চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত কনিষ্টবল ৰবি ডেকা ৰজাৰ (৩৫) লগতে আন বহুকেইজন আৰক্ষীয়ে বিএমআই টেষ্টিং কেন্দ্ৰটোত শাৰী পাতিছে৷ নিজৰ ফিটনেছক লৈ সজাগ ডেকা ৰজা বিএমআই পৰীক্ষাত উত্তীৰ্ণ হ’ব বুলি নিশ্চিত যদিও পৰীক্ষাৰ আগৰ দোধোৰ-মোধোৰ ভাবটোৱে তেওঁৰ মনতো খেলা কৰি আহিছে৷
অসম আৰক্ষীয়ে যোৱা ১৬ মে’ত ব’ডী মাছ ইনডেক্স অভিযানৰ ঘোষণা কৰাৰ পাছৰেপৰা তেওঁ এই দিনটোলৈ অপেক্ষা কৰি আছিল৷
“এই পদক্ষেপ লোৱাৰ বিশেষ প্ৰয়োজন আছিল৷ এনেধৰণৰ অভিযান চলি থাকিলে আমাৰ ফিট্নেছ নিয়ন্ত্ৰণত থাকিব৷ দৈনন্দিন জীৱন প্ৰণালী অনিয়ন্ত্ৰিত হোৱা বাবে আজিকালি আমাৰ বহুতৰে স্বাস্থ্য ভালে নাথাকে বা মেদবহুলতাও দেখা যায়৷ বিএমআই টেষ্টিঙৰ প্ৰক্ৰিয়াটো বৰ সহজ-সৰল৷ প্ৰথমতে আহিয়েই শাৰী পাতি উচ্চতা জোখাৰ পাছত ওজন আৰু ফিংগাৰ প্ৰিণ্ট সংগ্ৰহ কৰা হ’ল৷ আশা কৰিছোঁ এই পদক্ষেপে সকলোকে সুস্বাস্থ্য ধৰি ৰখাত সহায় কৰিব,” ডেকা ৰজাই অসম বাৰ্তাক কয়৷
১৬ আগষ্টৰ পুৱা অসম আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ ছাউনীত নিজৰ বিএমআই পৰীক্ষণ সম্পন্ন কৰি এই অভিযানৰ আৰম্ভণি কৰে৷ তেওঁৰ বিএমআই প্ৰাপ্তাংক আছিল ২৫৷
এই অভিযানে ১৫ দিনত ৰাজ্যৰ ৩৪টা বিভিন্ন স্থানত ৬৮,০০০ আৰক্ষী কৰ্মীক সামৰি ল’ব৷ ভাৰতীয় আৰক্ষী সেৱা আৰু অসম আৰক্ষী সেৱাৰ বিষয়াকে ধৰি অসম আৰক্ষীৰ সকলো কৰ্মচাৰীৰ বিএমআই পেছাদাৰীভাৱে নথিভুক্ত কৰাৰ পূৰ্বে প্ৰস্তুতি চলাবলৈ ১৫ আগষ্টলৈকে তিনিমাহ সময় দিয়া হৈছিল৷ ৩১ আগষ্ট পৰ্যন্ত চলিবলগীয়া এই পৰীক্ষণ অভিযানত ৩০-তকৈ অধিক বিএমআই থকা আৰক্ষীসকলক মেদবহুল হিচাপে শ্ৰেণীবদ্ধ কৰা হ’ব আৰু তেওঁলোকক ‘স্বাস্থ্য শিবিৰ’ৰ বাবে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হ’ব৷
“আমি অসম আৰক্ষীৰ সকলো কৰ্মচাৰীৰ বাবে নিয়মীয়া ব্যায়ামৰ সত্ৰ অনুষ্ঠিত কৰি আহিছোঁ৷ মই তেওঁলোক সকলোকে এক স্বাস্থ্যসন্মত জীৱনশৈলী অনুসৰণ কৰিবলৈ আৰু যিমান সম্ভৱ তৈলজাত, চেনি আৰু নিমখযুক্ত খাদ্য পৰিহাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ৷ এনে কৰিলে সকলোৰে বাবে লাভজনক হ’ব,” আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অনুষ্ঠানৰ আৰম্ভণি কৰি সংবাদ মাধ্যমক কয়৷
বিএমআই পৰীক্ষণ হৈছে সম্পূৰ্ণৰূপে এক ইলেকট্ৰনিক প্ৰক্ৰিয়া আৰু ইয়াৰ স্বচ্ছতা সুনিশ্চিত কৰিবলৈ, প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচিটিভি কেমেৰা সংস্থাপন কৰা হৈছে৷
অসম বাৰ্তাৰ সৈতে হোৱা কথোপকখনত অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত প্ৰতীক থুবেই কয়, “অসম আৰক্ষীৰ স্বাস্থ্য সম্পৰ্কীয় এই পদক্ষেপ আৰম্ভ কৰাৰ পূৰ্বে এক ডাটাবেছ প্ৰস্তুত কৰাটো অতিকৈ প্ৰয়োজনীয় আছিল৷ তাৰ বাবে আমি বিত্ত বিভাগৰপৰা লাভ কৰা তথ্যৰ আধাৰত ডিডিঅ’ ভিত্তিত অসম আৰক্ষীৰ বেতনভোগী সদস্যসকলৰ জন্ম তাৰিখ, বৰ্তমান কোন স্থানত কৰ্তব্যৰত, বয়সকে ধৰি আন গুৰুত্বপূৰ্ণ তথ্যপাতি সংগ্ৰহ কৰি ৩৬টা দল গঠন কৰিলোঁ যিয়ে বিএমআই টেষ্টিং সম্পন্ন কৰিব৷ ইয়াৰে ৭টা দল গুৱাহাটীত আৰু বাকী ২৯টা দল বিভিন্ন ৰাজ্যৰ জিলাত নিয়োজিত কৰা হৈছে৷”
আন এগৰাকী মহিলা কনিষ্টবল পৰীজ্যোতি ৰাজখোৱাই বি এম আই টেষ্টিঙৰ প্ৰসংশা কৰি কয়, “সুদক্ষ আৰক্ষী হ’বলৈ সুস্বাস্থ্যৰ অধিকাৰী হোৱাটো সমানেই প্ৰয়োজনীয়৷ আৰক্ষীত কৰ্মৰত হোৱাৰ সুবাদতে জীৱনত যি নিয়মানুৱৰ্তিতাৰ প্ৰশিক্ষণ লাভ কৰোঁ, নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ ক্ষেত্ৰতো সেই নিয়মানুৱৰ্তিতা অনুসৰণ কৰিলে সুদক্ষ হোৱাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰীও হ’ব পাৰিম৷ কিয়নো সুস্বাস্থ্যই কৰ্মৰ চাপ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে৷”
উল্লেখ্য যে যোৱা মাহত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এক ভাৰ্চুৱেল বৈঠকত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী কৰ্মীসকলৰ শাৰীৰিক সুস্থতাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছিল৷ তাৰ পাছতেই ৰাজ্যত প্ৰথমবাৰৰ বাবে সম্পন্ন হোৱা বি এম আই টেষ্টিং অভিযানৰ ঘোষণা কৰা হৈছিল৷
ডিজিটেল পদ্ধতিৰে মোবাইল নম্বৰ দি পঞ্জীয়ন, উচ্চতা আৰু ওজন জোখাৰ পাছত আবেলিৰ শৰীৰ চৰ্চাৰ বাবে প্ৰস্তুতি চলাই থকা কনিষ্টবল কিশোৰ শালৈ (৩৭)য়ে এই প্ৰতিৱেদকক কয়, “মই বিগত ১৪ বছৰ ধৰি অসম আৰক্ষীত নিয়োজিত হৈ অনুভৱ কৰিছোঁ যে সকলোৱে ‘ফিট পুলিচ’ বিচাৰে৷ ময়ো ব্যক্তিগতভাৱে ভাবোঁ- ‘ফিট হে তো হিট হে’৷ মোৰ বি এম আই ২১.৯ আহিছে যাক ভাল বুলিয়ে ক’ব পাৰি৷ ইয়াৰ আঁৰৰ কাৰণ হৈছে নিতৌ পুৱা নিয়মিত মই ব্যায়াম আৰু পেৰেডৰ অনুশীলন কৰোঁ৷”
শাৰীৰিক ব্যায়াম আৰু পৰিমিত খাদ্যাভ্যাসেৰে সকলোৰে বি এম আই নিৰ্ধাৰিত পৰিমাণত আহিব পাৰে বুলিও আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে আশা ব্যক্ত কৰে৷