বিগত মাহটোত সম্পন্ন হোৱা ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কাৰ্যাৱলীৰ চমু আভাস
পৰিৱেশ আৰু বন বিভাগ
ফ্ৰান্সৰ পৰিৱেশ আৰু জলবায়ু সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰি থকা অগ্ৰণী সংস্থা এএফডিৰ ভাৰতীয় শাখাৰ সঞ্চালক ব্ৰুনো বছলেৰ নেতৃত্বত এটা প্ৰতিনিধি দলে জনতা ভৱনত পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সাক্ষাৎ কৰি অসমত সংস্থাটোৰ জৈৱ-বৈচিত্ৰ্য সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সহযোগত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰে৷ বৈঠকখনত বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদ, পিচিচিএফ এম কে যাদৱো উপস্থিত থাকে৷
গৃহ আৰু নগৰ পৰিক্ৰমা
ৰাজ্য চৰকাৰে ৰাজ্যখনৰ পৌৰসভাৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিন ধৰি অনাদায় হৈ থকা দৰমহাৰ বাবদ গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ অধীনস্থ পৌৰ প্ৰশাসন সঞ্চালকালয়লৈ ৯৮.৬৯১২ কোটি টকা মুকলি কৰি দিছে৷ বিভাগীয় মন্ত্ৰী অশোক সিংহলে টুইটযোগে এই কথা প্ৰকাশ কৰি কয় যে এই পদক্ষেপে ৰাজ্যৰ পৌৰ কৰ্মীসকলক সকাহ প্ৰদান কৰাৰ লগতে তেওঁলোকক নিষ্ঠাসহকাৰে কাম কৰি যাবলৈ উৎসাহ প্ৰদান কৰিব বুলি তেওঁ আশাবাদী৷
পৰ্যটন বিভাগ
ৰাজ্যখনলৈ উদ্যোগী আৰু বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰাৰ লক্ষ্যৰে অসম চৰকাৰে শেহতীয়াকৈ দেশৰ ৰাজধানীত এক নতুন বহনক্ষম পৰ্যটন নীতি ৰূপায়ণ কৰিছে৷ বিভাগটোৱে নতুন দিল্লীত অসম পৰ্যটন বিভাগৰ এক ৰোড শ্ব’ৰো আয়োজন কৰে৷ এই নীতিৰ শুভাৰম্ভ কৰে পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই৷ এই নীতিৰ জৰিয়তে হোটেল আৰু ৰিজ’ৰ্টসমূহত কৰ্মৰত স্থানীয় লোকসকলক নিয়োগকৰ্তাসকলে প্ৰশিক্ষণ প্ৰদান কৰিব৷ এই ব্যৱস্থাৰ জৰিয়তে বহনক্ষমতা আৰু পৰ্যটনৰ সম্ভাৱনাসমূহৰ ক্ষেত্ৰত কাৰ্যকৰী আৰু উন্নত সেৱা নিশ্চিত কৰিব৷