অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত উপস্থাপন কৰা ২০২৩-২৪ বৰ্ষৰ বিত্তীয় বাজেটৰ প্ৰতি অকুণ্ঠ সমৰ্থন আগবঢ়াইছে বিধায়কসকলে৷
অৰ্থনীতি বিজ্ঞানৰ স্নাতকোত্তৰ শ্ৰেণীত শিকি অহা এষাৰ কথাৰ উল্লেখ কৰি হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয়, “বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে আমি জানিবলৈ পাইছিলোঁ যে আন্তঃগাঁথনি উন্নয়নৰ লগতে জনকল্যাণমূলক আঁচনিসমূহ এখন দেশ তথা ৰাজ্যৰ অৰ্থনীতিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ৷ এখন গণতান্ত্ৰিক দেশত দৰিদ্ৰ শ্ৰেণীটোক আগবঢ়াই লৈ যোৱাটো এক দায়িত্ব৷”
আঁচনিৰ ধন পোনপটীয়াকৈ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা হোৱা ব্যৱস্থাৰ প্ৰশংসা কৰি তেওঁ কয়, “এটা দৰিদ্ৰ পৰিয়ালে যেতিয়া আৰ্থিক সহযোগিতা পায়, সেই ধন আমাৰ বজাৰ ব্যৱস্থালৈয়ে আহে অৰ্থাৎ অৰ্থনীতিৰ সূত্ৰৰ ভিত্তিত চাহিদা আৰু বিনিয়োগ বৃদ্ধি পায় আৰু এই ব্যৱস্থাটো এই বাজেটত দেখা পোৱা গৈছে৷” বিধায়কগৰাকীয়ে লগতে কয়, “এইবাৰৰ বাজেটখন লক্ষ্য কৰিলে দেখা যায় আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট ব্যয়ৰ পৰিকল্পনা কৰা হৈছে৷ যাতায়াত-যোগাযোগ ব্যৱস্থা, স্বাস্থ্যখণ্ড, দক্ষতা বিকাশ আদি সকলো দিশতে উন্নয়নৰ ব্যৱস্থা কৰা হৈছে৷ এনেধৰণৰ উন্নয়নে সংস্থাপনো বৃদ্ধি কৰিব আৰু দক্ষ যুৱপ্ৰজন্ম গঢ়ি তুলিব৷ অৰুণোদয়ৰ দৰে আঁচনি সমাজৰ দৰিদ্ৰতা নিৰ্মূল কৰি পুঁজি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব৷ যিসকলে বাজেটখনৰ বিৰোধিতা কৰিছে তেওঁলোকে এই কথাষাৰ অনুধাৱন কৰা উচিত৷” ৰামকৃষ্ণ ঘোষে বাজেটখনক লৈ সন্তুষ্টি প্ৰকাশ কৰি কয়, “এইবাৰৰ বাজেটখন হৈছে সামূহিক উন্নয়নৰ কথা চিন্তা কৰা বাজেট৷”
২০২৩-২৪ বৰ্ষৰ অসম বাজেটখনক প্ৰকৃতাৰ্থত পূৰ্ণাংগ বাজেট আখ্যা দি থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে কয়, “অমৃত কালছোৱাত আগবাঢ়ি যাবলৈ এই বাজেটখনে আমাক যথেষ্ট সহায় কৰিব৷ সমাজৰ সকলো শ্ৰেণীক এই বাজেটখনত সাঙুৰি লোৱা হৈছে৷ গাঁৱৰ যুৱক-যুৱতীসকলক ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল কৰাৰ যি প্ৰচেষ্টা, ই ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ লগতে সংস্থাপন বৃদ্ধিৰ ক্ষেত্ৰতো সহায় কৰিব৷”
আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি তেখেতে কয়, “আন্তঃগাঁথনিৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাই ৰাজ্যখনৰ অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব৷” তেওঁ লগতে কয়, “মহিলাসকলক অৰুণোদয়ৰ দৰে আঁচনিয়ে কেনেদৰে সহায় কৰিছে তাৰ সাক্ষী আজি অসমৰ ৰাইজ৷ লগতে, এই বাজেটখনে আনকি বয়োজ্যেষ্ঠজনকো সাঙুৰি লৈছে৷”
তেওঁ কয়, “একত্ৰীকৃত নিধিত ১,৩৯,০০০ কোটি টকা প্ৰাপ্তিৰ যি বাজেট তাৰ সঠিক প্ৰয়োগে অসমৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব আৰু ই পৰৱৰ্তী বাজেটসমূহ প্ৰস্তুত কৰাত অধিক সহায় কৰিব৷ ইমান বৃহৎ পৰিসৰৰ বাজেট এখন প্ৰস্তুত কৰিবলৈ সমৰ্থ হোৱাটোৱে আমাৰ বাবে গৌৰৱৰ বিষয়৷”