জুলাই মাহৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত অসমত দ্বিতীয়টো বানে ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণৰ জীৱন ব্যতিব্যস্ত কৰি তোলে। শস্য আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত বানৰ ব্যাপক প্ৰভাৱ দেখা পোৱা গ’ল। বন্যাৰ্তৰ জীৱনলৈ অহা এই বিপদৰ সময়ত তেওঁলোকক সকাহ প্ৰদান কৰিবলৈ আগুৱাই আহে বহুজন। ৰাজ্যখনৰ এখন উন্নত জিলা ডিব্ৰুগড়ো এইবাৰ প্ৰবল বান সমস্যাৰ মুখামুখি হ’বলগীয়া হ’ল।
এই প্ৰাকৃতিক দূৰ্যোগৰ সময়ত বহুজনে নিস্বাৰ্থভাৱে হাতত হাত থৈ বন্যাৰ্তসকলৰ কাষত থিয় দিলে, তেওঁলোকক সকাহ প্ৰদানৰ বাবে সকলো বাধা অতিক্ৰম কৰিলে।
২ জুলাইৰ পুৱা ১০ বজাত ডিব্ৰুগড়ৰ টেঙাখাট চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এটা ফ’ন আহিল দিব্যাংগসকলৰ বাবে কাম কৰি অহা মৃণালজ্যোতি পুনৰ্বাসন কেন্দ্ৰৰ পৰা। বানৰ মাজত আবদ্ধ হৈ পৰিছিল কেন্দ্ৰটোৰ কেইগৰাকীমান বাসিন্দা। চক্ৰ বিষয়াৰ কাৰ্যালয়টোৰ কৰ্মচাৰীসকলে তৎক্ষণাত উদ্ধাৰ অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰে।
“মৃণালজ্যোতিৰ অধীক্ষক প্ৰভাকৰ সিঙৰ পৰা ফ’ন লাভ কৰাৰ পাছত আমি ততালিকে ডিব্ৰুগড় আৰক্ষী, স্বাস্থ্য বিভাগ, জিলা শিশু সুৰক্ষা গোট, জন সুৰক্ষা আৰু ভাৰতীয় তেল নিগমৰ সৈতে যোগাযোগ কৰোঁ। অতি কম সময়তে আমি উক্ত স্থানত উপস্থিত হওঁগৈ,” উদ্ধাৰ অভিযানৰ পৰিদৰ্শক তথা টেঙাখাটৰ চক্ৰ বিষয়া জাহ্নৱী গোস্বামীয়ে অসম বাৰ্তাৰ প্ৰতিবেদকক এনেদৰে কয়। তেওঁ লগতে কয়, “একাঁঠু পানীৰ মাজেৰে গৈ আমি ৪-৫ ঘণ্টাৰ ভিতৰত ২৭গৰাকী শিশুক উদ্ধাৰ কৰি দুলীয়াজান মহাবিদ্যালয়ৰ আশ্ৰয় শিবিৰলৈ লৈ আনো। তাতেই তেওঁলোকৰ খাদ্য, পানী, বস্ত্ৰ, স্বাস্থ্য সেৱা আদিৰ যোগাৰ কৰা হয়।”
এই উদ্ধাৰ অভিযানৰ নেতৃত্ব প্ৰদান কৰিছিল সহকাৰী উপ-নিয়ন্ত্ৰক এহচানুল চফিয়ে। তেওঁ নিজৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি কয়, “আমি ট্ৰাক আৰু ডাম্পাৰ ব্যৱহাৰৰ বাবে চেষ্টা কৰিছিলোঁ যদিও সেই স্থানলৈ আমি গাড়ী লৈ যাব নোৱাৰিলোঁ। শিশুসকলক উদ্ধাৰ কৰি অনাৰ বাবে আমি ততালিকে এখন জেচিবিৰ ব্যৱহাৰ কৰোঁ। এই উদ্ধাৰ অভিযানৰ আৰম্ভ হৈছিল দিনৰ বাৰ বাজি ত্ৰিছ মিনিটত।”
তেওঁ লগতে কয়, “মূকবধিৰ আৰু শ্ৰৱণশক্তিৰহিত শিশুসকলৰ সৈতে আমি যোগাযোগৰ ক্ষেত্ৰত সামান্য প্ৰত্যাহ্বানৰ মুখামুখি হৈছিলোঁ যদিও আমাৰ দলত ছাইন লেংগুৱেজৰ প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিও আছিল, যি উদ্ধাৰ অভিযানত আমাক যথেষ্ট সহায় কৰে।”
চফিয়ে লগতে উল্লেখ কৰে, “বানৰ দুৰ্যোগ আৰু উদ্ধাৰ অভিযানৰ হাই উৰুমিৰ মাজত শিশুসকলৰ মনত ভয় আৰু শংকাৰ সৃষ্টি স্বাভাৱিক আছিল। সেয়ে সেই সময়ত দিব্যাংসকলৰ বাবে মানসিক সহযোগিতাৰ প্ৰয়োজন আছিল। উদ্ধাৰ অভিযানৰ সময়ত আমাৰ দলে তেওঁলোকক প্ৰয়োজনীয় মানসিক সহযোগিতা আগবঢ়ায়।”
ডিব্ৰুগড়ৰ পৰা দক্ষিণ শালমাৰালৈ আৰ্তজনৰ কাষত থিয় দিব পৰাটোৱে আছিল মূল বিষয়।
খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ কৰ্মচাৰীসকলে একেলগে এয়া সুনিশ্চিত কৰিবলৈ বিচাৰিছিল যে বানৰ মাজতো যাতে ৰেচন কাৰ্ডধাৰী ৰাইজে ৰেচনৰ সামগ্ৰী লাভ কৰে।
বিভাগটোৰ দক্ষিণ শালমাৰাৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক বিশ্বজিৎ সোণোৱালে অসম বাৰ্তাক কয়, “আমি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ চাউল প্ৰদান সুনিশ্চিত কৰিবলৈ বিচাৰিছিলোঁ। আমি সুলভ মূল্যৰ দোকানীসকলক অনুৰোধ জনাওঁ যাতে তেওঁলোকে যিকোনো উপায়েৰে আৰ্তজনক সহায় কৰে। এই প্ৰক্ৰিয়াৰ সম্পাদনৰ ক্ষেত্ৰত স্থানীয় লোকসকলেও সহায় কৰে। আমি আমাৰ লক্ষ্যৰ ৯৭%ত উপনীত হ’বলৈ সক্ষম হৈছিলোঁ।”
বানৰ মাজত স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে ৰাজ্যত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে ১৫খন নৌকা ক্লিনিকৰ ব্যৱস্থা কৰে।
মাজুলীৰ জিলা প্ৰকল্প বিষয়া ৰিতুৰেখা বৰুৱা ফুকনে কয়, “বান হোৱা মাজুলীৰ ২৪খন গাঁৱৰ ভিতৰত ১৫খনতেই নৌকা ক্লিনিকৰ জৰিয়তে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে (২৬ জুলাইৰ তথ্য অনুসৰি)।” তেওঁ লগতে কয়, “এই ক্লিনিকসমূহত প্ৰয়োজনীয় স্বাস্থ্য সেৱা উপকৰণসমূহ সংযোজিত হৈ আছিল আৰু স্বাস্থ্য পৰীক্ষা, স্বাস্থ্য সজাগতা অনুষ্ঠান, পৰিয়াল পৰিকল্পনা সম্পৰ্কীয় আলোচনা আদি নিয়মীয়াকৈ চলাই থকা হৈছিল।”
মাজুলীৰ স্বাস্থ্য বিষয়া ডাঃ চাদ্দাম হুছেইনে কয় যে এই নৌকা ক্লিনিকসমূহ আছিল তেওঁৰ বাবে এক অতিৰিক্ত দায়িত্ব আৰু এই দায়িত্ব পালনৰ ক্ষেত্ৰত তেওঁ যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। তেওঁ কয়, “এই ক্লিনিকসমূহে বানৰ সময়ত প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদানকৰ্তাৰ ভূমিকা পালন কৰিছিল। প্ৰাথমিক টিকাকৰণ, প্ৰসৱপূৰ্ব তথা প্ৰসৱৰ পাছৰ স্বাস্থ্যৰ যতন আৰু পৰীক্ষাৰ লগতে মধুমেহ আৰু উচ্চ ৰক্তচাপ আদি ৰোগৰ চিকিৎসা আদিৰ ক্ষেত্ৰত এই নৌকা ক্লিনিকে বিশেষ সেৱা প্ৰদান কৰে।” ডাঃ হুছেইনে উল্লেখ কৰে যে তেওঁ মাজুলীৰ প্ৰায় ১৮০০০ ব্যক্তিক সেৱা প্ৰদান কৰে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কয় যে বছৰৰ দ্বিতীয়টো বানে তেওঁৰ বিভাগটোৰ যেন শক্তি পৰীক্ষা লয়। তেওঁ কয়, “এই সকলো সমস্যাৰ সমাধানৰ লগতে আমি গুৰুত্ব দিবলগীয়া হৈছিল নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক। তেওঁলোকৰ বাবে শিক্ষাবৰ্ষৰ প্ৰতিটো দিনেই গুৰুত্বপূৰ্ণ হৈ পৰে। সেয়ে আমি বানৰ মাজতে তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত হোৱা ক্ষতিপূৰণ কৰিবলৈ গ্ৰীষ্মকালীন শিৱিৰৰ আয়োজন কৰোঁ।”