বাণিজ্য আৰু উদ্যোগ, ইলেক্ট্ৰ’নিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্র্যালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী যিতীন প্ৰসাদে অসম ভ্ৰমণৰ সময়ত কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বিস্তৃত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে আৰু জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পৰিকল্পনাৰ কাৰ্য ৰূপায়ণৰ পৰ্যালোচনা কৰে।
এই বিষয়ে সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, “গুৱাহাটী লোকসভাৰ সাংসদ বিজুলি কলিতা মেধি, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, অতুল বৰা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ ভাৰত চৰকাৰৰ জনকল্যাণমূলক বিভিন্ন আঁচনিৰ প্ৰগতি আৰু প্ৰয়োগৰ পৰ্যালোচনা কৰা হৈছে।”
তেখেতে লগতে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাইজৰ উন্নতি আৰু অন্তর্ভুক্তিমূলক বিকাশৰ দিশত অক্লান্ত প্ৰয়াস অব্যাহত ৰাখিছে।”
মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতেই জিলা উদ্যোগী সন্মিলন আৰু প্ৰদৰ্শনীৰ উদ্বোধন কৰে আৰু এখন ইথানল কাৰখানাৰ স্থান পৰিদৰ্শন কৰে। এই সময়ত তেখেতে উদ্যোগপতি, শিল্পীসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু অসমৰ সমৃদ্ধ সাংস্কৃতিক আৰু কলা-ঐতিহ্যৰ বিষয়ে মূল্যবান পৰামৰ্শ আগবঢ়ায়।
তেখেতে লগতে কয়, “অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যজুৰি ঔদ্যোগিক ক্ষেত্ৰত অব্যাহত ৰখা সহায়ে স্থানীয় শিল্পীসকলৰ বাবে এখন নিশ্চিত বজাৰ মুকলি কৰি দিছে, যাৰ ফলত তেওঁলোকৰ আত্মনিৰ্ভৰশীলতা আৰু জীৱিকাৰ সুযোগ বৃদ্ধি পাইছে। দ্বৈত ইঞ্জিনযুক্ত চৰকাৰৰ বিভিন্ন পৰিকল্পনাৰ জৰিয়তে অসমে স্থানীয় অৰ্থনীতিৰ বিকাশৰ সাক্ষী হৈ আহিছস আৰু যুৱসমাজৰ বাবে নতুন কর্মসংস্থাপনৰ পথ সৃষ্টিৰ দিশত আগুৱাই গৈছে।”
ভ্ৰমণৰ শেষত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাক্ষাৎ হয় আৰু আমচাং চাহ বাগিচাত চাহ শ্রমিকসকলক সাক্ষাৎ কৰে।










