ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অংশস্বৰূপে এছএআই২০ (ছুপ্ৰীম অ’ডিট ইনষ্টিটিউশ্যনছ ২০)এনগেজমেণ্ট গ্ৰুপৰ প্ৰথম জ্যেষ্ঠ বিষয়া পৰ্যায়ৰ বৈঠকখন যোৱা ১৩ আৰু ১৪ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হৈছিল৷ এছএআই২০ এনগেজমেণ্ট গ্ৰুপৰ অধ্যক্ষ হিচাপে এই আলোচনাৰ নেতৃত্ব প্ৰদান কৰে ভাৰতৰ কম্পট্ৰলাৰ তথা অ’ডিটৰ জেনেৰেল (চিএজি) গিৰীশ চন্দ্ৰ মুৰ্মুৱে৷
উদ্বোধনী ভাষণত মুৰ্মুৱে কয় যে ‘এছএআই২০ জ্যেষ্ঠ বিষয়া বৈঠক ২০২৩’ হৈছে সকলোৰে সামগ্ৰিক বিকাশ আৰু কল্যাণ সুনিশ্চিত কৰিবলৈ জি-২০ৰ সদস্য দেশসমূহৰ সৰ্বোচ্চ অ’ডিট প্ৰতিষ্ঠানসমূহৰ বিশ্বব্যাপী সহযোগিতা আৰু সামূহিক প্ৰচেষ্টাৰ প্ৰতীকস্বৰূপ৷ তেওঁ কয় যে আমাৰ বিশ্ব বৰ্তমান সময়ত বহনক্ষম উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে একাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে৷ তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰ্য তথা খাদ্য সুৰক্ষাত ইয়াৰ প্ৰভাৱে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে৷ সকলোৰে বাবে এক সুৰক্ষিত ভৱিষ্যৎ সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশ্বৰ প্ৰতিটো সম্প্ৰদায়ক এই সমস্যাসমূহৰ সমাধানৰ দিশত গুৰুত্ব প্ৰদান কৰিবলৈ তেখেতে আহ্বান জনায়৷
নতুনকৈ উদ্ভাৱন হৈ থকা বিভিন্ন প্ৰযুক্তিৰ স্থিৰতা, বিকাশ আৰু ভূমিকাৰ গুৰুত্বক স্বীকাৰ কৰি তেওঁ কয় যে এছএআই২০য়ে অগ্ৰাধিকাৰ দিয়া – ‘নীল-অৰ্থনীতি’ (Blue economy) আৰু ‘দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তা’ই (Responsible Artificial Intelligence) নতুন যুগৰ সুযোগ-সম্ভাৱনীয়তা আৰু চিন্তাক প্ৰতিনিধিত্ব কৰাৰ লগতে প্ৰকৃত সহযোগিতাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰিছে৷ বৈঠকত উপস্থিত সকলোকে উদ্দেশ্যি মুৰ্মুৱে কয় যে বিশ্বব্যাপী অভিজ্ঞতা আৰু পদক্ষেপসমূহ বুজি পাবলৈ আৰু এই ক্ষেত্ৰসমূহত অ’ডিটৰৰ ভূমিকাক বাহ্যিক অংশীদাৰসকলে কিদৰে চায় তাক জানিবলৈ, তেওঁৰ দলটোৱে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বহুতো বিশেষজ্ঞৰ সৈতে আলোচনা কৰিছিল৷ বিগত ফেব্ৰুৱাৰীত এই বিষয়সমূহৰ বিস্তৃত চৰ্চাৰ বাবে এক আলোচনাচক্ৰও অনুষ্ঠিত হৈছিল৷
আমন্ত্ৰণ জনোৱা জি-২০ সদস্য এছএআইৰ ৩৯গৰাকী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকল, অতিথি এছএআইসমূহ আৰু বিশ্ব বেংকৰ প্ৰতিনিধিবৰ্গই আলোচনাত অংশগ্ৰহণ কৰে৷ দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই বৈঠকত অষ্ট্ৰেলিয়া, ব্ৰাজিল, ইজিপ্ত, ইণ্ডোনেছিয়া, ওমান, ৰিপাব্লিক অৱ কোৰিয়া, ৰাছিয়া, ছৌদি আৰৱ, তুৰ্কী আৰু ইউএইৰ ছুপ্ৰীম অ’ডিট ইনষ্টিটিউশ্যনসমূহে অংশগ্ৰহণ কৰে৷