আৱৰ্জনাক সমস্যাৰ বিপৰীতে উৎপাদনশীলতাত ব্যৱহাৰ কৰিব পৰা যায়নে? এই প্ৰশ্নটোৰ সমাধানস্বৰূপে স্বচ্ছ ভাৰত আভিযান নগৰীয়া ২.০ আৰু অসম চৰকাৰে আৰম্ভ কৰিছে এক অনন্য পদক্ষেপ৷ যোৱা ৪ ছেপ্টেম্বৰত উত্তৰ লখিমপুৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এটা গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প৷ এয়া আৰম্ভণিহে, স্বচ্ছ ভাৰত আভিযান-নগৰীয়া ২.০ৰ অধীনত ৰাজ্যখনৰ চহৰসমূহৰ আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰক্ৰিয়াটোক সু-সংগঠিত কৰাৰ বাবে অসমৰ প্ৰায়বোৰ চহৰতে এনে একো একোটা প্ৰকল্প স্থাপনৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
এই প্ৰকল্পসমূহত গোটা আৱৰ্জনাৰ পৰা পচন সাৰ উৎপাদন আৰু পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা প্ৰক্ৰিয়াৰ (Recycle) সম্পাদন কৰা হ’ব৷
লখিমপুৰৰ প্ৰকল্পটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰে যে এয়া ইতিবাচক পৰিৱৰ্তনৰ সবল ছবি৷ লখিমপুৰৰ এই প্ৰকল্পটোৱে প্ৰতিদিনে ২৫ টন গোটা আৱৰ্জনাৰ ব্যৱস্থাপনা কৰাৰ লগতে প্ৰতিদিনে ১০০ টন ৰিচাইকল কৰিব পৰা আৱৰ্জনাৰ (MRF) ব্যৱস্থাপনা কৰিব৷
উল্লেখ্য যে যোৱা ২৭ জুলাইত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে, “আমি নগৰাঞ্চলত সৃষ্ট গোটা আৱৰ্জনা নিয়ন্ত্ৰণ কৰিবলৈ এলানি ব্যাপক কাৰ্য-ব্যৱস্থা হাতত লৈছোঁ৷ ইয়াৰ অংশ হিচাপে সমগ্ৰ অসমত ৪৮টা আৱৰ্জনা ব্যৱস্থাপনা গোট আহি আছে আৰু তাৰে ১৮টাৰ কাম ইতিমধ্যে ক্ষিপ্ৰতাৰে আগবাঢ়িছে৷ এই আৱৰ্জনা ব্যৱস্থাপনা গোটৰ সম্পূৰ্ণকৰণে আমাৰ স্বচ্ছ অসমৰ লক্ষ্যৰ দিশত বহুদূৰ আগুৱাই যোৱাত সহায়কৰ ভূমিকা গ্ৰহণ কৰিব৷”
লখিমপুৰৰ প্ৰকল্পটোৰ লগতে নলবাৰীত আন এটা প্ৰকল্প বৰ্তমান কাৰ্যক্ষম হৈ আছে৷ নলবাৰীৰ এই প্ৰকল্পটোৰ ক্ষমতা হৈছে ১০ টন গোটা আৱৰ্জনাৰ পচন প্ৰতিদিন আৰু ১০ টন ৰিচাইকল কৰিব পৰা আৱৰ্জনাৰ ব্যৱস্থাপনা৷ ৰাজধানী চহৰ গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত এনে বহুকেইটা সৰু সৰু প্ৰকল্প ইতিমধ্যে কাৰ্যক্ষম হৈ আছে যদিও বৃহৎ পৰ্যায়ত অসমৰ সকলো চহৰকে এনে প্ৰকল্পৰ ভিতৰত সামৰি ল’বলৈ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ গুৱাহাটীত প্ৰতিদিনে ১০০ টন ক্ষমতাসম্পন্ন এটা MRণ্ঠ- প্ৰকল্প নৱেম্বৰৰ পৰা কাৰ্যক্ষম হৈ পৰাৰ আশা কৰা হৈছে৷
স্বচ্ছ ভাৰত আভিযান-নগৰীয়াৰ আৰ্হি ৱাৰ্ড পদক্ষেপৰ (Model Ward Initiative) অধীনত ৬,৮০০টা পচন সাৰৰ গাঁত নিৰ্মাণ কৰি ৮২টা স্বেচ্ছাসেৱী সংগঠন আৰু ৩৯৮টা আত্মসহায়ক গোট আৰু ৬৭৭গৰাকী অনানুষ্ঠানিক জাবৰ সংগ্ৰহকৰ্তা নিয়োগ কৰা হৈছে৷
লখিমপুৰৰ প্ৰকল্পটিৰ কাৰ্যবাহী বিষয়া তাপস জ্যোতি কলিতাই কয়, “MRF আৰু আৱৰ্জনাৰ পৰা পচন সাৰ প্ৰস্তুত কৰা প্ৰকল্পটোত আমি বৈজ্ঞানিক প্ৰক্ৰিয়াৰে ব্যৱস্থাপনা কৰিছোঁ আৰু এই প্ৰক্ৰিয়াটো ছেমি-অট’মেটিক৷ আৱৰ্জনা সংগ্ৰহৰ পাছত মেনুৱেল প্ৰক্ৰিয়াৰে পৃথকীকৰণ কৰাৰ পাছত আৱৰ্জনাসমূহ ট্ৰ’মেল যন্ত্ৰৰ জৰিয়তে প্ৰক্ৰিয়াকৰণ কৰা হয়৷ উৎসত পৃথকীকৰণৰ ক্ষেত্ৰত এতিয়াও কিছু প্ৰত্যাহ্বান আছে যদিও এই বিষয়ে সজাগ কৰিবলৈ পৌৰসভাখনে ব্যৱস্থা গ্ৰহণ কৰিছে৷”
তাপস জ্যোতি কলিতাই লখিমপুৰৰ লিগেচী আৱৰ্জনাৰ বিষয়েও উল্লেখ কৰি কয়, “অসমৰ প্ৰথমখন জিলা হিচাপে উত্তৰ লখিমপুৰত লিগেচী আৱৰ্জনা ব্যৱস্থাপনাৰ জৰিয়তে প্ৰায় ১৬ বিঘা ভূমি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷”
অসমত প্ৰতিদিনে ১৩৩৮ টন আৱৰ্জনা সৃষ্টি হয় আৰু ইয়াৰে ২৭২ টন প্লাষ্টিক আৱৰ্জনা৷ স্বচ্ছ ভাৰত আভিযান নগৰীয়াৰ তথ্য অনুসৰি ইয়াৰে ১২৩১ টন আৱৰ্জনা সংগ্ৰহ কৰা হয় আৰু বৰ্তমান ৭৯১.৫ টন আৱৰ্জনা প্ৰতিদিনে প্ৰক্ৰিয়াকৰণ কৰা হয়৷ বৰ্তমান ২৯টা স্থানীয় নগৰ নিকায়ত প্ৰতিদিনে ৪৬৯.৩৩ টন আৱৰ্জনাৰ ব্যৱস্থাপনা সংযোজন কৰাৰ লক্ষ্যৰে কাম আৰম্ভ হৈছে আৰু ২৪টা আন স্থানীয় নগৰ নিকায়ত নিৰ্মাণ কাৰ্য চলি আছে৷
“MRF আৰু আৱৰ্জনাৰ পৰা পচন সাৰ প্ৰস্তুত কৰা প্ৰকল্পটোত আমি বৈজ্ঞানিক প্ৰক্ৰিয়াৰে ব্যৱস্থাপনা কৰিছোঁ আৰু এই প্ৰক্ৰিয়াটো ছেমি-অট’মেটিক৷ আৱৰ্জনা সংগ্ৰহৰ পাছত মেনুৱেল প্ৰক্ৰিয়াৰে পৃথকীকৰণ কৰাৰ পাছত আৱৰ্জনাসমূহ ট্ৰ’মেল যন্ত্ৰৰ জৰিয়তে প্ৰক্ৰিয়াকৰণ কৰা হয়৷ উৎসত পৃথকীকৰণৰ ক্ষেত্ৰত এতিয়াও কিছু প্ৰত্যাহ্বান আছে যদিও এই বিষয়ে সজাগ কৰিবলৈ পৌৰসভাখনে ব্যৱস্থা গ্ৰহণ কৰিছে” -তাপস জ্যোতি কলিতা (লখিমপুৰৰ প্ৰকল্পটোৰ কাৰ্যবাহী বিষয়া)
আন এক পদক্ষেপৰ ৰূপত স্বচ্ছ ভাৰত অভিযান – নগৰীয়া আৰু ভাৰতীয় তেল নিগম/ নুমলীগড় শোধনগাৰৰ মাজত হোৱা বুজাবুজিৰ চুক্তি অনুসৰি গুৱাহাটী (৭৫ টন প্ৰতিদিন), শিৱসাগৰ (৬০ টন প্ৰতিদিন) আৰু তিনচুকীয়া (৫০ টন প্ৰতিদিন)ৰ লগতে যোৰহাট (৬০ টন প্ৰতিদিন) আৰু শিলচৰত (৬০টন প্ৰতিদিন) জৈৱ গেছ প্ৰস্তুত প্ৰকল্প স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
স্বচ্ছ ভাৰত অভিযান- নগৰীয়াৰ পৰিচালন সঞ্চালক নয়নজ্যোতি ভাগৱতীয়ে কয়, “অসমৰ চহৰসমূহৰ ৰূপান্তৰণৰ সৈতে আমাৰ এই বৈজ্ঞানিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰক্ৰিয়াটো একাত্ম হৈ আছে৷ শুকান আৰু ভিজা জাবৰক সম্পদলৈ পৰিৱৰ্তন কৰি আমি চহৰসমূহক পৰিষ্কাৰ কৰি ৰখাৰ লগতে বহু লোকক, বিশেষকৈ মহিলাসকলক বহনক্ষম জীৱন যাপন কৰিব পৰাকৈ সবলীকৃত কৰি তুলিব পাৰিম৷” তেওঁ লগতে কয়, “অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰগতিশীল দৃষ্টিভংগীয়ে অসমৰ ৯৬খন স্থানীয় নগৰীয়া নিকায়ত গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা আমাৰ এই প্ৰচেষ্টাক উৎসাহিত কৰিছে৷ এতিয়া আৱৰ্জনাক বোজা নহয়, বিকাশ আৰু উদ্ভাৱনৰ এক সুযোগ৷”