मनः प्रशमनोपायो योग इत्यभिधीयते।
(মনক প্ৰশমিত কৰি ৰখাৰ উপায়েই হ’ল যোগ)
যোৱা ২১ জুনত কৰ্ণাটকৰ ঐতিহাসিক মহীশূৰ পেলেচত অসমবাসীৰ গৌৰৱ গামোচাখন কান্ধত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানৱতাৰ অৰ্থে যোগ বাণীৰে অনুষ্ঠিত হোৱা অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশ লয়৷ উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘যোগ এতিয়া আৰু জীৱনৰ অংশ হৈ থকা নাই, যোগ হৈ পৰিছে জীৱনৰ পথ ৷’’ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰে ‘‘যোগ কেৱল ব্যক্তিগত লাভৰ বাবে নহয়, ই মানৱতাৰ বাবে প্ৰযোজ্য৷ যোগে বিশ্ব-ব্ৰহ্মাণ্ডলৈ শান্তি আনে৷”
অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিভিন্ন কাৰ্যসূচীত বিশ্ববাসীয়ে সুস্থ শৰীৰ আৰু সুস্থ মনৰ বাৰ্তাৰে অংশগ্ৰহণ কৰে৷
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত যোগ দিৱসৰ কাৰ্যসূচীত অংশ লয়, লগতে প্ৰতিকূল বতৰ সত্ত্বেও তেওঁৰ কেবিনেট সতীৰ্থ তথা শীৰ্ষ বিষয়াসকলে বিভিন্ন জিলাত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ মূখ্যমন্ত্ৰীগৰাকীয়ে কয় ‘‘যোগাভ্যাসে আমাৰ আধ্যাত্মিক শক্তিক উদ্দীপিত কৰে আৰু মনটোক স্থিৰ কৰি ৰাখে৷”
ডুবাইত বাস কৰা এগৰাকী ৱেলনেচ্ প্ৰশিক্ষক চোনিয়া নাজনিনে অসম বাৰ্তাক কয় ‘‘যোগৰ জৰিয়তে আমি কেৱল শাৰিৰীক নহয় মানসিক আৰু আধ্যাত্মিকভাৱে সুস্থ জীৱন যাপন কৰাৰ কলা আয়ত্ব কৰিব পাৰোঁ৷ যোগ এক সম্পূৰ্ণ বিজ্ঞান, যিকোনো জাতি বৰ্ণ আৰু ধৰ্ম নিৰ্বিশেষে তিনিবছৰৰ ওপৰৰ সকলো ব্যক্তিয়ে যোগ কৰিব পাৰে৷ যোগক যিমান সোনকালে আমাৰ জীৱনত অন্তৰ্ভুক্ত কৰিব পাৰিম সিমানেই আমি আগুৱাই যাব পাৰিম৷”
অসম পৰ্যটন নিগমে আয়োজন কৰা যোগ দিৱসৰ কাৰ্যসূচীত অংশলৈ অসমৰ জনপ্ৰিয় অভিনেত্ৰী, চলচিত্ৰ পৰিচালক তথা নিৰ্মাতা আইমী বৰুৱাই অসম বাৰ্তাক কয় ‘‘আমি মাত্ৰ যোগ দিৱসৰ নামত এদিন যোগ কৰাতকৈ প্ৰতিদিনে কিছুসময় যোগাভ্যাস কৰি মন আৰু শৰীৰক সুস্থ কৰি ৰাখিব পাৰোঁ৷”
গুৱাহাটীৰ এগৰাকী যোগ প্ৰশিক্ষক বুল্কি কলিতাৰ মতে ‘‘দৈনন্দিন জীৱনত যোগক আমি শৰীৰ, মন, সমাজ আৰু আধ্যাত্মিকতাৰ আঠটা স্তৰৰ বিকাশৰ এক প্ৰণালী হিচাপে উল্লেখ কৰিব পাৰোঁ৷ যেতিয়া শৰীৰ সুস্থ হৈ থাকে, মন পৰিষ্কাৰ হয় তেতিয়া আমি মনটোক সুস্থিৰ কৰি ৰাখিব পাৰোঁ আৰু চাপ নিয়ন্ত্ৰনত থাকে৷ সেয়েহে বছৰত এদিন নহয়, নিয়মীয়াকৈ যোগাভ্যাস কৰিলে এক সুস্বাস্থ্য আৰু শান্তিৰে পূৰ্ণ জীৱনশৈলী অটুট ৰাখিব পাৰি৷”