শিশুসকলৰ বাবে উন্নত শিক্ষাৰ সুবিধা সুলভ কৰি তোলাৰ এক বিশেষ অভিযানৰ অংশস্বৰূপে সাত দিনৰ ভিতৰত অসম চৰকাৰে মুকলি কৰিলে ৩৮খনকৈ বিদ্যালয়৷ ৰাজ্যখনৰ চাহ বাগিচাৰ দাঁতিকাষৰীয়া অঞ্চলৰ শিশুসকলৰ শৈক্ষিক বিকাশৰ হেঙাৰদাল অতি পুৰণি৷ এই ঐতিহাসিক প্ৰত্যাহ্বান নেওচি তেওঁলোকৰ উন্নত শিক্ষা সুনিশ্চিত কৰিবলৈ ইয়াৰে ১৯খন বিদ্যালয় আৰম্ভ কৰা হৈছে চাহ বাগিচা আৰু দাঁতিকাষৰীয়া এলেকাত৷
এই ৩৮খন বিদ্যালয়ৰ প্ৰথম দুখন মুকলি কৰে যোৱা ১৯ জুনত উত্তৰ গুৱাহাটীৰ ৰংমহলত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ৰংমহল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত (ছেবা আৰু এএইচএছইচি পাঠ্যক্ৰম) অসমীয়া মাধ্যমত পাঠদান কৰাৰ লগতে আদৰ্শ বিদ্যালয়ত চিবিএছই পাঠ্যক্ৰমৰ বাবে ইংৰাজী মাধ্যমত পাঠদান কৰা হ’ব৷ উল্লেখ্য যে দুয়োখন বিদ্যালয় একেটা চৌহদতে স্থিত৷
অনুষ্ঠানটিত ভাষণ প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে একেটা ভৱনত চিবিএছই আৰু ছেবাৰ দুখনকৈ বিদ্যালয়ে ৰংমহলত শিক্ষাৰ এক সুস্থ প্ৰতিযোগিতাৰ ক্ষেত্ৰত উদগনি যোগাব৷ তেওঁ কয় যে আগন্তুক কেইটামান দিনৰ ভিতৰত উদ্বোধন হ’বলগীয়া ১৯খন আদৰ্শ বিদ্যালয়ত ইংৰাজী মাধ্যমত পাঠদান কৰিব, আনহাতে চাহ বাগিচা অঞ্চলৰ আন ১৯খন বিদ্যালয়ত অসমীয়া মাধ্যমত পাঠদান কৰা হ’ব৷
ড॰ শৰ্মাই উল্লেখ কৰে যে চৰকাৰৰ চিবিএছই বিদ্যালয় স্থাপনৰ প্ৰচেষ্টাই সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিব৷
এই বিশেষ পদক্ষেপৰ আদৰণি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটত উল্লেখ কৰে: “প্ৰশংসনীয় পদক্ষেপ৷ শিক্ষা হৈছে এক সমৃদ্ধিশালী ৰাষ্ট্ৰৰ আধাৰ আৰু এই নতুন মাধ্যমিক বিদ্যালয়সমূহে যুৱপ্ৰজন্মৰ বাবে এক শক্তিশালী ভেটি নিৰ্মাণ কৰিব৷ বিশেষকৈ চাহ বাগিচা অঞ্চলসমূহৰ প্ৰতি প্ৰদৰ্শন কৰা সংকল্পবদ্ধ পদক্ষেপৰ বাবে আনন্দিত হৈছোঁ৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে ১২৬টা বিধানসভা সমষ্টিত আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে কাম কৰি আছে যাৰ ভিতৰত ৫৫খন বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু বাকীসমূহৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত৷
“সকলো আদৰ্শ বিদ্যালয়তে স্মাৰ্ট শ্ৰেণীকোঠা, বিজ্ঞান পৰীক্ষাগাৰ, কম্পিউটাৰ লেব্, পুথিভঁৰাল আদি থাকিব৷ এই বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ মানসিক আৰু শাৰীৰিক বিকাশৰ ক্ষেত্ৰত সহায় কৰিবলৈ ‘প্ৰজেক্ট চাইল্ড’ৰ ব্যৱস্থাও সংযুক্ত কৰা হ’ব,” তেওঁ কয়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰে ২,০০০খন মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ প্ৰতিখনতে ১০ কোটি টকাৰ ব্যয়সাপেক্ষে পুনৰ্নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে৷
অনুষ্ঠানত তেখেতে আদৰ্শ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক বিনামুলীয়া পাঠ্যপুথি বিতৰণ কৰে৷
১৯ জুনত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ডিব্ৰুগড়ৰ নাহৰতলী চাহ বাগিচাত এখন আদৰ্শ বিদ্যালয় আৰু ভিতৰ চাবুৱা চাহ বাগিচা আদৰ্শ বিদ্যালয়খনৰ উদ্বোধন কৰে৷ চাবুৱাত বিদ্যালয়খন উদ্বোধন কৰাৰ সময়ত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত আছিল৷ ডাঃ পেগুৱে ডিব্ৰুগড় জিলাৰ লাহোৱালত ৰ’মাই চাহ বাগিচা আদৰ্শ বিদ্যালয়খনৰো উদ্বোধন কৰে৷
এই নতুন আদৰ্শ বিদ্যালয়কেইখন গোৱালপাৰা, বৰপেটা, তিনিচুকীয়া, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কামৰূপ, শোণিতপুৰ, ধুবুৰী, কাছাৰ, চৰাইদেউ, শিৱসাগৰ আৰু লখিমপুৰ জিলাত অৱস্থিত৷
একেদিনাই পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপ জিলাৰ হাজোত এখন আদৰ্শ বিদ্যালয় উদ্বোধন কৰে, কৃষি মন্ত্ৰী অতুল বৰাই ধেমাজি জিলাৰ মধুপুৰ চাহ বাগিচা আদৰ্শ বিদ্যালয়খন উদ্বোধন কৰে, আনহাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটা জিলাৰ সৰভোগত গোবৰ্ধন আদৰ্শ বিদ্যালয়খনৰ উদ্বোধন কৰে৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই শিৱসাগৰৰ ডিমৌত এখন আদৰ্শ বিদ্যালয় উদ্বোধন কৰে, বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগে চৰাইদেউ জিলাৰ মাহমৰা আদৰ্শ বিদ্যালয়ৰ উদ্বোধন কৰাৰ লগতে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ধুবুৰী জিলাৰ চাপৰ চাহ বাগিচা আদৰ্শ বিদ্যালয়খন উদ্বোধন কৰে৷