দুদিনীয়া অসম ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম-শতবৰ্ষ উদযাপনত অংশগ্ৰহণ কৰে। সুৰ সাধকগৰাকীৰ অনন্য অৱদানক সন্মান জনাবলৈ এক বিশেষ কাৰ্যসূচীৰে অনুষ্ঠানটো আৰম্ভ হৈছিল; য’ত অসমজুৰি ১,০০০তকৈও অধিক শিল্পীয়ে ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিসমূহ পৰিৱেশন কৰে।
প্ৰধানমন্ত্ৰীয়ে তেখেতৰ ভাষণত সকলো শিল্পীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি কয়, “ভূপেনদাৰ জন্ম-শতবৰ্ষ উদযাপনৰ অংশ হোৱাটো মোৰ বাবে সৌভাগ্যৰ বিষয়। সকলোৰে মাজত ‘সুধাকণ্ঠ’ হিচাপে সমাদৃত ভূপেনদাই ভাৰতৰ আৱেগক কণ্ঠেৰে মূৰ্ত কৰি তুলিছিল, সংগীতক সংবেদনশীলতাৰে সংযোগ কৰিছিল আৰু গীতেৰে ভাৰতৰ সপোনক সংৰক্ষণ কৰাৰ লগতে মাতৃ গংগাৰ জৰিয়তে ভাৰত মাতাৰ মমতা বর্ণনা কৰিছিল আৰু সেইগৰাকী সুধাকণ্ঠৰে জন্ম-শতবাৰ্ষিকী।”
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, “ভূপেনদাই এনে অমৰ সৃষ্টি কৰিছিল, যিসমূহে সংগীতে ভাৰতক একত্ৰিত কৰিছিল। তেখেত কায়িকভাৱে আমাৰ মাজত নাথাকিলেও তেখেতৰ গীত আৰু কণ্ঠই আজিও ভাৰতৰ উন্নয়নৰ যাত্ৰাৰ সাক্ষী হৈ আছে আৰু সেই যাত্ৰাক শক্তি প্ৰদান কৰিছে। তেখেতৰ গীত, বাৰ্তা আৰু জীৱনৰ কাহিনীয়ে আজি প্ৰতিটো ঘৰতে পোহৰ বিলাইছে।”

উক্ত অনুষ্ঠান উপলক্ষে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত ড° ভূপেন হাজৰিকাৰ জীৱনী প্ৰকাশ কৰা হয়। এই জীৱনীখন ২২টা ভাষালৈ অনুবাদ কৰা হৈছে। ইয়াৰ লগতে ভূপেন হাজৰিকাৰ স্মৃতি সম্বলিত ১০০ টকাৰ এটি স্মাৰক মুদ্ৰাও মুকলি কৰা হয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণত কয়, “ভূপেন হাজৰিকাদেৱে ওৰেটো জীৱন সংগীতৰ সেৱাত উৎসৰ্গা কৰিছিল। তেখেতে লিখা গীতসমূহত সুধাকণ্ঠৰ জীৱনৰ আদৰ্শ আৰু অভিজ্ঞতা প্ৰতিফলিত হৈছিল। মাতৃভূমিৰ প্ৰতি তেখেতৰ গভীৰ স্নেহ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’-ৰ জীৱন্ত প্ৰতিচ্ছবি আছিল।”
তেখেতে পুনৰ কয়, “ভূপেনদাৰ জন্ম অসমৰ উত্তৰ-পূবত; ব্ৰহ্মপুত্ৰৰ বিশাল ঢৌৱে তেখেতক সংগীতৰ প্ৰেৰণা দিছিল। সেই যাত্ৰাই গঙ্গাৰ প্ৰবাহিত স্ৰোতৰ মাজেৰে এক নৈপুণ্যতাৰ ৰূপ ল’লে।”
ভূপেনদাক “এক ভ্ৰমণপ্ৰিয় সংগীতযাত্ৰী” হিচাপে বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে কয়,“ভূপেনদাই ভাৰত ভ্ৰমণ কৰিলে, আমেৰিকালৈ গৈ পি এইচ ডি লাভ কৰিলে, কিন্তু জীৱনৰ প্ৰতিটো পৰ্যায়ত তেখেত অসমৰ মাটিৰ সৈতে গভীৰভাৱে জড়িত আছিল — প্ৰকৃত পুত্ৰৰ দৰে।”
তেখেতে লগতে কয়,“যেতিয়া দশক পূৰ্বে উত্তৰ-পূৰ্বাঞ্চল উপেক্ষিত আছিল আৰু হিংসা-সংঘাতেৰে জৰ্জৰিত হৈছিল, তেতিয়াও ভূপেনদাই ভাৰতৰ একতাৰ কণ্ঠস্বৰ হৈ পৰিছিল। তেখেতে এখন সমৃদ্ধিশালী উত্তৰ-পূবৰ সপোন দেখিছিল আৰু অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্যৰ গান গাইছিল।”
প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “আমাৰ চৰকাৰে ভূপেনদাৰ সেই সপোন পূৰণৰ দিশে দিন-ৰাতি একাকাৰ কৰি কাম কৰি আছে। ভূপেনদাক ভাৰত ৰত্ন প্ৰদান কৰি চৰকাৰে উত্তৰ-পূবৰ আশা-আকাঙ্ক্ষাক সন্মান জনাই ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। ইয়াৰ লগতে অসম-অৰুণাচলক সংযোগ কৰা দেশৰ আটাইতকৈ দীঘলীয়া দলঙক ভূপেন হাজৰিকা সেতু নামেৰে নামাঙ্কিত কৰা হৈছে।”
“অসম আৰু সমগ্ৰ উত্তৰ-পূব এতিয়া দ্রুতগতিত আগবাঢ়ি গৈছে, উন্নয়নৰ সকলো ক্ষেত্ৰত নতুন নতুন দৃষ্টান্ত স্থাপন হৈছে। এই সকলোবোৰ হৈছে জাতিৰ হৈ ভূপেনদালৈ সৰ্বোত্তম প্ৰণাম আৰু উপহাৰ,” প্ৰধানমন্ত্ৰীয়ে কয়।
তেখেতে উল্লেখ কৰে,“যিকোনো পৰিস্থিতিতে অসমে সদায় দেশৰ গৌৰৱৰ কণ্ঠস্বৰ হৈ আহিছে। সেই আত্মাভিমানৰ প্ৰতিফলনেই দেখা যায় ভূপেনদাৰ সংগীতত।” তেওঁ কয়, “১৯৬২ চনৰ যুঁজৰ সময়ত অসমে যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ দেখিছিল, সেই সময়ত ভূপেনদাই নিজৰ সংগীতৰ জৰিয়তে ৰাষ্ট্ৰৰ দৃঢ়তা আৰু সংকল্প বৃদ্ধি কৰিছিল।”
ভূপেন হাজৰিকাৰ জন্ম-শতবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ‘ভ’কেল ফৰ ল’কেল’ অভিযানৰ অংশ হ’বলৈ আহ্বান জনায় যাতে সকলোৱে কেৱল স্থানীয় সামগ্ৰীৰ বিক্ৰী-বজাৰত অংশ লয়।
শেষত প্ৰধানমন্ত্ৰীয়ে কয়, “ভূপেনদাই যি সপোন তেতিয়াই দেখিছিল, আজিৰ ভাৰতে তাক একেলগে বাস্তৱায়নৰ সংকল্প লৈছে। ২০৪৭ চনৰ ভিতৰত এক বিকশিত ভাৰত গঢ়াৰ লক্ষ্যক আমি আমাৰ প্ৰতিটো প্ৰয়াস আৰু প্ৰতিটো সিদ্ধান্তৰ মুখ্য কৰি ৰাখিব লাগিব।”










