বৰাক উপত্যকাৰ চিকিৎসা ক্ষেত্ৰত এক সংযোজন হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ শিলচৰ মেডিকেল কলেজ আৰু হাস্পতালত ২০৮খন বিছনাযুক্ত এখন ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰে।
জাইকাৰ আৰ্থিক সহায়ত ১৬ বিঘা ভূমিত নিৰ্মাণ হ’বলগীয়া এই হাস্পতালখনত ছয়টা ক্লিনিকেল বিভাগ থাকিব ~ কাৰ্ডিঅ’লজী, কাৰ্ডিঅ’থ’ৰেচিক চাৰ্জাৰী, নিউৰ’লজী, নিউৰ’চাৰ্জাৰী, নেফ্ৰ’লজী আৰু ইউৰ’লজী।
আন্ত:গাঁথনি আৰু উন্নত চিকিৎসা ব্যৱস্থাসহ সম্পূৰ্ণ প্ৰকল্পটোৰ মুঠ ব্যয় প্ৰায় ৩০০ কোটি টকা আৰু নিৰ্মাণকাৰ্য ৩০ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।
হাস্পতালখনত প্ৰতিটো ছুপাৰ স্পেচিয়েলিটী বিভাগৰ বাবে ২০খন বিছনা, ১৪খন জৰুৰীকালীন বিছনা, ২৭খন আই চি ইউ/আই চি চি ইউ বিছনা, ২৪খন পোষ্ট-অপাৰেটিভ বিছনা, ১৬খন প্ৰি-অপাৰেটিভ বিছনা, ১০খন ডায়েলাইছিছ বিছনা আৰু ২৫খন পেইং কেবিন থাকিব।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়, “২০০৬ চনত মই স্বাস্থ্য মন্ত্ৰী হোৱাৰ সময়ত অসমজুৰি সকলো মেডিকেল কলেজ মিলাই কেৱল ৩৬০খন এম বি বিএছ আসন আৰু ১৫০খন পি জি আসন আছিল। আজি সেই সংখ্যা বৃদ্ধি পাই এম বি বি এছৰ আসন ২০০০ আৰু পি জিৰ আসন ১৫০০ হৈছে। এই উন্নতিয়ে চিকিৎসা শিক্ষাক্ষেত্ৰত এক ঐতিহাসিক পৰিৱর্তন আনিছে। অসমৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া চিকিৎসা শিক্ষাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব নালাগে।”
তেখেতে লগতে প্ৰসূতিৰ মৃত্যু আৰু নৱজাতকৰ মৃত্যুৰ হাৰত হোৱা উল্লেখযোগ্য হ্ৰাসৰ কথাও উল্লেখ কৰি কয়, “অসমে এতিয়া গুণগত চিকিৎসা সেৱাৰ বাবে ৰাষ্ট্ৰীয় পৰিসৰত এক বিশেষ স্থান লাভ কৰিছে। অহা দশকত আমাৰ লক্ষ্য হ’ব চিকিৎসা শিক্ষাৰ গুণগত মান উন্নত কৰা।”
জাইকাৰ সাহায্যপ্ৰাপ্ত ‘Assam Health System Strengthening Project’-ৰ অধীনত ৰাজ্য চৰকাৰে সকলো মেডিকেল কলেজত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে, যাৰ জৰিয়তে কাৰ্ডিয়াক আৰু নিউৰ’লজিকেল চিকিৎসাৰ সুবিধা আগবঢ়োৱা হ’ব।
মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে প্ৰায় ১৫০ কোটি টকা ব্যয়ত শিলচৰ চিভিল হাস্পতাল পুনৰ নিৰ্মাণ কৰা হ’ব আৰু এই বছৰেই শিলচৰ মেডিকেল কলেজত ৫০০ বিছনাৰ নতুন আন্ত:গাঁথনি সম্পূৰ্ণ হ’ব।
তেখেতে লগতে কলেজৰ পুৰণি মূল বিল্ডিঙৰ সলনি ১৫০০খন বিছনাৰ আধুনিক নতুন ভৱন নিৰ্মাণৰ পৰিকল্পনাৰ কথাও ঘোষণা কৰে, যাৰ ফলত হাস্পতালখনে আধুনিক ৰূপ লাভ কৰিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আগন্তুক কেইটামান মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৫,০০০ কোটি টকা ব্যয় সাপেক্ষে বৰাক উপত্যকা আৰু গুৱাহাটী সংযোগী নতুন ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব।









