স্থান: নলবাৰী জিলাৰ গলিয়া প্ৰাথমিক বিদ্যালয়৷
বিদ্যালয় প্ৰাংগণত দুগৰাকী আইতাই তামোল খুন্দি সমুখত বহি থকা এজাক কণমানি শিশুক সাধু শুনাই থকাৰ এটি মনোমোহা দৃশ্য পৰিলক্ষিত হৈছে৷ শিশুসকলৰ মনত অযুত প্ৰশ্ন আৰু উৎকণ্ঠিত ভাব৷ কাৰণ আইতাই কোৱা সাধুৰ কাল্পনিক জগতখনত সিহঁতে বিচাৰি ফুৰিছে বহু নজনা প্ৰশ্নৰ উত্তৰ৷
এনেদৰে সাধুকথা কোৱাৰ মাধ্যমেৰে আইতা, নাতি-নাতিনীৰ মাজৰ মৰমৰ বান্ধোনক সুদৃঢ় কৰি বিদ্যালয় কৰ্তৃপক্ষই গঢ়ি তুলিছে শিক্ষণ-শিকনৰ এটি উৎকৃষ্ট পৰিৱেশ৷
এইক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০-য়ে বুনিয়াদী স্তৰত শিক্ষাৰ্থীসকলৰ সাক্ষৰতা আৰু সাংখ্যিকতাৰ জ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ এই উদ্দেশ্যক বাস্তৱ ৰূপ দি ২০২১ চনৰ জুলাই মাহত ভাৰত চৰকাৰে আৰম্ভ কৰে ‘নিপুণ ভাৰত’ নামৰ এক অভিলাষী অভিযান৷ এই অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি অসম চৰকাৰেও ২০২১ চনৰ নৱেম্বৰ মাহত ‘নিপুণ অসম’ৰ কাৰ্যসূচী ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰে৷
প্ৰাক্-প্ৰাথমিক শ্ৰেণীৰপৰা তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলক সামৰি লোৱা এই অভিযানে শিশুৰ ঘৰুৱা ভাষা তথা মাতৃভাষা বিকাশৰ জৰিয়তে মান্য ভাষা শিকনত গুৰুত্ব প্ৰদান কৰিছে৷ শ্ৰেণীকোঠাৰ পাঠদান কাৰ্যসূচীক আকৰ্ষণীয় ৰূপত উপস্থাপন কৰাৰ বাবে সমগ্ৰ শিক্ষা, ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ তত্ত্বাৱধানত ৰাজ্যখনত গ্ৰহণ কৰা হৈছে কেতবোৰ উল্লেখনীয় পদক্ষেপ৷
এইক্ষত্ৰত নলবাৰী জিলাৰ গলিয়া প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষই ‘নিপুণ অসম’ৰ অধীনত সময়ে সময়ে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে৷ সাধুকথা কোৱা, শিক্ষাৰ্থীসকলৰ গৃহ পৰিদৰ্শন, অভিভাৱকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী, উৎসৱ অনুষ্ঠিতকৰণ আদিৰ জৰিয়তে এক আমোদজনক শিকন পৰিৱেশ সৃষ্টি কৰা বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষক গিৰীন্দ্ৰ কাশ্যপে (২০২৩ বৰ্ষৰ কৃতী শিক্ষকৰ ৰাজ্যিক বঁটাপ্ৰাপক) সদৰী কৰে৷
“শিক্ষণ-শিকন প্ৰক্ৰিয়াত শিক্ষকসকলে যাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, তাৰ বাবে যোৱা বছৰৰ মাৰ্চ মাহত আমাক প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ তাৰ ভিত্তিত আমি বিভিন্ন কাৰ্যপন্থা হাতত লৈছোঁ৷ শিকন সামগ্ৰীসমূহৰ উচিত ব্যৱহাৰৰ সন্দৰ্ভত অভিভাৱকসকলকো জড়িত কৰি আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ৷ তদুপৰি শিক্ষাৰ্থীসকলৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে আমি ‘এই মাহৰ অতিথি’ বুলি এটি শিতান আৰম্ভ কৰিছোঁ৷ এই শিতানত আমি কিছু অভিজ্ঞ ব্যক্তিক আমন্ত্ৰণ কৰোঁ আৰু তেওঁলোকে নিৰ্দিষ্ট বিষয় সন্দৰ্ভত অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে বক্তব্য প্ৰদান কৰে,” গিৰীন্দ্ৰ কাশ্যপে কয়৷
তেখেতে লগতে কয়, “অভিভাৱকসকলৰ সক্ৰিয় অংশগ্ৰহণে ‘নিপুণ অসম’ৰ কাৰ্যসূচী ৰূপায়ণ কৰাত আমাক সহায় কৰিছে৷ বিভিন্ন ক্ৰিয়া-ভিত্তিক শিক্ষণশৈলীয়ে অভিভাৱকসকলৰ লগতে শিশুসকলৰ শিকনক উৎসাহিত কৰিছে৷ তদুপৰি সুবিধা অনুযায়ী আমি গাঁৱৰ আইতাসকলক মাতি আনি সাধুকথা কোৱাৰ এটি পদক্ষেপো গ্ৰহণ কৰিছোঁ৷ আইতাসকলে কোৱা সাধুটো শিশুসকলে মনোযোগেৰে শুনে আৰু পাছত নিজৰ মতে আমাৰ সমুখত বৰ্ণনা কৰে৷ চোতালত বহি আইতাৰ সৈতে সাধু শুনা দিনবোৰ পুনৰ ঘূৰাই অনাৰ এয়া আমাৰ ক্ষুদ্ৰ প্ৰয়াস৷ শিক্ষাৰ্থীসকলৰ মৌখিক ভাষা বিকাশৰ ক্ষেত্ৰতো ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি আমি অনুভৱ কৰিছোঁ৷”
গলিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ময়ূখ প্ৰতিম দাসৰ মাতৃ হিৰণ দাসেও বিদ্যালয়খনৰ বিভিন্ন কাৰ্যসূচীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে৷
“বিদ্যালয়খন আমাৰ বাবে নিজৰ ঘৰ সদৃশ৷ বিদ্যালয়খনক চাফ-চিকুণ কৰি ৰাখিবলৈ আমি প্ৰয়াস কৰি আহিছোঁ৷ ‘নিপুণ অসম’ৰ অধীনত সময়ে সময়ে অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীৰ লগতে আমিও অংশ লওঁ৷ ইয়াৰপৰা নজনা বহু কথা শিকিব পাৰিছোঁ আৰু নিজৰ ল’ৰাকো ঘৰত শিকাবলৈ সক্ষম হৈছোঁ৷ তদুপৰি সাপ্তাহিক মূল্যায়ন প্ৰক্ৰিয়াই শিকন প্ৰণালীত ব্যৱধান দূৰ কৰি শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত জ্ঞানৰ এক নতুন সাঁকো সৃষ্টি কৰিছে,” অভিভাৱক হিৰণ দাসে কয়৷
‘নিপুণ অসম’ৰ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত ধুবুৰীৰ ২২৩৪ নং গুটিপাৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা ৰাজ্যিক সমল গোট (নিপুণ অসম)ৰ সদস্য মিজানুৰ ৰহমানে কয়, “নিপুণ অসম অভিযান সম্পৰ্কীয় জিলা ভিত্তিক, খণ্ড ভিত্তিক আৰু মণ্ডল ভিত্তিক প্ৰশিক্ষণ কাৰ্যসূচী পৰ্যায়ক্ৰমে অনুষ্ঠিত কৰা হৈছে৷ এই অভিযান ৰূপায়ণৰ বাবে মোৰ মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ কেইবাখনো বিদ্যালয়ত আকৰ্ষণীয় ৰূপত সজাই তোলা হৈছে একোটাকৈ শ্ৰেণীকক্ষ৷ এইক্ষেত্ৰত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগ যথেষ্ট উৎসাহজনক আছিল৷”
উত্তৰ গুৱাহাটীস্থিত আনন্দৰাম উচ্চ বুনিয়াদী বিদ্যালয়তো ‘নিপুণ অসম’ৰ অধীনত বিভিন্ন ক্ৰিয়া-কলাপ ৰূপায়ণ কৰা হৈছে৷
“আমাৰ বিদ্যালয়খনৰ বহুসংখ্যক শিক্ষাৰ্থীৰে ঘৰুৱা ভাষা হৈছে বাংলা৷ কিন্তু ইয়াৰ প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীৰ অসমীয়া ভাষাতো সমানেই দখল থকা হেতুকে শিক্ষাদান কৰাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট সুবিধা হৈছে৷ যিসকল শিক্ষাৰ্থীয়ে শিকন প্ৰক্ৰিয়াত সমস্যাৰ সন্মুখীন হৈছে, তেওঁলোকৰ বাবে আমি শিক্ষক সমাজে সদায় সচেতন ভূমিকা পালন কৰি আহিছোঁ৷ ছাত্ৰ-ছাত্ৰীৰ ছপা সম্পৰ্কীয় ধাৰণাৰ বিকাশৰ বাবে বৰ্ণ কাৰ্ড, শব্দ কাৰ্ড আদিৰ সু-ব্যৱহাৰ কৰাৰ উপৰি সংখ্যা জ্ঞানৰ বিভিন্ন শিক্ষণ-শিকন সামগ্ৰীৰো শ্ৰেণীকোঠাত প্ৰয়োগ কৰা হৈছে,” বিদ্যালয়খনৰ সহকাৰী শিক্ষক আব্দুৰ ৰছিদ চৌধুৰীয়ে এনেদৰে কয়৷
শিশুসকলৰ পঠন, লিখন, মৌখিক ভাষা তথা সংখ্যা জ্ঞানৰ দক্ষতা বিকাশ সুনিশ্চিতকৰণত ‘নিপুণ অসম’ হৈছে এক কল্যাণকামী অভিযান৷ ২০২৬-২৭ বৰ্ষৰ অন্তত শ্ৰেণী অনুযায়ী শিক্ষাৰ্থীসকলে যাতে এই লক্ষ্যত উপনীত হ’ব পাৰে, তাৰ বাবে অসমৰ বিদ্যালয়সমূহত ভিন ভিন কাৰ্যসূচীৰে চলিছে সৃষ্টিৰ নতুন আখৰা৷