ভাৰতীয় কৃষকসকলে তেওঁলোকৰ জীৱিকা উপাৰ্জনৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসংখ্য সমস্যাৰ বাবে তেওঁলোকক জীয়াই থকাত সহায় কৰিবলৈ সদায় কল্যাণমূলক কাৰ্যসূচীৰ প্ৰয়োজন হৈ আহিছে৷ বছৰ বছৰ ধৰি একেৰাহে চৰকাৰে বহুতো আঁচনি আৰু কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও, কৃষকৰ দুখ এতিয়াও আছে ৷
শেহতীয়াকৈ, কেইবাখনো ৰাজ্যৰ চৰকাৰে বিপদত পৰা কৃষকসকলক উদ্ধাৰ কৰাৰ প্ৰচেষ্টাৰে কৃষি ঋণ ৰেহাই দিছে৷ অৱশ্যে ঋণ ৰেহাইৰ বহু নেতিবাচক পৰিণতিও আছে৷ ৰেহাইৰ সুবিধা প্ৰকৃত হিতাধিকাৰীসকলৰ ওচৰলৈ যাব নে নাই তাক নিৰ্ধাৰণ কৰাটো কঠিন৷ আমি এনে ব্যৱস্থাৰ পৰা আঁতৰি আহি বিপণন, মূল্য নিৰ্ধাৰণ, ঋণ আৰু সম্প্ৰসাৰণ সেৱাৰ সমস্যাসমূহ সমাধান কৰি কৃষিৰ ক্ষেত্ৰত সামৰ্থ্য বিকাশৰ বাবে একত্ৰিত আৰু জৰুৰী সংস্কাৰ গ্ৰহণ কৰিব লাগিব ৷
২০১৪ চনত কেন্দ্ৰৰ মোদী চৰকাৰ শাসনলৈ অহাৰ লগে লগে, পূৰ্বৰ ব্যৰ্থতাসমূহৰ বিশ্লেষণ আৰু সেই অনুসৰি কিছুমান আঁচনিৰ পুনৰুজ্জীৱিতকৰণৰ বাবে পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন ঘটিল৷ ইয়াৰ উপৰিও অধিক ব্যৱহাৰিক আঁচনি প্ৰৱৰ্তন কৰা হৈছে যাৰ ৰূপায়ণ চলি আছে ৷ ২০১৮ চনৰ মে’ মাহত চৰকাৰে এটা প্ৰতিশ্ৰুতি দিছিল- ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰা৷ এই উদ্দেশ্যে আৰু কৃষকৰ অৱস্থা অধিক উন্নত কৰাৰ বাবে চৰকাৰে নিজৰ প্ৰতিশ্ৰুতিৰ আধাৰস্বৰূপে প্ৰৱৰ্তন কৰিছে কেতবোৰ আঁচনি আৰু কল্যাণমূলক কাৰ্যসূচী৷ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে আঁচনিসমূহৰ সুবিধাৰ বিষয়ে কৃষকসকলক ভালদৰে সজাগ কৰিব লাগিব৷ শেষত, চৰকাৰে আঁচনিসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব লাগে যাতে কৃষি আঁচনি সমূহৰ লক্ষ্যই হিতাধিকাৰীসকলক উপযুক্তভাৱে উপকৃত কৰে৷