প্ৰশ্ন: ১. বিধানসভা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰৰ দৃষ্টিভংগী কেনেধৰণৰ?২. পথ নিৰ্মাণ, আন্তঃগাঁথনি, অসম দৰ্শন, শিক্ষা আৰু ক্ৰীড়া আদিৰ উন্নয়নৰ ক্ষেত্ৰত আপোনাৰ কাম-কাজসমূহৰ বিষয়ে জনাব নেকি?৩. এইবাৰৰ অপ্ৰত্যাশিত বানপানীত ক্ষতিগ্ৰস্তসকলক সকাহ আৰু সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা চৰকাৰৰ ভূমিকা সম্পৰ্কে আপোনাৰ মতামত কি? কৌশিক ৰায়, বিধায়ক,১৩নম্বৰ লক্ষীপুৰ বিধানসভা সমষ্টি উত্তৰ ১: মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে কেৱল কেইটামান নিৰ্বাচিত সমষ্টিৰ উন্নয়নৰ কথা চিন্তা নকৰি অসমৰ ১২৬টা সমষ্টিৰে উন্নয়নৰ বাবে কাম কৰিছে৷ বিধায়কগৰাকী শাসক দলৰে হওক বা বিৰোধী দলৰে হওক, চৰকাৰে সকলো সমষ্টিৰ সৰ্বাংগীন উন্নয়নেৰে অসমক দেশৰ পাঁচখন শীৰ্ষ ৰাজ্যৰ অন্যতম কৰিবলৈ আগবাঢ়ি গৈছে৷ উত্তৰ ২: আমাৰ লক্ষীপুৰ সমষ্টিত নৱোদয় বিদ্যালয় পথ নিৰ্মানৰ বাবে আৰু কাৰ্গিল শ্বহীদ নন্দচান্দৰ নামত এখন অৰ্ধনিৰ্মিত হৈ থকা দলঙৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ অনুমোদন পাইছোঁ৷ মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ অধীনত লক্ষীপুৰ সমষ্টিয়ে ২৫ কিঃমিঃ পথ নিৰ্মানৰ বাবে অনুমোদন পাইছে৷ শিৱপুৰত এটা ইনড’ৰ ষ্টেডিয়ামৰ কাম চলি আছে৷ লগতে, আন এটা ষ্টেডিয়াম নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰিছে৷ লক্ষীপুৰৰ স্থায়ী মহকুমা কাৰ্যালয় ভৱনটো ২৫ কোটি টকাৰ পুঁজিৰে নিৰ্মাণৰ বাবে প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে৷ লক্ষীপুৰ আৱৰ্ত ভৱনৰ বাবেও বাজেটত পুঁজি ধাৰ্য কৰা হৈছে৷ এখন চৰকাৰী আইন মহাবিদ্যালয়ৰ আধাৰশিলা কেইদিনমানৰ আগতে স্থাপন কৰা হয়৷ স্বাধীনতাৰ ৭৪ বছৰত লক্ষীপুৰত মাত্ৰ তিনিখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছিল৷ কিন্তু, এই এবছৰতে আমি আন তিনিখন বিদ্যালয় উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ কৰিলোঁ৷ ১০খন আদৰ্শ অংগনবাদী কেন্দ্ৰ মুকলি কৰা হৈছে আৰু ছখনৰ কাম চলি আছে৷ উত্তৰ ৩: অপ্ৰত্যাশিত বানে আমাৰ সমষ্টিটোক যথেষ্ট ক্ষতিগ্ৰস্ত কৰে৷ চৰকাৰে ক্ষিপ্ৰতাৰে আৰম্ভ কৰা উদ্ধাৰ আৰু সাহাৰ্য্য অভিযানে ৰাইজক সকাহ প্ৰদান কৰে৷ অতি কম সময়ৰ ভিতৰতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ প্ৰতিশ্ৰুতি মতেই বানপীড়িতসকলে ক্ষতিপূৰণ লাভ কৰিছে৷ মোৰ সমষ্টিত ১২১গৰাকী ব্যক্তিয়ে বানত উটি যোৱা গৃহৰ বাবদ আৰু ৩,০৪৯ গৰাকী ব্যক্তিয়ে আংশিক ক্ষতিগ্ৰস্ত গৃহৰ বাবে ক্ষতিপূৰণ লাভ কৰিছে৷ ৰামকৃষ্ণ ঘোষ, বিধায়ক,৯১নম্বৰ হোজাই বিধানসভা সমষ্টি উত্তৰ ১: মাননীয় মুখ্যমন্ত্ৰী, জননেতা ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন আমাৰ চৰকাৰখনে বিধানসভা সমষ্টিসমূহক উন্নয়নৰ মাধ্যমেৰে নিত্য নতুন ৰূপত তুলি ধৰাৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে৷ প্ৰতিটো দিনত নতুন নতুন চিন্তাৰে আৰম্ভ হৈছে বৰ্তমানৰ চৰকাৰী কৰ্মসূচী৷ এক ইতিবাচক দৃষ্টিভঙ্গীৰে আমাৰ চৰকাৰখনে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপত আমি আশাবাদী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগী হিচাপে অধিক ক্ষিপ্ৰতাৰে কাম কৰিবলৈ আমি সদা প্ৰস্তুত৷ উত্তৰ ২: পৰ্যটনৰ ক্ষেত্ৰক অগ্ৰাধিকাৰ দি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ হোজাই সমষ্টিৰ বিভিন্ন ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰি অহা ছমাহৰ ভিতৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে৷ গ্ৰামীণ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত লংকা আৰু যোগীজানত পথ নিৰ্মাণ সমাপ্ত হৈছে৷ তাৰোপৰি নগৰ উন্নয়ন শিতানত বহুকেইটা পথ ইতিমধ্যে নিৰ্মান কৰা হৈছে৷ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ৫০ কোটি টকা আবণ্টন দিয়া হৈছে৷ দেশবন্ধু বিদ্যাপীঠক বিধায়কৰ আদৰ্শ বিদ্যালয় হিচাপে ঘোষণা কৰা হৈছে৷ দুখনকৈ হাইস্কুলত মাতৃভাষা মাধ্যমৰ ব্যৱস্থা কৰা হৈছে৷ এখন হাইস্কুলত চিবিএছই পাঠ্যক্ৰম কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে৷ অসম দৰ্শনত ইতিমধ্যে ২৫টা নামঘৰলৈ ২.৫ লাখ টকাকৈ অনুদান আগবঢ়োৱা হৈছে৷ সমাজ কল্যাণ বিভাগৰ জৰিয়তে ১১টাকৈ আদৰ্শ অংগনাবাদী কেন্দ্ৰৰ স্থাপনৰ বাবে ২৫লাখ টকাকৈ প্ৰদান কৰা হৈছে৷ হোজাই জিলাত এখন পুৰণি ষ্টেডিয়ামক আধুনিক ৰূপ দিয়া হৈছে৷ উত্তৰ ৩: অপ্ৰত্যাশিতভাৱে হোজাই সমষ্টিত এই বছৰ প্ৰায় এমাহ অগা-পিছাকৈ দুটাকৈ বানে ৰাইজক ক্ষতিগ্ৰস্ত কৰে৷ উক্ত বিপদৰ সময়ছোৱাত মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমাৰ চৰকাৰখনে বানপীড়িতসকলৰ বাবে লোৱা পদক্ষেপ অতিকৈ প্ৰশংসনীয়৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি অনুসৰি প্ৰতক্ষ্য লাভালাভ হস্তান্তৰকৰণ প্ৰক্ৰিয়াৰে আগবঢ়োৱা ক্ষতিপূৰণো লাভ কৰিছে৷