মেখেলা-চাদৰ পৰিহিত এজাক গাভৰু নামি আহিছে পাহাৰৰপৰা৷ ঢোল-পেঁপাৰ শব্দত চৌদিশ ৰজনজনাই উঠিছে৷ বিহু বুলি নাচনী-ঢুলীয়া সকলোৰে ব্যস্ততা এইবাৰ দুগুণে বাঢ়িছে৷ এই ব্যস্ততাৰ অন্যতম মূল কাৰণ হৈছে অসম চৰকাৰে বিহুনাচক গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্তকৰণৰ বাবে লোৱা বিশেষ পদক্ষেপ৷ অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত ১১ হাজাৰৰো অধিক বিহু শিল্পীয়ে একেলগে বিহুনাচ প্ৰদৰ্শন কৰিব৷ বিহুৰ এই বিশ্ব অভিলেখৰ সৈতে জড়িত হোৱাৰ হেঁপাহতে ওলাই আহিছে নাচনীসকল৷ পশ্চিম কাৰ্বি আংলঙৰ বহুকেইগৰাকী নাচনীয়ে উৎপলা হোকাইৰপৰা এই পদক্ষেপৰ বিষয়ে জ্ঞাত হৈছে৷ শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত প্ৰশিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচীত উৎপলায়ো অংশগ্ৰহণ কৰিছিল৷ সেই প্ৰশিক্ষণ কাৰ্যসূচীক মূল আধাৰ হিচাপে লৈ পশ্চিম কাৰ্বি আংলঙত উৎপলা সহিতে চাৰিজনীয়া প্ৰশিক্ষকৰ দলটোৱে ১৪ এপ্ৰিলৰ বাবে জিলাখনৰ ঢুলীয়া-নাচনীক বাছনি কৰিছে৷
“পশ্চিম কাৰ্বি আংলঙৰপৰা ৫০গৰাকী বিহু শিল্পী বাছনিৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছে৷ সেই ভিত্তিত আমি চাৰিগৰাকী প্ৰশিক্ষকে মিলি বিহুনাচৰ নিৰ্ধাৰিত নিয়মাৱলী অনুসৰি তেওঁলোকক নিৰ্বাচন কৰিছোঁ৷ আমাৰ জিলাত বাছনিকৃতসকলক ২১-২৪ মাৰ্চলৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়,” উৎপলাই কয়৷
বাছনিকৃতসকলৰ সৰহসংখ্যকৰে ঘৰত উপস্থিত হৈ উৎপলাই অসম চৰকাৰৰ এই পদক্ষেপৰ বিষয়ে তেওঁলোকক অৱগত কৰে৷ উৎপলাই কয়, “পাহাৰীয়া এলেকা হোৱা হেতুকে বিভিন্ন কাৰণবশতঃ আমাৰ অঞ্চলত বিহুৰ চৰ্চাৰ উদ্যম অন্য অঞ্চলসমূহতকৈ কম৷ সেইকাৰণে আমাৰ জিলাৰ বাবে ধৰি দিয়া নিৰ্দিষ্ট সংখ্যা পূৰণৰ বাবে মই নিজে আগ্ৰহীসকলৰ ঘৰত উপস্থিত হৈ তেওঁলোকৰ অভিভাৱকৰ সৈতে কথা পাতিছোঁ৷”
শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহু শিল্পীয়ে অংশগ্ৰহণ কৰে৷ মাষ্টাৰ ট্ৰেইনাৰ হিচাপে অংশগ্ৰহণ কৰা ধেমাজিৰ শিৰোশ্ৰী শইকীয়াই অসম চৰকাৰৰ এই পদক্ষেপৰ শলাগ লৈছে৷
“আমাৰ স্বাভিমান বিহুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰাৰ বাবে মাষ্টাৰ ট্ৰেইনাৰ হিচাপে নিৰ্বাচিত হোৱাত মই সৌভাগ্য অনুভৱ কৰিছোঁ৷ এই প্ৰশিক্ষণৰ কেইদিন আমাৰ থকা-লোৱা, খোৱা আদিকে ধৰি সকলো ব্যৱস্থা অসম চৰকাৰে কৰি দিছিল৷ হিমন্ত বিশ্ব শৰ্মাদেৱেও প্ৰশিক্ষণস্থলীত উপস্থিত হৈ আমাক উৎসাহিত কৰিছিল৷ আমাৰ জিলাতো ঠাইভেদে বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে৷ সকলোৰে সঁহাৰি আৰু
সহায়-সহযোগিতাৰে আগবাঢ়ি আমি বিশ্বৰ বুকুত বিহুটিক উজলাই তুলিম,” শিৰোশ্ৰীয়ে কয়৷
বঙাইগাঁও জিলাৰপৰা মাষ্টাৰ ট্ৰেইনাৰ হিচাপে অংশগ্ৰহণ কৰা বিধান দেউৰী হোকায়েও ব্যস্ত হৈ পৰিছে আখৰাত৷ বিধান দেউৰী ঢোল বাদনৰ লগতে বিহুনাচৰ লগত জড়িত আন দিশসমূহতো পাৰ্গত৷
অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত বিধানে কয়, “বঙাইগাঁও জিলা প্ৰশাসনৰ তৰফৰপৰা নিৰ্দেশ পোৱাৰ পাছতে মাষ্টাৰ ট্ৰেইনাৰ হিচাপে বঙাইগাঁও জিলা বিশেষ দল গঠন কৰি আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰোঁ৷ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত পৰৱৰ্তী কাৰ্যসূচী সন্দৰ্ভত জিলাত এখন বৈঠক অনুষ্ঠিত হয়৷ বঙাইগাঁৱৰ তিনিওটা সমষ্টি সামৰি প্ৰাথমিক পৰ্যায়ত আমি মাণিকপুৰ, অভয়াপুৰী আৰু বঙাইগাঁও কলেজ ফিল্ডত বিহু শিল্পীৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰোঁ৷ যিহেতু বঙাইগাঁও জিলাৰপৰা ১০০গৰাকী অংশগ্ৰহণকাৰী ধৰি দিছে, গতিকে আমি তিনিওটা সমষ্টি সামৰি ১৩ মাৰ্চত চূড়ান্ত বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰিছোঁ৷”
“বিহুৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ বিশ্বজনীন যাত্ৰাৰ বাবে প্ৰাথমিক পৰ্যায়ত বিহু বিশেষজ্ঞ সমিতি এখন গঠন কৰা হয়৷ সেই সমিতিখনৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে জড়িত হোৱাৰ সুযোগ পাওঁ৷ প্ৰথমতে মাননীয় সাংস্কৃতিক মন্ত্ৰী বিমল বড়া ডাঙৰীয়াৰ সৈতে সমিতিখনৰ সদস্যসকলে এখন বৈঠকত মিলিত হওঁ৷ ক্ৰম অনুযায়ী বিহুনাচ প্ৰদৰ্শনৰ বাবে ইয়াৰ বিভিন্ন দিশসমূহৰ সন্দৰ্ভত আমি আলোচনাৰ মাধ্যমেৰে চূড়ান্ত কাৰ্যসূচী থিৰাং কৰোঁ৷ ইয়াৰ পাছত মডেল গ্ৰুপ এটা গঠন কৰি তেওঁলোকৰদ্বাৰা এটি মডেল ভিডিঅ’ প্ৰস্তুত কৰা হৈছিল৷ সেই ভিডিঅ’ৰ জৰিয়তে প্ৰথমতে মাষ্টাৰ ট্ৰেইনাৰসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ মই এইক্ষেত্ৰত বিহু নাচনীসকলৰ নাচৰ কেইটিমান ভংগিমা দেখুৱাই দিছিলোঁ,” মাধুৰীমা চৌধুৰীয়ে কয়৷
বিশ্ব অভিলেখৰ বাবে শোণিতপুৰ জিলাতো চলিছে পূৰ্ণ প্ৰস্তুতি৷ কেইবাটাও কেন্দ্ৰত নাচনী-ঢুলীয়া আদিৰ বাছনিৰ বাবে মাষ্টাৰ ট্ৰেইনাৰসকল ব্যস্ত হৈ পৰিছে৷
“শোণিতপুৰ জিলাত ১২টা কেন্দ্ৰত বাছনি শিবিৰ অনুষ্ঠিত হৈছে৷ আমাৰ জিলাৰপৰা ১,১০০ বিহু শিল্পীক নিৰ্বাচনৰ দায়িত্ব দিছে৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰপৰা আমি সকলো সা-সুবিধা লাভ কৰিছোঁ,” ঢোলবাদনৰ সৈতে জড়িত মাষ্টাৰ ট্ৰেইনাৰ ডাৱৰ কাশ্যপে কয়৷
“আমাৰ স্বাভিমান বিহুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰাৰ বাবে মাষ্টাৰ ট্ৰেইনাৰ হিচাপে নিৰ্বাচিত হোৱাত মই সৌভাগ্য অনুভৱ কৰিছোঁ৷ এই প্ৰশিক্ষণৰ কেইদিন আমাৰ থকা-লোৱা, খোৱা আদিকে ধৰি সকলো ব্যৱস্থা অসম চৰকাৰে কৰি দিছিল৷ হিমন্ত বিশ্ব শৰ্মাদেৱেও প্ৰশিক্ষণস্থলীত উপস্থিত হৈ আমাক উৎসাহিত কৰিছিল”
শিৰোশ্ৰী
(মাষ্টাৰ ট্ৰেইনাৰ)
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত প্ৰশিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা শিৱসাগৰৰ সাংস্কৃতিক কৰ্মী জানমণি ফুকনেও এক অনন্য অভিজ্ঞতা লাভ কৰিছে৷
“প্ৰশিক্ষণৰ সময়ছোৱাত আখৰাৰ বাবে পুৱা প্ৰায় ৭ঃ৩০ বজাৰপৰাই আমি সাজু হৈছিলোঁ৷ ইয়াৰ পাছত আমি দিনটোৰ বাবে অনুশীলত ব্যস্ত হৈ পৰিছিলোঁ৷ সকলোৱে কষ্ট কৰিছে৷ ঢোল-পেঁপাৰ শব্দত যোজনা, গগনাবাদন আদিৰ সৈতে আমি প্ৰায় ১৫ মিনিট সময় বিহু নৃত্য প্ৰদৰ্শন কৰিম৷ আমাৰ জিলাতো বিশেষ দিনটোৰ বাবে প্ৰস্তুতি চলি আছে৷ স্থানভেদে বিভিন্ন মাধ্যমেৰে প্ৰচাৰ কাৰ্যও কৰা হৈছে,” জানমণি ফুকনে কয়৷
এনেদৰেই ৰাজ্যৰ ভিন্ন প্ৰান্তত ১৪ এপ্ৰিলৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলিছে৷ ৯-১২ এপ্ৰিলত অংশগ্ৰহণকাৰীসকলে সাজপাৰৰ সৈতে পূৰ্ণ আখৰা কৰিব৷
দেশৰ বিভিন্ন প্ৰান্তত এই পদক্ষেপৰ প্ৰচাৰৰ বাবে বিশাল আয়োজন কৰা হৈছে৷ দিল্লী আৰু কলকাতা মেট্ৰ’তো ৰাজ্য চৰকাৰৰ উদ্যোগত বিজ্ঞাপন আৰু প্ৰচাৰ কাৰ্য কৰা হৈছে৷
“দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ সকলো মাননীয় ৰাজ্যপাল আৰু মাননীয় মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হ’ব৷ তদুপৰি জি-২০ ৰাষ্ট্ৰ আৰু আছিয়ান ব্লকৰ দেশসমূহৰ মাননীয় ৰাষ্ট্ৰদূত তথা মাননীয় উচ্চায়ুক্তসকলকো আমন্ত্ৰণ জনোৱা হ’ব,” সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে৷