অসম কেবিনেটে ২৯ মে’ত অনুষ্ঠিত এখন বৈঠকত মিছন অমৃত সৰোবৰৰ বাবে এক মান নিৰ্ধাৰণ প্ৰক্ৰিয়া (SOP)ৰ বাবে অনুমোদন জনাই, যি ক্ষুদ্ৰ আৰু প্ৰান্তৱৰ্তী কৃষকসকলৰ বাবে পানীৰ উৎসৰ লগতে সংহত মীনপালন আৰু ব্যৱসায়ভিত্তিক খেতিৰে উপাৰ্জন সৃষ্টিৰ বাট মুকলি কৰিব৷
১১,২০৮ কোটি টকাৰ ব্যয়েৰে মুঠ ৩,০০৭ টা সৰোবৰ খন্দাৰ বাবে পৰিকল্পনা কৰা হৈছে৷ এই কাৰ্য ১৫ আগষ্ট ২০২৩ ভিতৰত সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ অসমৰ প্ৰতিখন জিলাতে অতি কমেও এক হেক্টৰ আকাৰৰ এনে ৭৫টাকৈ সৰোবৰ নিৰ্মাণ কৰা হ’ব৷ অৱশ্যে কামৰূপ মেট্ৰ’, দক্ষিণ শালমৰা আৰু ডিমা হাচাওত এই সৰোবৰৰ নূ্যনতম আকাৰ হ’ব এক একৰ৷
এই সৰোবৰসমূহৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থাকিব খণ্ড পৰ্যায়ৰ মহিলা আত্মসহায়ক গোট আৰু সংগ্ৰহিত ৰাজহ ষষ্ঠ অনুসূচী এলেকাত স্থানীয় পৰিষদ আৰু পঞ্চায়ত সমূহৰ সৈতে ৩:১ অনুপাতত ভাগ-বাটোৱাৰা কৰা হ’ব৷