মহাবাহু ব্ৰহ্মপুত্ৰ অসমৰ ‘জীৱন ৰেখা’ হোৱাৰ উপৰি ৰাজ্যখনৰ সাংস্কৃতিক আৰু আধ্যাত্মিক সভ্যতাৰো সাক্ষ্য বহন কৰিছে৷ ‘নদীভিত্তিক ধৰ্মীয় পৰ্যটন বৰ্তনী’ৰ বিকাশৰ বাবে ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ, সাগৰমালা উন্নয়ন নিগম লিমিটেড, অসম পৰ্যটন উন্নয়ন নিগম আৰু অসম চৰকাৰৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ মাজত যোৱা ১৯ মে’ত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷
অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ সাক্ষী হয়৷ এই বুজাবুজিৰ চুক্তিয়ে গুৱাহাটীৰ সাতটা ঐতিহাসিক ধৰ্মীয় স্থান- কামাখ্যা, পাণ্ডুনাথ, অশ্বক্লান্ত, দৌল গোবিন্দ, উমানন্দ, চক্ৰেশ্বৰ আৰু আউনীআটী শাখা সত্ৰৰ মাজত হ’প অন হ’প অফ ব্যৱস্থা (hop-on-hop-off mode)যুক্ত আধুনিক ফেৰী সেৱাৰ সুবিধা প্ৰদান কৰিব৷
অনুষ্ঠানত উপস্থিত সকলোকে সম্বোধন কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়, “এই ঐতিহাসিক চুক্তিয়ে ৰাজ্যখনত পৰ্যটনৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব৷ মই এই প্ৰচেষ্টাৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ লগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ৷” তেওঁ লগতে কয়, “এই অভূতপূৰ্ব নদীৱৰ্তী বৰ্তনীৰ জৰিয়তে পৰ্যটকসকলে কম সময়ৰ ভিতৰতে গুৱাহাটীৰ সমৃদ্ধ আধ্যাত্মিক ঐতিহ্যক উপভোগ কৰাৰ সুযোগ লাভ কৰিব৷”
প্ৰায় ৪৫ কোটি টকাৰ বিনিয়োগেৰে ১২ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা পৰ্যটন বৰ্তনীটো উজান বজাৰৰ হনুমান ঘাটৰপৰা আৰম্ভ হ’ব৷ এই ফেৰী সেৱাই এটা সম্পূৰ্ণ ভ্ৰমণ বৰ্তনী বৰ্তমানৰ ৭-৮ ঘণ্টাৰ পৰিৱৰ্তে ২ ঘণ্টাতকৈও কম সময়তে সম্পূৰ্ণ কৰিব বুলি আশা কৰা হৈছে৷
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “নদীকেন্দ্ৰিক পৰ্যটন বৰ্তনীৰ বিকাশ অসমৰ পৰ্যটন খণ্ডৰ বাবে এক আশাৰ বতৰা৷ এই পদক্ষেপবোৰে নতুন ভাৰতৰ বিকাশৰ
ইঞ্জিনৰূপে উত্তৰ-পূৰ্বাঞ্চলক অধিক শক্তি প্ৰদান কৰিছে৷”
সাগৰমালা উন্নয়ন কোম্পানী লিমিটেড আৰু ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণে যুটীয়াভাৱে প্ৰকল্প ব্যয়ৰ ৫৫% অৰিহণা যোগাব আৰু আৰু অৱশিষ্ট ৪৫% ইকুইটী অসম পৰ্যটন উন্নয়ন নিগমে প্ৰদান কৰিব৷ প্ৰকল্পটোৰ অধীনত কামাখ্যা মন্দিৰত জেট্টী (Jetty) আৰু ফানিক্যুলাৰ ৰে’লৱে (Funicular Railway) ট্ৰলী ব্যৱস্থা নিৰ্মাণ, জাহাজৰ ক্ৰয় আদি আন্তঃগাঁথনিকেন্দ্ৰিক কাৰ্য্যকলাপসমূহকো সামৰি লোৱা হৈছে৷