ব্ৰহ্মপুত্ৰৰ পাৰত বহি নৈপৰীয়া বতাহজাক উপভোগ কৰাটো অহা কেইবছৰমানৰ ভিতৰতে আপোনাৰ বাবে অনন্য অভিজ্ঞতা হৈ পৰিব৷ এই অভিজ্ঞতাৰ আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ ইতিমধ্যে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে (GSCL) এক অভিলাষী পৰিকল্পনা হাতত লৈছে৷
জিএছচিএলে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে সৌন্দৰ্যবৰ্ধনৰ বাবে আগবঢ়োৱা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সম্পৰ্কে সঞ্চালক মণ্ডলীৰ সৈতে কৰা আলোচনাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পৰ বাবে সেউজ সংকেত প্ৰদান কৰিছে৷ এই ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পাছত নৈৰ পাৰে পাৰে খোজ কাঢ়িবলৈ সুকীয়া পদপথৰ লগতে আসনৰ ব্যৱস্থা, আলোকসজ্জা, চাইক্লিঙৰ ব্যৱস্থা আৰু নদীৰ সৌন্দৰ্য উপভোগৰ সুবিধাও থাকিব৷ (বক্সত চাওক)
৩৭০ কোটি টকা ব্যয়েৰে ১.৩ কিল’মিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়ন প্ৰকল্পৰ বাবে অনুমোদন জনোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পৰ সৈতে জড়িত বিভিন্ন উপাদানসমূহ দ্ৰুততাৰে সম্পাদন কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে৷
ভাৰত চৰকাৰৰ স্মাৰ্ট চিটী অভিযান প্ৰকল্পৰ অধীনত স্মাৰ্ট চিটী হিচাপে গঢ় দিবলৈ লোৱা দেশৰ প্ৰথম ২০খন মহানগৰৰ ভিতৰত গুৱাহাটীও নিৰ্বাচিত হৈছিল৷ সেই অনুসৰি, অসম চৰকাৰে গুৱাহাটীৰ স্মাৰ্ট চিটী প্ৰকল্পৰ পৰিকল্পনা, ডিজাইন, ৰূপায়ণ, সমন্বয় আৰু নিৰীক্ষণৰ বাবে বিশেষ উদ্দেশ্য পূৰণৰ হেতু এটা গোট (Special Purpose Vehicle -SPV) -জিএছচিএল গঠন কৰিছিল৷
মুখ্য বৈশিষ্ট্য সমূহ
- ৫১.৫ মিটাৰ স্তৰত ১৫ মিটাৰ বহল ৱাক ৱে’ নিৰ্মাণৰ প্ৰস্তাৱ ৷
- নদীৰ পাৰৰ প্ৰমোদ ভ্ৰমণস্থলীটো বছৰৰ প্ৰতিটো ঋতু পানীৰ স্তৰৰ সৈতে সামঞ্জস্য ৰাখি কাৰ্যক্ষম হৈ থাকিব৷
২০২৫ চনৰ ১৭ মাৰ্চত সম্পূৰ্ণ হ’বলগীয়া এই প্ৰকল্পটোৰ কাম মেছাৰ্ছ আইটিডি চিমেণ্টেচন প্ৰাইভেট লিমিটেডে ইতিমধ্যে আগবঢ়াই নিছে৷ অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে অসম বাৰ্তাক কয় যে আৰম্ভণিতে কিছু বাধা আছিল যদিও এতিয়া পূৰ্ণগতিত কাম চলি আছে আৰু নিৰ্ধাৰিত সময়সীমাত কাম সম্পাদন হৈ উঠিব৷
“যদিও এই প্ৰকল্পটোৰ প্ৰস্তাৱ কেইবছৰমান আগতেই আগবঢ়োৱা হৈছিল, তথাপি কামসমূহে গতি লাভ কৰা নাছিল৷ মাননীয় মুখ্যমন্ত্ৰীৰ উদ্যোগত ই এক নতুন জীৱন লাভ কৰিছে৷ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে৷ আমি আশাবাদী যে সময়সীমাৰ ভিতৰতেই প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ম, ” সিংহলে কয়৷
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ উপৰি এই প্ৰকল্পটোৱে ৰাজ্যখনৰ পৰ্যটনৰ ক্ষেত্ৰখনতো অৱদান আগবঢ়াব৷