জাতি, মাটি আৰু ভেটিৰ সুৰক্ষা আৰু ভূমিপুত্ৰসকলক তেওঁলোকৰ অধিকাৰ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰিছে দৃঢ় পদক্ষেপ। ইয়াৰ ফলস্বৰূপে বিগত চাৰিটা বছৰত ৰাজ্যখনত প্ৰায় ১৬০ বৰ্গ কিল’মিটাৰ দখল কৰা ভূমি পুনৰুদ্ধাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে মন্তব্য কৰি কয় যে এই বেদখলকাৰীসকলৰ অধিকাংশই নিজৰ জিলাত ভূমি থকা স্বত্বেও আন জিলালৈ গৈ অবৈধভাৱে বসতি স্থাপন কৰিছিল। তেখেতে উল্লেখ কৰে যে উত্তৰ অসমৰ লখিমপুৰ জিলাত চলোৱা উচ্ছেদ অভিযানৰ সময়ত দেখা গৈছিল যে বহু দখলকাৰী পশ্চিম অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ পৰা আহিছিল, যি প্ৰায় ৪০০ কিল’মিটাৰ দূৰত্বত অৱস্থিত।
তেখেতে লগতে কয় যে ৰাজ্য চৰকাৰে বনাঞ্চলৰ মাটি, চৰণীয়া পথাৰ, জনজাতি বেল্ট আৰু ব্লক আৰু চৰকাৰী মালিকানাধীন ভূমিকে ধৰি প্ৰায় ৪০ হাজাৰ একৰ বেদখল কৰা ভূমি পুনৰুদ্ধাৰ কৰিছে। “এই অঞ্চলটো প্ৰায় ১২৫ বৰ্গ কিল’মিটাৰৰ চণ্ডীগড় চহৰতকৈ বৃহৎ আৰু দক্ষিণ দিল্লীৰ দুই তৃতীয়াংশৰ প্ৰায় সমান,” মুখ্যমন্ত্ৰীয়ে কয়।

উল্লেখযোগ্যভাৱে চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলসমূহো অবৈধ দখলৰ পৰা মুক্ত কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। সেই অনুসৰি বুঢ়াচাপৰী বন্যপ্ৰাণী অভয়াৰণ্যত ২১১২ হেক্টৰ, পাইকান সংৰক্ষিত বনাঞ্চলত ১৩৮ হেক্টৰ, ওৰাং ব্ৰ্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ২৮৯৯ হেক্টৰ, লামডিং সংৰক্ষিত বনাঞ্চলত ১৪১০ হেক্টৰ, পবা সংৰক্ষিত বনাঞ্চলত ১৭৫০ হেক্টৰ মাটি উচ্ছেদ কৰা হৈছে।

এই পদক্ষেপসমূহে অসম চৰকাৰৰ জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি, বিশেষকৈ ভূমিপুত্ৰসকলৰ অধিকাৰ নিশ্চিত কৰাৰ প্ৰতি তেওঁলোকৰ দৃঢ় স্থিতিক প্ৰতিফলিত কৰে।
জিলা প্ৰশাসনক দায়িত্ব দিয়া হৈছে যে ক্ষতিগ্ৰস্ত ব্যক্তিসকলৰ নাম উচ্ছেদ কৰা স্থানৰ ভোটাৰ তালিকাৰ পৰা আঁতৰাই পেলাব লাগে।
“তেওঁলোকৰ নাম মূল গাঁৱৰ ভোটাৰ তালিকাত আছে। তেওঁলোকৰ দুটা স্থানত নাম থাকিব নোৱাৰে। এবাৰ তেওঁলোকক উচ্ছেদ কৰি ঘৰবোৰ নোহোৱা হ’লেই জিলা আয়ুক্তসকলে ভোটাৰ তালিকাৰ পৰা নাম আঁতৰাই দিব লাগিব। আমাৰ কাম হ’ল অসমীয়া তথা খিলঞ্জীয়া লোকসকলক সুৰক্ষা দিয়া,” এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
আনহাতে সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “আমি কেৱল বেদখলকাৰীৰ পৰা ভূমি পুনৰুদ্ধাৰ কৰাই নহয়, এই ভূমিসমূহ উৎপাদনশীল উদ্দেশ্যত ব্যৱহাৰ কৰি অধিক বেদখল ৰোধ কৰিছোঁ।”
মুখ্যমন্ত্রীলৈ গভীৰ কৃতজ্ঞতা প্রকাশ কৰি লখিমপুৰৰ বিধায়ক মানৱ ডেকাই প্ৰকাশ কৰে, “ঐতিহ্য, ন্যায় আৰু জীৱিকা ৰক্ষাৰ ক্ষেত্ৰত এয়া এক সাহসী পদক্ষেপ। মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰে পুনৰবাৰ আমাৰ পৰিচয়, ভূমি, শিপা সুৰক্ষাৰ বাবে নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। হাজাৰ হাজাৰ বিঘা বেদখলযুক্ত লখিমপুৰৰ চৰকাৰী ভূমি পুনৰ উদ্ধাৰ কৰি চোম গছৰ জৰিয়তে মুগা ৰেচম উৎপাদন বৃদ্ধি কৰা হৈছে। ইয়াৰ দ্বাৰা আমাৰ পৰম্পৰা পুনৰুজ্জীৱিত কৰা হৈছে আৰু হাজাৰ হাজাৰ স্থানীয় ৰেচম খণ্ডৰ সৈতে জড়িত ব্যক্তিৰ সবলীকৰণ কৰা হৈছে।”










