বিগত মাহটোত সম্পন্ন হোৱা ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কাৰ্যাৱলীৰ চমু আভাস
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সখী এক্স’প্ৰেছ আঁচনিৰ অধীনত ২১ জুলাই ২০২২ত ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে বেংক সখী, বীমা সখী, জীৱিকা সখী আদিলৈ ৬,৬৭০খন দুচকীয়া বাহনৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, গুৱাহাটীৰ সাংসদ কুইন ওজা, দিছপুৰৰ বিধায়ক অতুল বৰা আৰু চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷
বিত্ত বিভাগ
২০ আগষ্ট ২০২২ৰপৰা আৰম্ভ হোৱা ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ সামাজিক সমীক্ষা ‘অৰুণোদয় মাহ’ৰ অংশস্বৰূপে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত জিলাখনত আনুষ্ঠানিকভাৱে ইয়াৰ শুভাৰম্ভণি কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে৷ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে ১০ অক্টোবৰৰ পৰা ১,২৫০ টকাৰ বৰ্ধিত হাৰত আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব৷ ‘অৰুণোদয় মাহ’ত এন চি চি আৰু এন এছ এছৰ দৰে গোটসমূহৰ সদস্যসকলৰ দ্বাৰা জৰীপ চলাই বৰ্তমানৰ হিতাধিকাৰীৰ তালিকাখন উন্নীতকৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে৷
শিক্ষা বিভাগ
অসমৰ পাঁচখন জিলা ক্ৰমে, কাছাৰ, ডিমা হাছাও, হাইলাকান্দি, হোজাই আৰু দক্ষিণ শালমৰা মানকাচৰৰ লগতে বৰপেটা, কামৰূপ, লখিমপুৰ, মৰিগাঁও জিলাৰ কেইখনমান বাদ পৰি যোৱা বিদ্যালয়ত ৪ৰ্থ পৰ্যায়ৰ গুণোৎসৱ-২০২২ সফলতাৰে সম্পন্ন কৰা হৈছে৷ সমগ্ৰ মূল্যায়ন প্ৰক্ৰিয়াত ৬,০৪৪খন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে মুঠ ৫,২০,১৭৫গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱত বৰাক উপত্যকাৰ দুখন বিদ্যালয় পৰিদৰ্শন কৰে৷