বিগত মাহটোত সম্পন্ন হোৱা ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কাৰ্যাৱলীৰ চমু আভাস
সংসদীয় পৰিক্ৰমা বিভাগ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ আৱাসিক চৌহদত এক মাল্টী ইউটিলিটী ভৱনৰ শিলান্যাস কৰে। এম্বুলেন্স সেৱাৰ সৈতে ক্ষুদ্ৰ চিকিৎসালয়, ডিপাৰ্টমেণ্টেল ষ্ট’ৰ, কেণ্টিন, পাকঘৰ, ব্যায়ামাগাৰ আদি সুব্যৱস্থাৰ সৈতে প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষ ভৱনটোৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে।
অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডা: নোমল মমিন, কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।
কৃষি বিভাগ
যোৱা ১৯ ডিচেম্বৰত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত সপ্তম অসম আন্তৰ্জাতিক কৃষি-উদ্যানশস্য মেলাৰ সামৰণি পৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰা এই অনুষ্ঠানত কৃষি, পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী অতুল বৰাও উপস্থিত থাকে। প্ৰায় ২ লাখৰো অধিক লোকে এই মেলা পৰিদৰ্শন কৰে। ৰাইজৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মেলাখনৰ সময়সীমা এদিনলৈ বৃদ্ধি কৰা হৈছিল। ভিয়েটনাম, কেনিয়া আৰু ঘানাৰ প্ৰতিনিধিসকলেও এই মেলা পৰিদৰ্শন কৰে। মেলাখনৰ এইবৰ্ষৰ বিষয়বস্তু আছিল যুৱ শক্তিৰ অংশগ্ৰহণেৰে কৃষি উদ্যানশস্য খণ্ডৰ নৱজাগৰণ।
বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন
২০ ডিচেম্বৰত ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল (ইউপিপিএল) নেতৃত্বাধীন বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বিটিআৰ) চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন কৰা হয়। অনুষ্ঠানৰ অংশস্বৰূপে আয়োজিত এক পদযাত্ৰাত বিটিআৰপ্ৰধান প্ৰমোদ বড়োসহ কেইবাগৰাকীও বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত বিটিআৰপ্ৰধানগৰাকীয়ে কোকৰাঝাৰৰ থুলুংগাপুৰীস্থিত বিটিচি বিধানসভা পৰিষদ ভৱনৰ সন্মুখত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে পৰিষদক অভিনন্দন জ্ঞাপন কৰাৰ লগতে বিটিআৰৰ উন্নয়নৰ বাবে চৰকাৰখনক প্ৰশংসাও কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “যোৱা দুবছৰত বিটিআৰে উন্নয়নৰ এক নতুন দিশত অগ্ৰসৰ হৈছে আৰু অঞ্চলসমূহত শান্তি আৰু সুৰক্ষাও সুনিশ্চিত হৈছে। বিটিআৰৰ সৰ্বাংগীন উন্নয়ন তথা বিকাশৰ বাবে অসম চৰকাৰে বিটিআৰবাসীলৈ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াই যাব।”