“সৰ্বসাধাৰণৰ জীৱন আৰু প্ৰয়োজনীয়তা সম্পৰ্কে কোনো এচি চেম্বাৰত বহি কাৰোবাৰ অভিযোগ আপত্তি শুনি প্ৰকৃ তাৰ্থত অনুভৱ কৰাটো ইমান সহজ নহয়,” বিধায়ক দিগন্ত কলিতাই এনেদৰেই ভাবে৷ সেইবাবেই ৫৬ নম্বৰ কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়কগৰাকীয়ে এটা বিশেষ পদক্ষেপ হাতত লৈছে- কমলপুৰ সমষ্টিৰ ২৬খন গাঁও পঞ্চায়তৰ একো একোটা পৰিয়ালৰ ঘৰত এনিশাকৈ থাকি তেওঁলোকৰ সুখ-দুখৰ বুজ লোৱা৷
মুক্তাপুৰ গাঁও পঞ্চায়তৰ নিবাসী জ্যোতিষ ডেকাই কয়, “সেইদিনা আছিল ১ অক্টোবৰ ২০২১৷ আমাৰ ঘৰত ৰাতি থকাকৈ আহিছিল কমলপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয়৷ বিধায়ক হৈও দিগন্ত কলিতা মহোদয়ে আমাৰ দৰে দৰিদ্ৰ মানুহৰ ঘৰত থকাটো সপোন সপোন লাগিলেও সেয়াই আছিল বাস্তৱ৷ সেইদিনা গধূলি আহি ওচৰৰ প্ৰতিটো চুবুৰিৰ সাধাৰণ জনতাৰ খবৰ লৈ তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷”
ঠিক একেদৰে কমলপুৰ মণ্ডল সমিতিৰ অন্তৰ্গত সোণাপুৰ গাঁও পঞ্চায়তৰ ৰাইপাট নিবাসী চংকে দাসৰ ঘৰত ১৮ ডিচেম্বৰ ২০২১ তাৰিখে উপস্থিত হয় বিধায়ক দিগন্ত কলিতা৷ চংকে দাসে কয়, “পুৱা ৫.৩০ বজাত উঠি তেখেতে ৰাইপাট, কলাকুছি, সোণাপুৰ আৰু ধনুকা গাঁৱৰ পথসমূহৰ বুজ লয়৷ আমাৰ ঘৰতে গা-পা-ধুই পুৱাৰ আহাৰ গ্ৰহণ কৰি গাঁৱৰ মহিলাসকলৰ লগত মত-বিনিময় কৰি দুখ-দুৰ্দশাৰ বুজ লয় আৰু কলাকুছি গাঁৱৰ হৰিচৰণ দাসক দুটা কোঠালি গঢ়ি দিয়াৰ ব্যৱস্থা কৰাৰ লগতে তেখেতক আৰ্থিক সাহায্যও আগবঢ়ায়৷”
অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত দিগন্ত কলিতাই কয়, “এই ব্যৱস্থাৰ জৰিয়তে মই ৰাইজৰ মাজত প্ৰত্যক্ষভাৱে থাকি তেওঁলোকৰ প্ৰকৃত সমস্যাসমূহৰ বুজ লৈ তাৰ সমাধানৰ বাবে কাৰ্যক্ষম কৰ্মসূচী প্ৰস্তুত কৰিবলৈ বিচাৰোঁ৷” সমষ্টিৰ আন আন উন্নয়নমূলক কাম-কাজৰ বিষয়ে উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে, “আমাৰ চৰকাৰখনৰ দূৰদৰ্শী চিন্তাধাৰাৰ বাবে সমষ্টিত পৰিবহণ, শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আদিৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বহু কাম সমাধা হৈছে আৰু আন বহু কাম সম্পূৰ্ণ হোৱাৰ পথত৷ আমাৰ সমষ্টিত নিৰ্মাণ হ’বলৈ গৈ আছে ৰাষ্ট্ৰীয় ফ’ৰেনছিক বিজ্ঞান মহাবিদ্যালয়৷ ইতিমধ্যে আমি কমলপুৰ পৰিদৰ্শন বঙলাটো নিৰ্মাণৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ৷ কৰৰা মিনি ষ্টেডিয়ামৰ উন্নীতকৰণ আৰু এমজিএনৰেগাৰ অধীনত পুঠিমাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এটা মিনি ষ্টেডিয়াম নিৰ্মাণৰ কামো চলি আছে৷”
বিধায়ক দিগন্ত কলিতাৰ মতে শিক্ষাৰ ক্ষেত্ৰত উন্নত সুবিধাৰ ব্যৱস্থা কৰিব পাৰিলেহে সৰ্বাংগীণ বিকাশৰ সপোন সাৰ্থক হ’ব৷ “আমাৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পৰিৱেশ অনুকূল কৰি তোলাৰ উদ্দেশ্যে শিক্ষা আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছোঁ,” তেখেতে কয়৷ বিধায়কগৰাকীৰ আন এটা ব্যক্তিগত পদক্ষেপ হ’ল ‘দাপোণ পৰিপূৰিকা’৷ এই পৰিপূৰিকাখনত ২০১৫ চনৰ পৰা ২০২২ চনলৈকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ সন্নিৱিষ্ট কৰা হৈছে৷ লগতে, পৰীক্ষাত সফল ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে উত্তৰসমূহ সমাধান কৰিছিল তাকো অন্তৰ্ভুক্ত কৰা হৈছে৷ দাপোণ পৰিপূৰিকাখনি পৰীক্ষাৰ্থীসকলৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে৷