বিগত মাহটোত সম্পন্ন হোৱা ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কাৰ্যাৱলীৰ চমু আভাস
গৃহ বিভাগ
গৃহৰক্ষী বাহিনীৰ দীৰ্ঘদিনীয়া দাবী মানি ৰাজ্য চৰকাৰে ১৯ অক্টোবৰ ২০২২ত গৃহৰক্ষী জোৱানসকলৰ দৈনিক ভাট্টা ৩০০ টকাৰ পৰা ৭৬৭ টকালৈ বৃদ্ধি কৰাৰ ঘোষণা কৰে৷ এই বৃদ্ধিৰ পাছতে অসমৰ প্ৰায় ২৪,০০০গৰাকী গৃহৰক্ষী জোৱানৰ মাহিলি দৰমহা পূৰ্বৰ ৯,০০০ টকাৰ পৰিৱৰ্তে ২৩,০১০ টকালৈ বৃদ্ধি পাব৷ অসম চৰকাৰৰ গৃহ বিভাগে জাৰি কৰা এক জাননীত কোৱা হৈছে যে এই অধিসূচনা জাৰি কৰাৰ তাৰিখৰ পৰা দৈনিক গৃহৰক্ষীৰ ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি কৰা হ’ব৷
চাহ জনজাতি উন্নয়ন বিভাগ
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১৭ অক্টোবৰ ২০২২ত জনতা ভৱনত ‘হামদেৰ মনেৰ কথা’ শীৰ্ষক এক মত বিনিময় অনুষ্ঠানত উপস্থিত আছিল৷ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ বিকাশ নিশ্চিতকৰণৰ লক্ষ্যৰে স্বাস্থ্য, শিক্ষা, দক্ষতা আৰু নিয়োগ, অৰ্থনৈতিক সবলীকৰণ, কলা আৰু সংস্কৃতি, ক্ৰীড়া আৰু ভূমি আবণ্টন আৰু গৃহ নিৰ্মাণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াবলৈ ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীৰ সদস্যসকলক সামৰি সাতখন উপ-সমিতি গঠন কৰিছে৷ ৰাজ্য চৰকাৰে আৰ্থ-সামাজিক সবলীকৰণ লাভৰ বাবে দিয়া পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ বাবে হ্ৰস্বম্যাদী, মধ্যমম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লৈছে৷
বিত্ত বিভাগ
‘অৰুণোদয়’ আঁচনিৰ হিতাধিকাৰীসকলৰ বৰ্তমান আৰ্থিক অৱস্থা আৰু তেওঁলোকৰ নিৰীক্ষণ সন্দৰ্ভত ২০ অক্টোবৰ ২০২২ত জনতা ভৱনৰ সভাকক্ষৰ পৰা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক, উপায়ুক্ত আৰু জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সদস্যসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে এক পৰ্যালোচনা বৈঠকত মিলিত হয়৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জৰীপৰ জৰিয়তে হিতাধিকাৰীৰ নাম পুনৰীক্ষণ কৰা তালিকাখন উপায়ুক্তসকলৰ পৰা সংগ্ৰহ কৰি ১০ দিনৰ ভিতৰত তালিকাৰ পৰা বাদ পৰি ৰোৱা হিতাধিকাৰী সংক্ৰান্তত অনুসন্ধান কৰাৰ লগতে পুনৰ অন্তৰ্ভুক্তিৰ বাবে কাৰণসহ সমিতিক তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷