিযান আৰম্ভ কৰিছিলোঁ। স্বাধীনতাৰ ৭৫ বছৰৰ পাছত এয়া আছিল এক বৃহৎ পদক্ষেপ। এনে চিন্তাৰেই ২০২১ চনৰ ২ অক্টোবৰত মিছন বসুন্ধৰাৰ আত্মপ্রকাশ ঘটিছিল।”
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই অভিযান কাৰ্যকৰীকৰণৰ কাম আৰম্ভ কৰাৰ সময়ত হিতাধিকাৰীৰ পৰা লাভ কৰা আবেদনসমূহৰ অভূতপূৰ্ব সংখ্যাই তেখেতক আচৰিত কৰি তুলিছিল। এই আবেদনৰ সংখ্যাই ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক অসমৰ অন্যতম বৃহৎ ভূমি সম্পৰ্কীয় পদক্ষেপ হিচাপে বৈধতা প্ৰদান কৰিছিল বুলিও তেখেতে সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মিছন বসুন্ধৰা ১.০ৰ অধীনত চৰকাৰে ৯ মাহৰ ভিতৰত ৮ লাখ আবেদন নিষ্পত্তি কৰিছিল।
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিশেষকৈ ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলে ভূমিৰ অধিকাৰ লাভ কৰি উপকৃত হ’বলগীয়া বিষয়ৰ কথা উপলব্ধিৰে অসম চৰকাৰে ২০২২ চনৰ নৱেম্বৰত মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰে আৰু এবছৰৰ ভিতৰত দুই লাখতকৈও অধিক ভূমিপুত্ৰক মাটিৰ অধিকাৰ প্ৰদান কৰিবলৈ সমৰ্থ হয় বুলি তেখেতে কয়।
“এই ব্যাপক অভিযানৰ জৰিয়তে আমি অতি সোনকালে অগ্ৰাধিকাৰপ্ৰাপ্ত গোটসমূহক ভূমিৰ মালিকানা প্ৰদান কৰা আৰু বিভিন্ন ভূমি সম্পৰ্কীয় সেৱাত স্বচ্ছতা অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ,” মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
মিছন বসুন্ধৰাৰ সুফল লাভ কৰিবলৈ বা ভূমি পট্টা প্ৰাপ্ত কৰাৰ বাবে আবেদনকাৰীয়ে অসমত ১৯৫১ চনৰ পৰাই বাস কৰাৰ প্ৰমাণ দিব লাগিব অথবা তিনি প্ৰজন্ম ধৰি ৰাজ্যখনত বসবাস কৰি আহিছে বুলি প্ৰমাণ দিব পাৰিব লাগিব। কিন্তু অনুসূচিত জনজাতি, অনুসূচিত জাতি, চাহ জনজাতি আৰু পূৰ্বৰ চাহ জনজাতি, আদিবাসী আৰু গোৰ্খা সম্প্ৰদায়ৰ লোকসকল ভূমিপুত্ৰ হোৱা হেতুকে তেওঁলোকৰ ক্ষেত্ৰত এই চৰ্তাৱলী প্ৰযোজ্য নহয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মিছন বসুন্ধৰা ৩.০ৰ অধীনত ১৯৭১ চনৰ পূৰ্বৰ শৰণাৰ্থীসকলেও ভূমি পট্টাৰ বাবে আবেদন কৰিবলৈ যোগ্য হিচাপে বিবেচিত হ’ব, কিন্তু ইয়াৰ বাবে তেওঁলোকৰ ওচৰত বৈধ শৰণাৰ্থী প্ৰমাণপত্ৰ থাকিব লাগিব (চৰকাৰী সংস্থাৰ দ্বাৰা জাৰি কৰা হৈছে)।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মিছন বসুন্ধৰা ৩.০-এ মিছন বসুন্ধৰা ২.০ৰ অধীনত অধিক স্পষ্টীকৰণৰ বাবে স্থগিত ৰখা আবেদনৰ পুনৰীক্ষণ, নগৰ আৰু কাষৰীয়া অঞ্চলত যুক্তিসংগত প্ৰিমিয়ামৰ ভিত্তিত বাৰ্ষিক পট্টাৰ পৰা পিৰিয়ডিক পট্টালৈ ৰূপান্তৰ প্ৰক্ৰিয়াৰ ডিজিটাইজেশ্যন কৰা, এককালীনভাৱে চাহ অনুদান ভূমি পিৰিয়ডিক পট্টালৈ ৰূপান্তৰকৰণ, পূৰ্বৰ ভূ-দান আৰু গ্ৰামদান ভূমিৰ বন্দবস্তি আদিৰ সেৱা প্ৰদান কৰিব।
শিক্ষানুষ্ঠান, নামঘৰ, মন্দিৰ, শ্মশান, কবৰস্থান, ক্লাব হাউছৰ দৰে ৰাজহুৱা প্রতিষ্ঠান আদিক ভূমি পট্টা প্রদান কৰা হ’ব বুলিও ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। ভূমি পট্টা প্রদানৰ মূল মাপকাঠী বংশৰ তিনিটা প্রজন্ম হ’ব বুলি তেখেতে কয়। ইয়াৰ লগতে ছ’চাইটীৰ পঞ্জীয়নৰ প্ৰমাণপত্ৰও উপলভ্য হ’ব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। তদুপৰি দান কৰা মাটিৰ ক্ষেত্ৰত যদি বিগত ১২ বছৰ ধৰি কোনো আপত্তি কৰা হোৱা নাই, তেন্তে ভূমিখিনি ‘বিতৰ্কহীন’ অৱস্থালৈ আনিব লাগে আৰু সংশ্লিষ্ট প্ৰতিষ্ঠানটোক পট্টা প্ৰদান কৰিব লাগে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
ভূমি সংস্কাৰৰ তাৎপৰ্যৰ ক্ষেত্ৰত গুৰুত্ব দি মুখ্যমন্ত্রীগৰাকীয়ে ব্যক্ত কৰে, ‘অসমে ভূমি সংস্কাৰৰ ধাৰাবাহিকতা আৰম্ভ কৰিছে, য’ত ডিজিটাইজেশ্যন আৰু অনা-জৰীপকৃত গাঁৱক জৰীপকৃত গাঁৱলৈ ৰূপান্তৰ কৰা হৈছে৷ আগন্তুক কেইবছৰমানৰ ভিতৰত অসমত ভূমিৰ পাছবুক প্ৰৱৰ্তনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।”
তেখেতে ভূমি জৰীপত ডিজিটেল মানচিত্ৰ ৰূপায়ণৰ কথা ঘোষণা কৰি ভূমিৰ নথি-পত্ৰ অধিক সুলভ কৰি তোলাত প্ৰযুক্তিৰ ব্যৱহাৰৰ পোষকতা কৰে।
মিছন বসুন্ধৰা ৩.০ পদক্ষেপে চাহ, কফী, আৰু ৰবৰ খেতিয়কসকলকো সামৰি লৈছে। ইয়াৰ ফলত তেওঁলোকে সুবিধা আৰু আৰ্থিক সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।
“পূৰ্বতে ক্ষুদ্ৰ চাহ খেতিয়কসকলে মালিকীস্বত্বৰ অধিকাৰ অবিহনে চৰকাৰী মাটি ব্যৱহাৰ কৰিছিল, যাৰ ফলত তেওঁলোকে বেংকৰ পৰা আৰ্থিক সাহায্য লাভ কৰাত সমস্যাৰ সন্মুখীন হৈছিল। মিছন বসুন্ধৰা ৩.০ৰ অধীনত এই খেতিয়কসকলে এতিয়া উৎপাদন বৃদ্ধিৰ বাবে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণৰ বাবে আবেদন কৰিব পাৰিব,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।