বৰাক উপত্যকাৰ উন্নয়নক এক ন-মাত্ৰা প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা মাহত বৰাক উপত্যকাটোত ৭৬৭ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰে৷
বৰাক উপত্যকাত দুদিনীয়া ভ্ৰমণকালত তেওঁ কাছাৰ আৰু হাইলাকান্দি জিলাৰ আঠটা বিধানসভা সমষ্টিৰ ১৮,৮৬৯গৰাকী হিতাধিকাৰীক সামৰি লোৱাকৈ মুঠ ৭৫খন আঁচনি
উন্মোচন কৰে৷ তেওঁ ২২৯ কোটি টকাৰ ব্যয় সাপেক্ষে প্ৰস্তুত কৰা পাঁচখন আঁচনি উদ্বোধন কৰে আৰু ৫৩৮ কোটি টকাৰ চাৰিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷
ড॰ শৰ্মাই শিলচৰত ৪৮ কোটি টকাৰ ব্যয় সাপেক্ষে কাছাৰৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগতে ১৬ কোটি টকাৰ এক সন্মিলন কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰখোলাৰপৰা কালাইনলৈ ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ উন্নয়নৰ বাবেও আধাৰশিলাও স্থাপন কৰে আৰু এই প্ৰকল্পত ব্যয় হ’ব ২১০ কোটি টকা৷ তেওঁ চেঁচাবাৰীৰপৰা হাইলাকান্দিলৈ ২৬৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ২৪ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ বাবেও আধাৰশিলা স্থাপন কৰে৷
আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে বৰাক নদীৰ ওপৰত তিনিখন দলং ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ লগতে হাইলাকান্দিত ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ এটা প্ৰতিমূৰ্তি
উন্মোচন কৰে৷ কাছাৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত বীৰ লাচিত বৰফুকনৰ এটি প্ৰতিমূৰ্তি তেওঁ উন্মোচন কৰে৷
শিলচৰৰ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত শৰ্মাই কয় যে অসম চৰকাৰে বৰাক উপত্যকাৰ পথ আন্তঃগাঁথনিৰ প্ৰসাৰৰ লগতে অন্যান্য খণ্ডসমূহৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিছে৷ তেওঁ শিলঘাটত এখন দলং নিৰ্মাণ কৰাৰ বিষয়েও ঘোষণা কৰে৷ তেওঁ উল্লেখ কৰে যে তেওঁ উদ্বোধন কৰা বৰাক নদীৰ দলং তিনিখনে দক্ষিণ অসমৰ পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ লগতে বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়নৰ দিশতো সহায় কৰিব৷
বৰাক উপত্যকাত জল জীৱন মিছনৰ অধীনত পাইপযোগে খোৱাপানী যোগান আঁচনিৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এই আঁচনিখন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি আপোন৷
হাইলাকান্দি জিলা ভ্ৰমণৰ সময়ত ড॰ শৰ্মাই কয় যে এই অঞ্চল পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে ২০০ কোটি টকা ব্যয় কৰা হ’ব৷ তেখেতে হাইলাকান্দিত এটা জিলা পুথিভঁৰাল আৰু এখন ষ্টেডিয়ামৰ উন্নয়নৰ বাবে ২০ কোটি টকাৰ অনুমোদনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷