সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ অবিৰত অভিযানৰ ফলস্বৰূপে ১২ ডিচেম্বৰত বৰাক উপত্যকাত দুই বিদ্ৰোহী সংগঠনৰ ১,১৭৯জন কেডাৰে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহে৷
হাইলাকান্দি জিলাৰ কাটলিচেৰাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু তথ্য আৰু জনসংযোগ তথা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত বৰাক উপত্যকাৰ দুই বিদ্ৰোহী সংগঠন ব্ৰু ৰিভল্যুচনেৰী আৰ্মী অৱ ইউনিয়ন (বিআৰএইউ) আৰু ইউনাইটেড ডেম’ক্ৰেটিক লিবাৰেশ্যন ফ্ৰণ্ট অৱ বৰাকৰ (ইউডিএলএফ-বি)ৰ সদস্যসকলে অস্ত্ৰ সম্বৰণ কৰে৷
বিধানসভাৰ অধ্যক্ষগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে দেশে স্বাধীনতা লাভ কৰাৰ পাছতো ব্ৰু-ৰ একাংশ যুৱকযুৱতীয়ে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ ফলত হাতত মাৰণাস্ত্ৰ তুলি ল’বলৈ বাধ্য হৈছিল৷
“ৰাজ্য চৰকাৰৰ আহ্বানমৰ্মে বৰাক উপত্যকাৰ দুই সক্ৰিয় বিদ্ৰোহী সংগঠনে সশস্ত্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰি সমাজৰ মূলসুঁতিলৈ উভতি আহিছে৷ এতিয়া তেওঁলোকক প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাটো আমাৰ দায়িত্ব”, বিশ্বজিৎ দৈমাৰীয়ে কয়৷
তেওঁ কয় যে চৰকাৰে ব্ৰু-সকলক বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত কৰিছে যাতে তেওঁলোকে প্ৰাপ্য উন্নয়নমূলক সুবিধাসমূহ লাভ কৰিব পাৰে৷
অধ্যক্ষগৰাকীয়ে লগতে কয়, “সকলো চৰকাৰী সা-সুবিধা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ বাবে অতিৰিক্ত উন্নয়নমূলক আঁচনিও ৰূপায়ণ কৰা হ’ব৷”
অনুষ্ঠানত তথ্য আৰু জনসংযোগ তথা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বৰাক উপত্যকাৰ এই দুই সক্ৰিয় বিদ্ৰোহী সংগঠনৰ আত্মসমৰ্পণে ৰাজ্যত শান্তি আৰু উন্নয়নৰ এক নতুন যুগৰ সূচনা কৰিব৷
তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ডেৰ বছৰীয়া শাসনকালত ৰাজ্যখনৰ অধিকাংশ উগ্ৰপন্থী সংগঠনে মূলসুঁতিলৈ উভতি আহিছে৷
অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (বিশেষ শাখা) হীৰেন চন্দ্ৰ নাথে কয় যে ইউডিএলএফ-বিভি আৰু বিআৰএইউ-ৰ সদস্যসকলে ১৮টা এ কে ছিৰিজৰ ৰাইফলসহ ৩৫০টা মাৰণাস্ত্ৰ, এম-১৬ ৰাইফল আৰু ৪০০ৰো অধিক কাৰ্টিজ জমা দিয়ে৷
তেওঁ কয় যে আত্মসমৰ্পণকাৰী ১,১৭৯জন কেডাৰৰ ভিতৰত ৫৪৫জন কেডাৰ বিআৰএইউ-ৰ আৰু ৬৩৪জন কেডাৰ ইউডিএলএফ-বিৰ৷
২০০৪ চনত ইউনাইটেড ডেম’ক্ৰেটিক লিবাৰেশ্যন আৰ্মী নামৰ সংগঠনটো গঠন কৰা ধন্যৰাম ৰেয়াঙে কয় যে তেওঁলোকে নিজ জাতিৰ সুৰক্ষাৰ স্বাৰ্থত হাতত মাৰণাস্ত্ৰ তুলি ল’বলগীয়া হৈছিল৷
বি আৰ এ ইউ-ৰ নেতা ৰাজেশ চাৰ্কীয়ে মূলসুঁতিলৈ উভতি আহি সুখী অনুভৱ কৰা বুলি কয়৷ তেওঁ লগতে ব্ৰু জনগোষ্ঠীৰ বাবে স্বায়ত্তশাসিত অৰ্থনৈতিক পৰিষদৰ বাবে পুনৰবাৰ দাবী উত্থাপিত কৰে৷
সদস্যসকলে জমা দিয়া অস্ত্ৰসমূহ পৰিদৰ্শন কৰিছে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই