নতুন দিল্লীৰ নৰ্থ ব্লকস্থিত গৃহ মন্ত্ৰ্যালয়ৰ কাৰ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যোৱা ২০ এপ্ৰিলত এখন ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷ এই চুক্তিৰ জৰিয়তে অৱশেষত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সৈতে দশকজোৰা সীমা বিবাদৰ অৱসান কৰিবলৈ সক্ষম হ’ল ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনে৷
অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই সীমা বিবাদ নিষ্পত্তিৰ চুক্তিত স্বাক্ষৰ কৰে৷
অনুষ্ঠানত দুয়োখন ৰাজ্যৰ প্ৰতিনিধিবৰ্গক সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে দশকজোৰা সীমা বিবাদ সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশ- দুয়োখন ৰাজ্যৰ ইতিহাসত এই দিনটো সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব৷ গৃহমন্ত্ৰী শ্বাহে আশা ব্যক্ত কৰে যে সীমা বিবাদ নিষ্পত্তিয়ে উত্তৰ-পূৰ্বাঞ্চলত সৰ্বাঙ্গীণ উন্নয়ন আৰু শান্তি-সম্প্ৰীতিক দীৰ্ঘস্থায়ী কৰিব৷ তেওঁ কয় যে দেশবাসীয়ে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে অমৃত মহোৎসৱ উদ্যাপন কৰাৰ সময়তে ৮০০ কিল’মিটাৰ দীঘলীয়া আন্তঃৰাজ্যিক সীমাৰ দুয়োফালে থকা ১২৩খন বিবদমান গাঁৱৰ সমস্যা এবাৰতে সমাধান কৰা হৈছে৷
কেন্দ্ৰীয় গৃহন্ত্ৰীগৰাকীয়ে কয় যে অসম-অৰুণাচলৰ সীমা সমস্যাৰ নিষ্পত্তি সন্দৰ্ভত স্থানীয় আয়োগৰ প্ৰতিৱেদনক পূৰ্বৰ চৰকাৰ আৰু আদালতৰদ্বাৰা দশকজুৰি স্থগিত ৰখা হৈছিল৷ তেওঁ লগতে কয় যে শেহতীয়াকৈ স্বাক্ষৰিত হোৱা চুক্তিখন উত্তৰ-পূৰ্বাঞ্চলক শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু বিবাদমুক্ত কৰাৰ দিশত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব৷ ২০১৯ চনৰপৰা নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কেইবাখনো শান্তি চুক্তি সম্পন্ন কৰিছে, যাৰ ভিতৰত আছে- এনএলএফটি, ব্ৰুছ, বড়ো, কাৰ্বি-আংলঙৰ জনজাতি আৰু অসম-মেঘালয় সীমা চুক্তি, যিসমূহে এই বিবদমান অঞ্চলৰ ৬৬% সামৰি লৈছিল৷
গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এই প্ৰচেষ্টাৰ ফলস্বৰূপে অঞ্চলটোৰ ৮,০০০ৰো অধিক বিদ্ৰোহীয়ে হিংসাৰ পথ পৰিহাৰ কৰি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰিছে৷ লগতে, অঞ্চলটোত হিংসাত্মক ঘটনা ৬৭%, সুৰক্ষা বাহিনীৰ মৃত্যুৰ হাৰ ৬০% আৰু অসামৰিক লোকৰ মৃত্যুৰ হাৰ ৮%লৈ দ্ৰুতগতিত হ্ৰাস পাইছে৷
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত বুজাবুজি চুক্তি স্বাক্ষৰক ঐতিহাসিক হিচাপে অভিহিত কৰি কয় যে এই চুক্তিখনে কেৱল ৰাজ্য দুখনতে নহয়, সামগ্ৰিকভাৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি আৰু সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই আনিব৷
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে তেওঁৰ ভাষণত সীমা বিবাদ নিষ্পত্তিৰ এই পদক্ষেপক উল্লেখযোগ্য আৰু ঐতিহাসিক হিচাপে আখ্যা দিয়ে৷ লগতে, শান্তি স্থাপন আৰু উন্নয়নৰ দিশত এই চুক্তিয়ে এক আমূল পৰিৱৰ্তন আনিব বুলিও আশা ব্যক্ত কৰে৷
অসম কেবিনেটে যোৱা ১৯ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ সৈতে দশকজোৰা সীমা সমস্যাৰ সমাধানৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা ১২খন আঞ্চলিক সমিতিয়ে আগবঢ়োৱা পৰামৰ্শসমূহত অনুমোদন জনাইছে৷ উল্লেখ্য যে অসম-অৰুণাচল সীমাৰ দৈৰ্ঘ্য ৮০০ কিল’মিটাৰতকৈও অধিক৷
সীমা বিবাদ নিষ্পত্তিৰ উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে কেইবাবাৰো বৈঠকত মিলিত হৈছিল৷
বিগত বৰ্ষৰ জুলাইত, দুয়োখন ৰাজ্যৰ মাজত নামচাই ঘোষণাপত্ৰ স্বাক্ষৰিত হৈছিল য’ত বিবাদিত গাঁৱৰ সংখ্যা ১২৩খনৰপৰা ৮৬খনলৈ হ্ৰাস কৰিবলৈ আৰু কেবিনেট মন্ত্ৰীৰ নেতৃত্বত ১২খনকৈ সমিতি গঠন কৰি সীমা বিবাদ সমাধানৰ বাবে দুয়োপক্ষ সন্মত হৈছিল৷ এই ঘোষণাপত্ৰৰ আধাৰতে বিতৰ্কিত অঞ্চলবোৰৰ পৰিস্থিতিৰ বুজ লৈ, আৱাসীসকলৰপৰা মতামত গ্ৰহণ কৰি নিজ নিজ ৰাজ্যৰ চৰকাৰক প্ৰতিৱেদন দাখিল কৰিছিল৷
এই যুগান্তকাৰী বুজাবুজি চুক্তিয়ে সৰ্বসাধাৰণৰ প্ৰশংসা লাভ কৰিবলৈও সক্ষম হৈছে৷ দিল্লীৰ এগৰাকী ব্যৱসায়ী বীৰেন বৈশ্যই কয়, “ৰাজ্য আৰু কেন্দ্ৰত বিজেপি চৰকাৰৰ আন্তৰিক প্ৰচেষ্টাৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমান্ত বিবাদ প্ৰায় ৫০ বছৰৰ পাছত সমাধান হৈছে৷”
অৰুণ দাসে টুইটাৰত উল্লেখ কৰে, “এয়া সবল নেতৃত্ব আৰু ‘ৰাষ্ট্ৰ প্ৰথম’ নীতিৰ সুফল! দুয়োগৰাকী মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অভিনন্দন! চৰ্দাৰ পেটেলৰ পাছত আমি এনে এগৰাকী গৃহমন্ত্ৰী পাইছোঁ যিয়ে ৰাষ্ট্ৰক ঐক্যবদ্ধ কৰাৰ দিশত মহান কাম কৰি আছে৷ অভিনন্দন৷”
সুমিত প্ৰশাৰে তেওঁৰ টুইটাৰ হেণ্ডেলযোগে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে যিধৰণে বুদ্ধিমত্তাৰে কাম কৰিছে তাৰপৰা আন আন ৰাজ্যসমূহে এটা পথ উলিয়াব পাৰিব লাগিব৷ বিষয়টোক লৈ ৰাজনীতি নকৰি এনেদৰে সমস্যাটোৰ স্থায়ী সমাধানৰ বাট মুকলি কৰা উচিত৷
এই ঐতিহাসিক চুক্তিখন ২০২২ চনৰ মাৰ্চত ৰাজ্য দুখনৰ মাজৰ ৫০ বছৰ পুৰণি অমীমাংসিত সীমা বিবাদ সমাধানৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত অসম আৰু মেঘালয় চৰকাৰৰ মাজত হোৱা চুক্তিৰ প্ৰায় ওচৰা-ওচৰিকৈ হৈছিল৷ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৩১ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত গৃহ মন্ত্ৰ্যালয়ৰ পৰীক্ষা আৰু বিবেচনাৰ বাবে এখন খচৰা প্ৰস্তাৱ দাখিল কৰাৰ প্ৰায় দুমাহ পাছত চুক্তিখন স্বাক্ষৰিত হৈছিল৷
অসম আৰু মেঘালয় চৰকাৰে আন্তঃৰাজ্যিক সীমাৰ ১২টা বিবদমান এলেকাৰ ভিতৰত ছটাত ৰাজ্য দুখনৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে এখন খচৰা প্ৰস্তাৱ প্ৰদান কৰা হৈছিল৷
অসম-মেঘালয় আৰু অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ মীমাংসাৰ পিছত, অসম আৰু নাগালেণ্ডে এতিয়া ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীদ্বয় ক্ৰমে ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু নেইফিউ ৰিঅ’ৰ জৰিয়তে আদালতৰ বাহিৰত সীমা বিবাদ নিষ্পত্তিৰ উপায় বিচাৰি (অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সমাধান কৰাৰ দিনটোতে) নতুন দিল্লীত এক বৈঠকত মিলিত হয়৷