মাহটোত সম্পন্ন হোৱা ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কাৰ্যাৱলীৰ চমু আভাস
সাংস্কৃতিক পৰিক্ৰমা বিভাগ
গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত যোৱা ২৩ জানুৱাৰীত অসম ৰাজ্যিক চলচ্চিত্ৰ নীতি সন্দৰ্ভত এখন আলোচনা-চক্ৰ অনুষ্ঠিত হয়৷ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই আলোচনা-চক্ৰত বহুকেইগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, কলা-কুশলী আদিয়ে অংশগ্ৰহণ কৰে৷ অসমীয়া চলচ্চিত্ৰৰ বিকাশ আৰু উন্নয়নৰ বাবে ‘অসম ৰাজ্যিক চলচ্চিত্ৰ নীতি ২০১৯’ক অধিক গতিশীলতা প্ৰদানৰ লগতে বৰ্তমানৰ চলচ্চিত্ৰ নীতি আৰু ইয়াৰ সংশোধনীৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো আলোচনা কৰা হয়৷
আলোচনা-চক্ৰখনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদ্দুৰী, পৰিচালন সঞ্চালক মণিদীপা বৰকটকী, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷
তথ্য আৰু জনসংযোগ বিভাগ
ইংৰাজী নৱবৰ্ষ ২০২৩ৰ পহিলা দিনটোত কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত আয়োজিত ‘নতুন দিনৰ আলাপ’ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জ্যেষ্ঠ নাগৰিকসকল আৰু সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে যোৱা বৰ্ষত অসম চৰকাৰৰ বিভিন্ন ক্ষেত্ৰৰ পদক্ষেপ তথা সিদ্ধান্তসমূহৰ সফল ৰূপায়ণৰ সন্দৰ্ভত আলোকপাত কৰে৷ ইয়াৰ লগতে অনাগত সময়ৰ কাৰ্য পৰিকল্পনা আৰু অগ্ৰাধিকাৰৰ বিষয়তো অনুষ্ঠানত আলোচনা কৰা হয়৷
