মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১১,১৪০গৰাকী বিহু নাচনী আৰু ঢুলীয়াই গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত এক অভিলেখ গঢ়াৰ চেষ্টা কৰিব৷ তেওঁ কয় এই অভিলেখ হ’ব ‘একে স্থানত প্ৰদৰ্শন কৰা সৰ্ববৃহৎ বিহু নাচ’ৰ৷ ইয়াৰ জৰিয়তে বিহুৱে বিশ্বস্তৰত এক সুকীয়া পৰিচয় লাভ কৰিব বুলি তেখেতে মত প্ৰকাশ কৰে৷
যোৱা ২৮ ফেব্ৰুৱাৰীত সংবাদ মাধ্যমক সম্বোধন কৰি তেখেতে কয়, “অনুষ্ঠানটোত ১১,১৪০ গৰাকী নাচনী আৰু ঢুলীয়াই একেলগে অসমীয়াৰ অতিকৈ আপোন এই লোকনৃত্য পৰিৱেশন কৰিব৷ এই অনুষ্ঠানৰ লক্ষ্য হ’ব গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অভিলেখ লিপিবদ্ধ কৰা৷”
ড॰ শৰ্মাই সংবাদ মাধ্যমক অৱগত কৰি কয় যে ২৭ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠানটোৰ বাবে অনুশীলন আৰম্ভ হৈছে৷
আশা কৰা হৈছে যে এই অনুষ্ঠানটিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব৷ এই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ লগতে জি-২০ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ প্ৰতিনিধিসকলক অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হ’ব৷ উল্লেখ্য যে সেইদিনাই গুৱাহাটী এইমছৰ উদ্বোধনৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৪,০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া পলাশবাৰী আৰু শুৱালকুছি সংযোগী দলঙৰ আধাৰশিলাও স্থাপন কৰা হ’ব৷
তেওঁ লগতে কয় যে এই বিহু প্ৰদৰ্শনৰ এটা ভিডিঅ’ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষলৈ পঠিওৱা হ’ব৷ ৪০০গৰাকী বিশেষজ্ঞ প্ৰশিক্ষকে ৰাজ্যজুৰি নাচনী আৰু ঢুলীয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিব৷
১১,১৪০গৰাকী অংশগ্ৰহণকাৰীৰ ৭০% হ’ব যুৱতী৷ ১৫ৰ পৰা ৩৫ বছৰ বয়সৰ নাচনীসকলক এটা নিৰ্ধাৰিত প’ৰ্টেলযোগে পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে৷ প্ৰতিগৰাকী শিল্পীয়ে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ অংশগ্ৰহণৰ প্ৰমাণপত্ৰ লাভ কৰিব৷
“এখন বিশেষজ্ঞ সমিতিয়ে জিলা পৰ্যায়ত বিহু নৃত্যশিল্পীসকলক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ ৪০০গৰাকী বিশেষজ্ঞ প্ৰশিক্ষক বাছনি কৰিছে৷ এই প্ৰশিক্ষকসকলে সমগ্ৰ অসম ভ্ৰমণ কৰি শিল্পীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব৷ ৯-১২ এপ্ৰিলৰ ভিতৰত সাজপাৰৰ সৈতে সম্পূৰ্ণ অনুশীলন অনুষ্ঠিত হ’ব,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
অংশগ্ৰহণকাৰীসকলে পৰিবহণ আৰু পোছাকৰ বাবে ভাট্টা লাভ কৰিব, চৰকাৰে প্ৰশিক্ষণ আৰু অনুশীলনৰ বাবে পৰিবহণৰ বাবদ প্ৰতিদিনে ৩০০টকাকৈ আৰু সাজপাৰৰ বাবে ৩,০০০ টকাকৈ প্ৰদান কৰিব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে অহা বছৰৰ পৰা সৰুসজাই ষ্টেডিয়ামত বছৰি সাতদিনীয়া বিহু অনুষ্ঠানৰ আয়োজন কৰা হ’ব য’ত অসমৰ পৰম্পৰাগত সংস্কৃতি আৰু শিল্প প্ৰদৰ্শন কৰা হ’ব৷ তেওঁ কয়, “এই বছৰ আমাৰ লক্ষ্য হৈছে প্ৰচাৰকাৰ্যৰ জৰিয়তে বিহুটিক জনপ্ৰিয় কৰি অধিক পৰ্যটকক আকৰ্ষিত কৰা৷”