এডভাণ্টেজ আছামৰ জৰিয়তে চৰকাৰে কেইটিমান নিৰ্দিষ্ট খণ্ডক বিনিয়োগৰ আকৰ্ষণৰ বাবে লক্ষ্য স্থিৰ কৰিছে। সাধাৰণতে এনে সন্মিলনসমূহত সকলো প্ৰকাৰৰ উদ্যোগক আকৰ্ষণ কৰাৰ চেষ্টা কৰা হয় যাতে বুজাবুজিৰ চুক্তি আৰু কোম্পানীৰ সংখ্যা বৃদ্ধি পায়। কিন্তু অসমে এইবাৰ লক্ষ্যভিত্তিক দৃষ্টিভংগীৰে কৌশলগতভাৱে পদক্ষেপ গ্ৰহণ কৰিছ। এয়া বাৰু সময়েহে ক’ব যে এই প্ৰচেষ্টাই ৰাজ্যখনৰ বাবে কেনেধৰণৰ সুফল কঢ়িয়াই আনিব।
পশ্চিমবংগ আৰু ওড়িশাই ভাৰত আৰু বিদেশৰ বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে নিজ নিজ বিনিয়োগ সন্মিলনত প্ৰস্তুতিমূলক বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ লগতে বছৰজুৰি আন ৰাজ্যসমূহে বিনিয়োগৰ ক্ষেত্ৰখনত কৰি অহা বিভিন্ন প্ৰচেষ্টাৰ বিষয়েও আমি অৱগত।
ভাইব্ৰেণ্ট গুজৰাটে অসমৰ দৰে ৰাজ্যসমূহক বিনিয়োগ আকৰ্ষণৰ নতুন পথ দেখুওৱাৰ পাছত সৰ্বত্ৰে এইধৰণৰ সন্মিলনৰ সংখ্যা বৃদ্ধি পাইছে আৰু প্ৰায় সকলো ৰাজ্যই এনেদৰেই বিনিয়োগকাৰীৰ সন্ধান কাৰ্যসূচী অব্যাহত ৰাখিছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ সতীৰ্থ মন্ত্ৰীসকলৰ দ্বাৰা কৰা ৰোড শ্ব’ আৰু ব্যক্তিগত বৈঠকসমূহ প্ৰশংসাৰ যোগ্য। কিন্তু কেৱল এই প্রচেষ্টাবোৰে হয়তো তাৎক্ষণিকভাৱে বিনিয়োগকাৰীক আকৰ্ষণ নকৰিবও পাৰে, কিন্তু সময়ৰ গতিত ব্যৱস্থাপনা তথা আন ক্ষেত্ৰত থকা বাধাবোৰ হ্ৰাস হ’লে উত্তৰ-পূৰ্বাঞ্চল তথা অসমত সঁচাকৈয়ে বিনিয়োগ কৰিব খোজাসকলৰ পৰা সেউজ সংকেত আহিব।