মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ জনতা ভৱনত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ অধীনত তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ এই কাৰ্যসূচীয়ে শিখা তালুকদাৰ, মুনমী দাস, বিনীতা টেৰণৰ দৰে আন হিতাধিকাৰীসকলক উদগনি যোগাব৷
উল্লেখযোগ্য যে ২০২১ চনৰ ৩১ মাৰ্চলৈ যি সকল ঋণগ্ৰহণকাৰীৰ একাউণ্ট অ-কাৰ্যক্ষম সম্পদ (এনপিএ)লৈ পৰিণত হৈছে তথা ২৫,০০০ টকাপৰ্যন্ত ঋণৰ বকেয়া মূলধন থকা মহিলাসকলক অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ তৃতীয় পৰ্যায়ৰ অধীনত সামৰি লোৱা হৈছে৷ এই পৰ্যায়ত ঋণদাতাক (মাইক্ৰ’ফাইনেন্স/ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান) ক্ষতিপূৰণ প্ৰদান কৰিবলৈ অসম চৰকাৰে ২৯১ কোটি টকা ব্যয় কৰিব আৰু ইয়াৰ জৰিয়তে ৰাজ্যখনৰ ২,২২,৯৪৯গৰাকী ঋণগ্ৰহণকাৰী লাভান্বিত হ’ব৷ ইয়াৰ বিনিময়ত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে ঋণগ্ৰহণকাৰীক “no due certificate” প্ৰদান কৰিব আৰু এনেদৰেই ঋণগ্ৰহণকাৰীসকলে আনুষ্ঠানিক বেংক/বিত্তীয় ব্যৱস্থাৰ অধীনত পৰৱৰ্তী ঋণ প্ৰাপ্তিৰ বাবে সুযোগ লাভ কৰিব৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে যে এই কল্যাণকামী আঁচনিখনৰ জৰিয়তে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান তথা বেংকৰ লাখ লাখ ঋণগ্ৰস্ত মহিলা পুনৰ ঋণ লাভৰ বাবে যোগ্য হৈ উঠিব৷
অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ বৈশিষ্ট্য অনুসৰি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আঁচনিখনক প্ৰথম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিশেষ কাৰণবশতঃ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান তথা বেংকৰপৰা ক্ষুদ্ৰ ঋণ লৈ সময়মতে সম্পূৰ্ণ ধন পৰিশোধ কৰিব নোৱৰা যোগ্য মহিলাসকলক আৰ্থিক সকাহ আগবঢ়োৱাটোৱেই হৈছে আঁচনিখনৰ মূল উদ্দেশ্য৷
মালিগাঁৱৰ গোশালাৰ শিখা (৪২) হৈছে দিছপুৰৰ উক্ত অনুষ্ঠানত উপস্থিত থকা আঁচনিখনৰ অন্যতম এগৰাকী হিতাধিকাৰী৷
“শাক-পাচলিৰ ব্যৱসায় কৰিবলৈ মই ২০১৮ বৰ্ষৰ আৰম্ভণিতে গ্ৰামীণ ডেভেলপমেণ্ট এণ্ড ফাইনেন্স প্ৰাইভেট লিমিটেডৰপৰা ৩০,০০০ টকাৰ ঋণ লৈছিলোঁ৷ ব্যৱসায়ৰ প্ৰাৰম্ভিক পৰ্যায় আশাব্যঞ্জক আছিল আৰু সময়মতে সহজ মাহিলি কিস্তি[ইএমআই]ও পৰিশোধ কৰি আছিলোঁ৷ কিন্তু ক’ভিডকালীন পৰিস্থিতিয়ে ব্যৱসায় ক্ষতিগ্ৰস্ত কৰাৰ ফলত সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰি আমি সমস্যাৰ সন্মুখীন হ’লোঁ,” দুটি সন্তানৰ মাতৃ শিখাই এনেদৰে কয়৷
ইয়াৰ লগতে তেখেতে কয়, “বেংকৰ ঋণ পৰিশোধ কৰিব নোৱৰাটো যিকোনো আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বাবে বোজা তথা অভিশাপস্বৰূপ৷ কিন্তু অসম চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনিখনে আমাক বেংকৰ ঋণৰ বোজাৰপৰা সম্পূৰ্ণৰূপে সকাহ দিছে৷”
এই আঁচনিখনৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে প্ৰায় ৩০০ কোটি টকা সুত ৰেহাই দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠানসমূহক কৃতজ্ঞতা
জ্ঞাপন কৰে আৰু ভৱিষ্যতে হিতাধিকাৰীসকলক তেওঁলোকৰ ঋণ পৰিশোধ কৰি দায়বদ্ধ নাগৰিকৰ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়৷
“আৰ্থিকভাৱে দুৰ্বল ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ গ্ৰহণকাৰীসকলক সহযোগিতা আগবঢ়োৱাৰ লগতে ৰাজ্যখনত ঋণ পৰিশোধৰ সংস্কৃতি পুনৰ ঘূৰাই আনিবলৈ এয়া হৈছে অসম চৰকাৰৰ এককালীন সাহায্য প্ৰদান আঁচনি৷ সকলো ঋণ গ্ৰহণকাৰীকে মই তেওঁলোকৰ একাউণ্টসমূহ সক্ৰিয় কৰি ৰাখিবলৈ তথা সময়ত ঋণ পৰিশোধ কৰিবলৈ আহ্বান জনালোঁ,” মুখ্যমন্ত্ৰীয়ে কয়৷