যোৱা ১৩ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিগাঁও জিলাৰ জাগীৰোডত আধাৰশিলা স্থাপন কৰে টাটা গ্ৰুপৰ ২৭,০০০ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া ‘ছেমিকণ্ডাক্টৰ এছেম্বলী আৰু টেষ্ট ফেচিলিটী’ৰ৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘ইণ্ডিয়াছ টেকেড : চিপছ ফৰ বিকশিত ভাৰত’ অনুষ্ঠানটিত অংশ লৈ মুঠ ১.২৫ লাখ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া তিনিটা অৰ্ধপৰিবাহী প্ৰকল্পৰ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে শিলন্যাস কৰে৷ জাগীৰোডৰ এই প্ৰকল্পটো হ’ব ‘আউটছৰ্চড ছেমিকণ্ডাক্টৰ এছেম্বলী আৰু টেষ্ট ফেচিলিটী (OSAT)’৷ আন দুটা অৰ্ধপৰিবাহী প্ৰকল্প স্থাপন হ’ব গুজৰাটত৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অৰ্ধপৰিবাহী প্ৰকল্পৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ উন্নয়নক গতি প্ৰদান কৰিব বুলি উল্লেখ কৰে৷
ইয়াৰ পূৰ্বে ২৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটত দেশত অৰ্ধপৰিবাহীৰ বিকাশ আৰু উৎপাদন পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্যৰে এই তিনিটা অৰ্ধপৰিবাহী প্ৰকল্পত অনুমোদন জনায়৷
ছেমিকণ্ডাক্টৰ এছেম্বলী আৰু টেষ্ট ফেচিলিটী প্ৰাইভেট লিমিটেডৰ (TSAT) এই প্ৰকল্পটো পূৰ্বৰ হিন্দুস্তান কাগজ কলৰ ভূমিত নিৰ্মাণ কৰা হ’ব৷ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধীনত থকা এই ভূমিত নিৰ্মাণ হ’বলগীয়া অৰ্ধপৰিবাহী প্ৰকল্পটোত ‘ফ্লিপ চিপ’ আৰু ‘ইণ্টিগ্ৰেটেড ছীষ্টেম ইন পেকেজিং’ৰ সৈতে উন্নত অৰ্ধপৰিবাহী পেকেজিং প্ৰযুক্তিৰ বিকাশ কৰা হ’ব৷ এই চিপসমূহ ব্যৱহাৰ হ’ব স্বয়ংচালিত প্ৰযুক্তি, বৈদ্যুতিক বাহন, ইলেক্ট্ৰ’নিকছ সামগ্ৰী, টেলিকম, ম’বাইল ফ’ন আদিত৷
আধাৰশিলা স্থাপন হোৱাৰ পাছত জাগীৰোডত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই প্ৰকল্পটোৰ বাবে কৃতজ্ঞতা জনায়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এয়া হৈছে ৰাজ্যখনত এতিয়ালৈকে হোৱা সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বিনিয়োগ৷ “আজিৰ দিনটো অসমৰ বাবে এক ঐতিহাসিক দিন৷ আমি আজি ২৭,০০০ কোটি টকাৰ বিনিয়োগ লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ পূৰ্বতে উদ্যোগসমূহে ইয়াত ব্যৱসায় কৰিবলৈ সংকোচ কৰিছিল৷ আজি টাটা গ্ৰুপে অসমত এনে বৃহৎ বিনিয়োগ কৰিবলৈ আগবঢ়াটো আমাৰ বাবে সুখৰ বতৰা,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ঔদ্যোগিকৰণৰ প্ৰক্ৰিয়াই সকলো ভৌগোলিক বাধা অতিক্ৰম কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ দেশত আৰম্ভ হোৱা ‘অৰ্ধপৰিবাহী প্ৰযুক্তি বিপ্লৱ’ৰ প্ৰথম পৰ্যায়ৰ অধীনতেই অসম অন্তৰ্ভুক্ত হোৱাটো আনন্দৰ বিষয় বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “কেন্দ্ৰত থকা চৰকাৰখনে যে উত্তৰ-পূৰ্বাঞ্চলক প্ৰয়োজনীয় গুৰুত্ব প্ৰদান কৰিছে তাত অলপো সন্দেহ নাই৷ উত্তৰ-পূৰ্বাঞ্চল আৰু অৱহেলিত হৈ থকা নাই৷ ৰাজ্যখনৰ উন্নয়ন আৰু প্ৰগতিক এক অভিনৱ মাত্ৰা প্ৰদান কৰাৰ বাবে অসমৰ ৰাইজ চিৰদিন প্ৰধানমন্ত্ৰীগৰাকীৰ ওচৰত ঋণী হৈ থাকিব৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে এক অনুকূল ঔদ্যোগিক পৰিৱেশ প্ৰদান কৰাৰ স্বাৰ্থত অসম চৰকাৰে নিজৰ সামৰ্থৰ ভিতৰত সকলোধৰণৰ সহযোগিতা আগবঢ়াব বুলি টাটা গোটক আশ্বাস প্ৰদান কৰে৷ ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় ১৫,০০০ যুৱক-যুৱতীক প্ৰত্যক্ষ নিযুক্তি প্ৰদান কৰাৰ লগতে সমসংখ্যকক পৰোক্ষ নিযুক্তিৰ সুযোগ সৃষ্টি হ’ব৷ “ই অসম আৰু আমাৰ চুবুৰীয়া ৰাজ্যসমূহৰ শিক্ষিত যুৱক-যুৱতীসকলক নিযুক্তিৰ সুবিধা প্ৰদান কৰাৰ লগতে ৰাজ্যখনক আগুৱাই নিয়াত সহায় কৰিব,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সতীৰ্থ বিমল বড়া আৰু পীযুষ হাজৰীকাৰ ভূমিকাৰ প্ৰশংসা কৰি কয় যে জাগীৰোডৰ এই অৰ্ধপৰিবাহী প্ৰকল্পটোক বাস্তৱ ৰূপ প্ৰদান কৰাত দুয়োগৰাকীৰ যথেষ্ট অৰিহণা আছে৷
টাটা ট্ৰাষ্টৰ অধ্যক্ষ আৰু টাটা ছন্ছৰ চেয়াৰমেন এমেৰিটাছ ৰতন টাটাই কয় যে ২৭,০০০ কোটি টকাৰ বিনিয়োগেৰে জাগীৰোডত স্থাপন হ’বলগীয়া এই অৰ্ধপৰিবাহী প্ৰকল্পটোৱে উত্তৰ-পূবক বিশ্বৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰিব৷
২০ মাৰ্চত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্ছৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনৰ ফটো সংলগ্ন কৰি ৰতন টাটাই ‘এক্স’ সামাজিক মাধ্যমত লিখিছিল যে এই বিনিয়োগে অৰ্ধপৰিবাহী ক্ষেত্ৰত অসমক এক উল্লেখযোগ্য স্থান প্ৰদান কৰিব৷
“এই নতুন উন্নয়নে অসমক বিশ্বৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰিব৷ আমি এই প্ৰচেষ্টাক সম্ভৱ কৰি তোলাৰ দিশত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীহিমন্ত বিশ্ব শৰ্মাক তেখেতৰ সহযোগিতা আৰু দৃষ্টিভংগীৰ বাবে ধন্যবাদ জনাবলৈ বিচাৰিছোঁ,” তেওঁ এক্স’ত লিখিছিল৷
![](https://i0.wp.com/asombarta.com/wp-content/uploads/2024/07/Tata-1.jpg?resize=1024%2C683&ssl=1)