• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Friday, June 9, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

বিহু বিনন্দীয়া

AB Bureau by AB Bureau
May 11, 2023
in অনিৰুদ্ধ অসম, অসমীয়া
0
0
বিহু বিনন্দীয়া

ৰঙালী বিহু উদযাপনৰ প্ৰথম দিনটোতে অৰ্থাৎ গৰু বিহুৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত এটি ঐতিহাসিক ক্ষণৰ সাক্ষী হয়৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১১ হাজাৰোধিক বিহুৱা-বিহুৱতীৰ বিহুনাচৰ অনুপম দৃশ্য দেখি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰীগৰাকী৷

উল্লেখযোগ্য যে ১৩ এপ্ৰিলত অসমৰ ভিন্ন জিলাৰ ১১,৩০৪গৰাকী নাচনী আৰু ২,৫৪৮গৰাকী ঢুলীয়াই একেটা স্থানতে বিহুনাচ আৰু ঢোলবাদন প্ৰদৰ্শন কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম লিপিবদ্ধকৰণেৰে দুটাকৈ বিশ্ব অভিলেখ গঢ়িলে৷ 

সৰুসজাইত সমবেত ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি অৰ্থাৎ ১৪ এপ্ৰিল ২০২৩ত এই মনোমোহা দৃশ্য উপভোগ কৰা প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ জীৱনকালত এই মুহূৰ্তটোৰ কথা কেতিয়াও পাহৰিব নোৱাৰে৷

“এয়া কল্পনাৰো অগোচৰ, ই অভূতপূৰ্ব৷ এয়াই অসম,” প্ৰধানমন্ত্ৰীয়ে কয়৷ “ঢোল, পেঁপা আৰু গগনাৰ মাত আজি সমগ্ৰ ভাৰততে শুনিবলৈ পোৱা গৈছে৷ দেশৰ লগতে সমগ্ৰ বিশ্বই অসমৰ হাজাৰ হাজাৰ শিল্পীৰ সংঘবদ্ধ প্ৰচেষ্টা আৰু সমন্বয়ক দেখিবলৈ পাইছে৷”

বিহুৰ প্ৰতীকীসম্বলিত এখন সুসজ্জিত বেটাৰীচালিত বাহনেৰে সৰুসজাইৰ বাকৰি পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহুৱা-বিহুৱতীৰ লগতে উপস্থিত জনগণক অভিবাদন জনায়৷ সমবেত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থকা তথা টেলিভিশ্যন আৰু সামাজিক মাধ্যমত বিহুনাচৰ প্ৰদৰ্শন উপভোগ কৰাসকলে জীৱনত এই মুহূৰ্তটো কেতিয়াও পাহৰিব নোৱাৰে৷ “এয়া অবিস্মৰণীয়, আশ্বৰ্যকৰ আৰু অপূৰ্ব,” প্ৰধানমন্ত্ৰী মোদীয়ে কয়৷

এই অনুষ্ঠানৰ তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে শিল্পীসকলৰ উদ্যম আৰু সৃষ্টিশীলতাক প্ৰশংসা কৰে৷ এই দিনটোৰ সৈতে সংগতি ৰাখি তেখেতে অসমৰ লগতে দেশবাসীলৈ বিহু তথা আন উৎসৱসমূহৰো শুভেচ্ছা জ্ঞাপন কৰে৷ এই অনুষ্ঠানত ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ নিহিতাৰ্থ প্ৰতিফলিত হৈছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়৷ তদুপৰি অসমৰ মানুহে অতি সন্তৰ্পনে নিজৰ সংস্কৃতি সংৰক্ষণৰ প্ৰয়াস কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমবাসীক প্ৰশংসা কৰে৷

“আমাৰ উৎসৱসমূহ কেৱল সংস্কৃতি উদ্‌যাপন নহয়৷ এই উৎসৱে সকলোৰে মাজত সমন্বয়ৰ সেতু গঢ়িবলৈ আৰু ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগায়৷ ইয়াৰ মাজতেই নিহিত হৈ আছে ব’হাগ বিহুৰ শাশ্বত আত্মা৷ এই উৎসৱ হৈছে অসমবাসীৰ হৃদয়ৰ আপোন কিয়নো ই আমাৰ মাজৰ ব্যৱধান দূৰ কৰে৷ এই উৎসৱ হৈছে মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্প্ৰীতিৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ৷ বিহুক হদয়ংগম কৰিবলৈ কিছুমান অনুভূতিৰ প্ৰয়োজন৷ সেই অনুভূতি সৃষ্টি হয় অসমৰ ভনী আৰু জীয়ৰীসকলৰ খোপাত গুজি লোৱা কপৌ ফুলপাহৰপৰা, পাট-মুগা, মেখেলা চাদৰ আৰু ৰিহাৰপৰা৷ বিহু উপলক্ষে ঘৰে ঘৰে প্ৰস্তুত কৰা বিশেষ ব্যঞ্জনসমূহতো এই অনুভূতিক উপলব্ধি কৰিব পাৰি,” প্ৰধানমন্ত্ৰীয়ে কয়৷

ভাৰতৰ বিশেষত্ব দেশৰ স্বকীয় পৰম্পৰাসমূহৰ মাজত নিহিত হৈ থকা বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে৷ “হাজাৰ হাজাৰ বছৰ ধৰি প্ৰতিগৰাকী ভাৰতীয়ক এই পৰম্পৰাসমূহেই একতাৰ এনাজৰীৰে বান্ধি আহিছে৷ ভাৰতবাসীয়ে নিজৰ ঐতিহ্য-সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সন্মুখীন হৈছিল আৰু ঐক্যবদ্ধভাৱে পৰাধীনতাৰ অন্ধকাৰৰ বিৰুদ্ধে যুঁজ দিছিল৷ বিভিন্ন সময়ত বিভিন্ন শাসনকাৰী আৰু শক্তিৰ আগ্ৰাসনৰ পাছতো ভাৰতবৰ্ষ এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে অমৰ হৈ আছে৷ দেশৰ পৱিত্ৰ ভূমি আৰু পৰম্পৰাৰদ্বাৰা প্ৰতিগৰাকী ভাৰতীয়ৰ চেতনাশক্তি উজ্জ্বীৱিত হৈছে আৰু ই হৈছে বিকশিত ভাৰতৰ সুদৃঢ় ভেটি,” প্ৰধানমন্ত্ৰী মোদীয়ে কয়৷

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিশ্ববিজয়ী নজোৱান গীতটো স্মৰণ কৰি কয় যে এই গীতটো অসমৰ লগতে দেশজুৰি নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে৷ সমবেত জনগণৰ ব্যাপক উৎকণ্ঠাৰ মাজত তেখেতে গীতটোৰ বিষয়ে কিছু কথা বৰ্ণনাও কৰে৷ এই গীতটিৰ অৰ্থই দেশৰ যুৱপ্ৰজন্মক ভাৰতমাতাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পৰিৱৰ্তনমুখী হ’বলৈ উদ্বুদ্ধ কৰে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

“এই গীতটো তেতিয়া লিখা হৈছিল যেতিয়া ভাৰতৰ স্বাধীনতা আছিল সকলোৰে বাবে আটাইতকৈ ডাঙৰ সপোন৷ আজি আমি স্বাধীন হৈছোঁ আৰু এতিয়া আমাৰ বাবে আটাইতকৈ ডাঙৰ সপোন হ’ল বিকশিত ভাৰত,” এনেদৰেই প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক আগুৱাই যাবলৈ আৰু এখন বিকশিত ভাৰতৰ দুৱাৰ মুকলি কৰিবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰী মোদীয়ে সাংস্কৃতিক সমন্বয়ৰ নিদৰ্শন দেখুৱাই দিল্লীত অনুষ্ঠিত হৈ যোৱা বীৰযোদ্ধা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ বিষয়েও উল্লেখ কৰে৷

“বৰ্তমান প্ৰতিটো চিন্তা আৰু সংস্কৃতিৰ মাজৰ সংহতি নতুন ৰূপত প্ৰাণ পাই উঠিছে,” প্ৰধানমন্ত্ৰীয়ে কয়৷ তেখেতে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া মাধৱপুৰ মেলা ভ্ৰমণৰ কথা উল্লেখ কৰি কয় যে কৃষ্ণ-ৰুক্মিণীৰ এই চিৰযুগমীয়া বান্ধোনে উত্তৰ-পূৰ্বাঞ্চলক পশ্চিম ভাৰতৰ সৈতে সংযোগ কৰিছে৷ মুগা, তেজপুৰৰ লিচু, জহা চাউল, বোকা চাউল, কাজিনেমু আৰু গামোচাই লাভ কৰা জি আই টেগৰ অনন্য স্বীকৃতিৰ বাবেও প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷

সহস্ৰাধিক নাচনী-ঢুলীয়াৰ বিহুনাচ আৰু ঢোলবাদনৰ প্ৰদৰ্শনেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ প্ৰদান কৰে৷

ShareTweetShare

Related Posts

উন্নয়নৰ মানচিত্ৰ
দৃষ্টিভংগী

উন্নয়নৰ মানচিত্ৰ

June 1, 2023
0
সংস্থাপনৰ বাট মুকলি কৰি..
সম্পাদকীয়

সংস্থাপনৰ বাট মুকলি কৰি..

June 1, 2023
0
মুখ্যমন্ত্ৰীৰ বাৰ্তা
মুখ্যমন্ত্ৰীৰ বাৰ্তা

মুখ্যমন্ত্ৰীৰ বাৰ্তা

June 1, 2023
0
কাৰ্বি আংলঙত ২,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি
বিশেষ বাৰ্তা

কাৰ্বি আংলঙত ২,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি

June 1, 2023
0
জীৱন গঢ়াৰ তপস্যা – তপোবন
বাটকটীয়া

জীৱন গঢ়াৰ তপস্যা – তপোবন

June 1, 2023
0
অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অগ্ৰগতি
বিশেষ বাৰ্তা

অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অগ্ৰগতি

June 1, 2023
0
Load More

By Categories

  • Anniversary Special
  • Assam Budget Special
  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Changemaker
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Article
  • Special Feature
  • असम प्रगति के पथ पर
  • असम बजट विशेष
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • परिवर्तक
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वर्षगांठ विशेषांक
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • विशेष लेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসম বাজেট বিশেষ
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বৰ্ষপূৰণ বিশেষ
  • বাটকটীয়া
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ নিবন্ধ
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In