খানাপাৰাৰপৰা পাণবজাৰলৈ সুৰেন কলিতাৰ বাছযাত্ৰা আজিকালি মসৃণ, যান্ত্ৰিক শব্দৰপৰা মুক্ত আৰু আৰামদায়ক। চিটি বাছত উঠাৰ এক অনন্য অভিজ্ঞতাৰ সাক্ষী হৈছে তেওঁ। তেওঁৰ মতে এনে বাছৰ এতিয়া সঘন অহা-যোৱা।
গুৱাহাটীৰ বাছযাত্ৰীসকল, ভ্ৰমণৰ এক নতুন অভিজ্ঞতালৈ স্বাগতম। ১ জানুৱাৰীত গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ সহযোগত অসম ৰাজ্যিক পৰিবহণ নিগমে দ্ৰুতগতিত অৱনমিত বায়ুৰ গুণমান সূচক নিয়ন্ত্ৰণ কৰি এক সেউজ পৰিৱেশ গঢ়াৰ লক্ষ্যৰে ২০০খনকৈ গ্ৰীন বাছ বা সেউজ বাছৰ প্ৰচলন কৰিছে।
এনে এখন বাছত যাত্ৰা কৰা আমাৰ প্ৰতিৱেদকক সুৰেন কলিতাই কয়, “এই বাছবোৰত যাত্ৰা কৰাটো উপভোগ্য আৰু অতি পৰিৱেশ অনুকূল। মই প্ৰতিজন নাগৰিকক গ্ৰীন বাছত যাত্ৰা কৰিবলৈ আৰু প্ৰদূষণমুক্ত গুৱাহাটীৰ দিশত অৰিহণা যোগাবলৈ অনুৰোধ জনাইছোঁ।”
এই বাছসমূহ চালকৰ বাবেও সুবিধাজনক। এই প্ৰতিৱেদকে যাত্ৰা কৰা এখন বাছৰ চালক মতিউৰ ৰহমানে কয়, “মই যোৱা প্ৰায় ১২ বছৰ ধৰি চিটি বাছ চলাই আছোঁ। এয়া মোৰ বাবে কিন্তু সুকীয়া অভিজ্ঞতা। এই বাছখন চলাবলৈ মসৃণ। কাৰিকৰী দিশৰপৰা ইলেক্ট্ৰনিক ব্ৰেক বিতৰণৰ বাবে চলাবলৈ অতি সহজ ।”
“যোৱা ২০ আগষ্টত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এখন কেবিনেট বৈঠকত ১০০ খন সংকুচিত প্ৰাকৃতিক গেছ (চিএনজি) আৰু ২০০খন সেউজীয়া বাছ প্ৰচলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। এই উদ্দেশ্যৰ আঁৰত আছিল মহানগৰখনত চলি থকা ডিজেল বাছবোৰ পৰ্যায়ক্ৰমে বন্ধ কৰি এক বহনক্ষম পৰিবহণ ব্যৱস্থাৰ সৃষ্টি কৰা। পৰৱৰ্তী সময়ত, পৰিবহণ বিভাগে বিষয়টোক দ্ৰুত ৰূপায়ণৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰে। জিএছচিএল আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ মাজত স্বাক্ষৰ হোৱা এক বুজাবুজি চুক্তিৰ জৰিয়তে এএছটিচিয়ে জিএছচিএল পুঁজিৰে এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ দায়িত্ব গ্ৰহণ কৰে,” অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক ৰাহুল দাসে কয়।
ৰাহুল দাসে অসম বাৰ্তাক অৱগত কৰে যে অলেক্ট্ৰা গ্ৰীনটেক আৰু টাটা মটৰ্ছক এই বাছসমূহ নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা হৈছিল।
প্ৰায় ২৬১ কোটি টকা ব্যয়েৰে ৰাইজৰ সেৱালৈ অহা গুৱাহাটীৰ এই বৈদ্যুতিক বাছসমূহে এইমছ, মিৰ্জা, বাইহাটা, জাগীৰোড আৰু চন্দ্ৰপুৰকে আদি মহানগৰীৰ দাঁতিকাষৰীয়া চহৰসমূহতো সেৱা আগবঢ়াইছে।
ৰাহুল দাসে এই বাছসমূহৰ যাত্ৰীসকলৰ পৰা লাভ কৰা উৎসাহজনক সঁহাৰিৰ বিষয়েও উল্লেখ কৰে। “আমি এই বাছসমূহৰ বাবে আন্তঃৰাজ্যিক বাছ আস্থান আৰু ৰূপনগৰত চাৰ্জিং পইণ্ট স্থাপন কৰিছোঁ। ‘দীৰ্ঘ দূৰত্বৰ’ বাছ সেৱাৰ প্ৰচলনৰ বাবে জাগীৰোড, মিৰ্জা আৰু বাইহাটা চাৰিআলিতো এনে ব্যৱস্থা নিৰ্মাণ কৰা হৈছে।”
ক্ষমতা অনুসৰি বাছবোৰৰ দুটা ভাগ আছে– ১০০খন বাছ হৈছে দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিব পৰা অৰ্থাৎ সম্পূৰ্ণ চাৰ্জ হোৱাৰ পাছত কমেও ২০০ কিল’মিটাৰ অতিক্ৰম কৰাৰ ক্ষমতা আছে আৰু বাকী বাছসমূহে সম্পূৰ্ণ চাৰ্জ হোৱাৰ পাছত ১৬০ কিল’মিটাৰ অতিক্ৰম কৰিব পাৰে।
আমি বছৰটোৰ শেষৰ ফালে বা অহা বছৰৰ আৰম্ভণিতে ডিজেল বাছৰ সলনি ৰাজহুৱা পৰিবহণ ব্যৱস্থাত শীঘ্ৰেই সেউজীয়া কৰি তুলিব বুলি আশা কৰিছোঁ,” তেওঁ কয়।
১ জানুৱাৰীত এই বাছ সেৱা মুকলি কৰাৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে এয়া এক সেউজীয়া ভৱিষ্যতৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ অংশস্বৰূপে গ্ৰহণ কৰা ব্যৱস্থা।
প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড অসমৰ অধ্যক্ষ ড০ অৰূপ কুমাৰ মিশ্ৰই এই পদক্ষেপক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি কয়, “গুৱাহাটীত বৃহৎ পৰিমাণৰ নিৰ্মাণ কাৰ্যকলাপ পৰিলক্ষিত হোৱাৰ লগতে দ্ৰুতগতিত বৰ্ধিত সংখ্যক বাহন বিক্ৰী হোৱাৰ সময়ত অসম চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণীয়।”
ড০ মিশ্ৰই কয় যে পেট্ৰ’ল বা ডিজেল চালিত বাহন চলোৱাটো নিষিদ্ধ কৰিব নোৱাৰি বা নিৰ্মাণ কাৰ্যকলাপ বন্ধ কৰিব নোৱাৰি যদিও এনে সৰু কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপে গুৱাহাটীৰ প্ৰদূষণৰ হাৰ হ্ৰাস কৰাৰ দিশত যথেষ্ট অৰিহণা যোগাব।
“আমি চহৰখনৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে সকলো সম্ভৱ ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। গুৱাহাটীক কম প্ৰদূষিত আৰু উন্নত জীৱনধাৰণৰ চহৰ হিচাপে গঢ়ি তোলাৰ দিশত সজাগ হোৱাটো সাধাৰণ ৰাইজৰো দায়িত্ব।”