স্বাধীনতাৰ সময়ৰপৰাই উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন কাৰণত সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাৰ উদ্ভৱ হৈ আহিছিল। অঞ্চলটোৱে সন্মুখীন হৈ অহা এই সমস্যাৰ অন্তৰ্নিহিত কাৰণবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু অন্যতম কাৰণ এটি হৈছে “ভূমিৰ মালিকীস্বত্ব”। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে শেহতীয়াকৈ আৰম্ভ কৰা মিছন বসুন্ধৰাৰ প্ৰাথমিক উদ্দেশ্য হৈছে ভূমি সম্পৰ্কীয় এই সমস্যাসমূহ সমাধান কৰা আৰু অসমৰ থলুৱা জনগণৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা।
মিছন বসুন্ধৰাৰ আন এটা উদ্দেশ্য হৈছে অগ্ৰাধিকাৰ ভিত্তিত ভূমি অভিলেখ উন্নীতকৰণ কৰা। ইয়াৰ বাবে নটা ভূমি-ৰাজহ সম্পৰ্কীয় সেৱা অনলাইনযোগে আগবঢ়োৱা হৈছে। মধ্যস্থতাকাৰী বা ভূমিৰ দালালসকলৰ লগতে তেওঁলোকৰ অসদাচৰণৰপৰা প্ৰক্ৰিয়াটোক মুক্ত কৰাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই অভিযানৰ ফলশ্ৰুতিত এই পৰ্যন্ত প্ৰায় ৭০০ ভূমিৰ দালালক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে, পৰৱৰ্তী সময়ত তেওঁলোকক জামিন দিয়া হয়।
কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মদনপুৰ গাঁৱৰ গোপী ডেকাই পিতৃৰ বিয়োগৰ পাছত পিতৃৰ নামত থকা মাটিখিনি মিছন বসুন্ধৰা অনলাইন প’ৰ্টেলৰ জৰিয়তে তেওঁলোকৰ তিনিগৰাকী ভাতৃৰ নামত কোনোধৰণৰ অসুবিধা নোহোৱাকৈ নামজাৰি কৰিবলৈ সক্ষম হ’ল আৰু এমাহৰ ভিতৰতে তেওঁলোকৰ সমস্যাটো সমাধান হ’ল।
“প্ৰক্ৰিয়াটো একেবাৰে সহজ। আমি তিনিওজন ভাতৃয়ে ভূমি অভিলেখত আমাৰ নাম পঞ্জীয়ন কৰিবলৈ মিছন বসুন্ধৰা প’ৰ্টেলযোগে আবেদন কৰিছিলোঁ। প’ৰ্টেলত আমাৰ আবেদন পঞ্জীয়ন কৰাৰ বাবে কেৱল উপযুক্ত নথি-পত্ৰৰ প্ৰয়োজন হৈছিল। এমাহৰ ভিতৰতে আমাৰ সমস্যাটো সমাধান হ’ল। ই সম্পূৰ্ণৰূপে এক সহজ-সৰল পদ্ধতি।”, ডেকাই কয়।
বসুন্ধৰা প’ৰ্টেলে বৰ্তমানলৈকে ৮,১৩,৯৮১খন আবেদন লাভ কৰিছে, আৰু সকলো আবেদনৰ নিষ্পত্তি কৰা হৈছে৷ প’ৰ্টেলত উপলব্ধ নটা সেৱাৰ উপৰি, ২০২২ বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত অসমৰ ৭৬৬খন নন-কেডাষ্ট্ৰেল গাঁৱৰ ৭৩৯খনত এক বহুভুজ জৰীপ কৰা হয়৷ তদুপৰি,৩১ ডিচেম্বৰ, ২০২৩-ৰ ভিতৰত হাইব্ৰিড পদ্ধতি ব্যৱহাৰ কৰি ৰাজ্যখনৰ ৭৭২খন কেডাষ্ট্ৰেল গাঁৱৰ ১৮৬খন গাঁৱত পুনৰ জৰীপ কৰা হ’ব৷
কেডাষ্ট্ৰেল জৰীপ, নামজাৰিৰ বাবে ভূমিৰ সীমা নিৰ্ধাৰণ আৰু নামজাৰিত ভূমি অভিলেখ আদি বিষয়ৰ সৈতে জড়িত৷ নন-কেডাষ্ট্ৰেল গাঁওসমূহৰ জৰীপে ৰাজ্যখনৰ থলুৱা ভূমিহীন লোকসকলক ভূমিৰ অধিকাৰ প্ৰদানত সহায় কৰিব৷ প’ৰ্টেলত আবেদনৰ ম্যাদ আছিল ২ অক্টোবৰৰপৰা ৭ ডিচেম্বৰ, ২০২১ পৰ্যন্ত আৰু ১০ মে’, ২০২২-ৰ ভিতৰত আবেদনসমুহৰ নিষ্পত্তি কৰা হ’ব৷ কামৰূপ জিলাৰ কমলপুৰৰ ৰাজহ চক্ৰ বিষয়া পৰীক্ষিত ফুকনে কয়,
“মোৰ ৰাজহ চক্ৰত মিছন বসুন্ধৰা প’ৰ্টেলত নিজৰ ভূমি সম্পৰ্কীয় সমস্যাসমূহ সমাধানৰ বাবে ১৬,০০০ৰো অধিক লোকে আবেদন কৰিছে”৷