অসম বাৰ্তা, গুৱাহাটী
বিনিয়োগ আৰু আন্ত:গাঁথনি সন্মিলন – এডভাণ্টেজ আছাম ২.০-ত দেশৰ বহু প্ৰখ্যাত ব্যৱসায়িক নেতা/উদ্যোগপতিসকলে অংশগ্ৰহণ কৰি ৰাজ্যখনৰ উদ্যোগিক পৰিৱেশক নতুন ৰূপ দিবলৈ বৃহৎ বিনিয়োগ পৰিকল্পনাৰ কথা ঘোষণা কৰে। অংশগ্ৰহণ কৰা শীৰ্ষ উদ্যোগপতিসকলৰ ভিতৰত আছিল – মুকেশ আম্বানী (চি এম ডি, ৰিলায়েন্স ইণ্ডাষ্ট্ৰী), নটৰাজন চন্দ্ৰশেখৰন (অধ্যক্ষ, টাটা ছনছ), গৌতম আদানী (অধ্যক্ষ, আদানী গ্ৰুপ), অনিল আগৰৱাল (অধ্যক্ষ, বেদান্ত গ্ৰুপ), সজ্জন জিন্দাল (চি এম ডি, জে এছ ডব্লিউ গ্ৰুপ), প্ৰশান্ত ৰুইয়া (সঞ্চালক, এছাৰ) আৰু আন বহুতো।
ৰিলায়েন্সৰ ডিজিটেল পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি
ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমত প্ৰযুক্তিগত আৰু কৃত্ৰিম বুদ্ধিমত্তা (টেক-ৰেডি আৰু এ আই ৰেডি)ৰ দিশত কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেখেতে ৰাজ্যখনত এ আই-ৰেডি ডাটা চেণ্টাৰ স্থাপন কৰাৰ কথা ঘোষণা কৰে।
তেখেতে কয়, “জিঅ’য়ে অসমক কেৱল ২জি-মুক্ত কৰাই নহয়, ৫জি-যুক্তও কৰিছে। এতিয়া, ৰিলায়েন্সে উচ্চ-ক্ষমতাৰ কম্পিউটিং আৰু এ আই-ৰেডি ডাটা চেণ্টাৰ স্থাপনত গুৰুত্ব দিব। এই কেন্দ্ৰই ছাত্র-ছাত্ৰীসকলক কৃত্ৰিম বুদ্ধিমত্তাৰ শিক্ষকৰ সহায়ত শিকিবলৈ, চিকিৎসকসকলক এ আই ভিত্তিক ৰোগ নিৰ্ণয় কৰিবলৈ আৰু কৃষি ক্ষেত্ৰৰ বিভিন্ন দিশত সহায় কৰিব। তদুপৰি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লৈ অসমৰ যুৱচামে ঘৰতে শিকি ঘৰৰপৰাই উপাৰ্জন কৰিবলৈ উৎসাহিত হ’ব।
ইয়াৰ উপৰি আম্বানীয়ে ঘোষণা কৰে যে পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত ৰিলায়েন্সে অসমত ৫০,০০০ কোটি টকা বিনিয়োগ কৰিব।
টাটাৰ উচ্চাভিলাষী পদক্ষেপ
টাটা গ্ৰুপৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনে কয়, “অসম চৰকাৰ আৰু টাটা গ্ৰুপৰ ‘এক দল, এক সপোন’ মনোভাবে অসমক উন্নয়নৰ নতুন দিগন্তলৈ লৈ যাব। অসমে সুশাসন, স্বচ্ছতা আৰু উদ্যোগীকৰণৰ এক নতুন লক্ষ্যত উপনীত হৈছে।
টাটা গ্ৰুপে অসমত বৃহৎ পৰিসৰৰ ইলেক্ট্ৰ’নিক্স আৰু মোবাইল প্ৰযুক্তি উৎপাদন কেন্দ্র স্থাপন কৰাৰ পৰিকল্পনা ঘোষণা কৰে।
“আমাৰ ছেমিকণ্ডাক্টৰ প্লাণ্টৰ পাছত আমি অসমলৈ আন এটা বৃহৎ উৎপাদন কেন্দ্ৰ আনিব বিচাৰোঁ। উদ্যোগটোৰ দাবী পূৰণৰ বাবে আগন্তুক সাত বছৰৰ বাবে কমেও ৫,০০০ দক্ষ জনশক্তি সৃষ্টি কৰাৰ সিদ্ধান্তও গোটটোৱে গ্ৰহণ কৰে।”
ইয়াৰ উপৰি, টাটা গ্ৰুপে অসম চৰকাৰৰ সৈতে ৩০,০০০ কোটি টকাৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে, যাৰ জৰিয়তে ৰাজ্যখনত ৫,০০০ মেগাৱাটৰ প্ৰকল্প স্থাপন কৰা হ’ব।
আদানীৰ আন্ত:গাঁথনিমূলক বিনিয়োগ
আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে অসমত ৫০,০০০ কোটি টকাৰ বিনিয়োগৰ কথা ঘোষণা কৰি গেছ বিতৰণ, পথ উন্নয়ন, বিমানবন্দৰ আধুনিকীকৰণ আদিসহ বিভিন্ন পৰিকল্পনাৰ বিষয়ত গুৰুত্ব দিয়ে।
তেখেতে কয়, “মই অসমৰ মুখ্যমন্ত্ৰীৰ দৰে শেহতীয়াকৈ এনে কোনো মুখ্যমন্ত্রীক দেখা নাই যিগৰাকীয়ে আশাৰ সৃষ্টি কৰি পাছত সেই আশাক বাস্তৱত পৰিণত কৰিছে। ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ নদীৰ কৌশলগত সংযোগকৰণলৈকে মই প্ৰগতিৰ বিভিন্ন ৰূপ দেখিবলৈ পাইছোঁ। এয়া এক উজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাৰ যুগান্তকাৰী পৰিকল্পনা, যাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰি আমি আনন্দিত হৈছোঁ।”
বেদান্ত গ্ৰুপৰ লক্ষ্য হাইড্ৰ’কাৰ্বন
বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালে কয়, “অসম প্ৰাকৃতিক সম্পদত সমৃদ্ধ আৰু এইক্ষেত্ৰত বিশ্বৰ অন্যতম আকৰ্ষণ বিন্দু হোৱাৰ সম্ভাৱনা আছে। আমি অসমত ৫০,০০০ কোটি টকাৰ বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছোঁ, যাৰ জৰিয়তে প্ৰতিদিনে ১০০,০০০ বেৰেল তেল আৰু গেছ উৎপাদন কৰা হ’ব। অসমক আমি এখন বৃহৎ হাইড্ৰ’কাৰ্বন খণ্ডলৈ ৰূপান্তৰিত কৰিব বিচাৰিছোঁ, যাৰ জৰিয়তে এক লক্ষাধিক নতুন কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব।”
তেখেতে লগতে কয়, “বেদান্তৰ লক্ষ্য কেৱল উদ্যোগ গঢ়ি তোলাই নহয়; আমি অসমৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ, স্থানীয় সংস্কৃতি ৰক্ষা, আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে শক্তি উৎপাদনত আমাৰ ভূমিকা নিশ্চিত কৰিব বিচাৰোঁ।”
জে এছ ডব্লিউৰ শক্তি খণ্ডত বিনিয়োগ
জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দালে কয়, “আমি অসমত চিমেণ্ট উৎপাদন, নৱীকৰণযোগ্য শক্তি আৰু তাপ বিদ্যুৎ উদ্যোগত বিনিয়োগৰ সুযোগ অনুসন্ধান কৰি আছোঁ। আমি বৃহৎ পৰিসৰত তাপ বিদ্যুৎ প্রকল্প গঢ়িব বিচাৰোঁ, যিয়ে উন্নয়নক অধিক গতিশীলতা প্ৰদান কৰিব।”
এছাৰৰ নৱীকৰণযোগ্য শক্তি খণ্ডত গুৰুত্ব
এছাৰ গ্ৰুপৰ সঞ্চালক প্ৰশান্ত ৰুইয়াই অসমৰ “Liquid Gold” (তেল আৰু গেছ সম্পদ) আৰু “Green Gold” (চাহ আৰু বাঁহ শিল্প)ক ৰাজ্যৰ দুটা বহুমূলীয়া সম্পদ হিচাপে বৰ্ণনা কৰে।
তেখেতে কয়, “আমি অসমত নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত আমাৰ বিনিয়োগ অধিক শক্তিশালী কৰিব বিচাৰোঁ।”
এছাৰ গ্ৰুপে ২,১০০ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে, যাৰ অধীনত সৌৰশক্তি, বেটাৰী সংৰক্ষণ আৰু কয়লাৰ পৰা নৱীকৰণযোগ্য শক্তি উৎপাদন ক্ষেত্ৰত বিনিয়োগ কৰা হ’ব।