বিদ্যালয় পৰিচালনাৰ বাবে প্ৰতিখন শিক্ষানুষ্ঠানত থকা পৰিচালনা সমিতিয়ে বিদ্যালয়খন সুচাৰুৰূপে পৰিচালিত কৰাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ লগতে শিক্ষানুষ্ঠানৰ সৰ্বাংগীণ উন্নয়নৰ বাবে যিকোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷ সময়ৰ পৰিৱৰ্তনৰ সৈতে যদি সমিতি গঠনত কিছু পৰিমাণে হ’লেও নতুন গতি দিয়াৰ প্ৰয়োজন৷
বিদ্যালয় পৰিচালনা সমিতিখন গঠনৰ সময়ত অভিভাৱকৰ মাজৰে এজন বা দুজনৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তি এগৰাকীকো অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন৷ পিছে সমাজকৰ্মীগৰাকীক নিৰ্বাচিত কৰাৰ সময়ত সমাজখনত থকা তেখেতৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত, যি বিদ্যালয়খনৰ উন্নয়নত পদক্ষেপ গ্ৰহণ কৰিব পাৰিব৷
আজিকালি চৰকাৰে প্ৰতিখন জিলাত একো একোজন অভিভাৱক মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰিছে৷ এইসকল মন্ত্ৰীয়ে প্ৰতিটো ক্ষণতে উক্ত জিলাখনৰ পৰিচালনা কৰাত ব্যস্ত থাকিব লাগে৷ ফলত বহুতো কাম ত্বৰান্বিত হৈছে৷ এনে আৰ্হিতে চৰকাৰে প্ৰতিখন বিদ্যালয় পৰিচালনা সমিতি গঠনৰ বাবে একো একোজন সমাজৰ নেতৃস্থানীয় ব্যক্তিক অন্তৰ্ভুক্ত কৰি অভিভাৱকৰ দায়িত্ব অৰ্পণ কৰিব পৰা যায়৷ এনে ব্যক্তিয়ে সংশ্লিষ্ট কতৃৰ্পক্ষৰ ওচৰত বিদ্যালয়ৰ সমস্যা তথা বিভিন্ন দিশ সম্পৰ্কে উপস্থাপন কৰিব পাৰিব৷
সাধাৰণতে একো একোটা অঞ্চলৰ লোকসকলে মানৱ সম্পন্ন উন্নয়নৰ বাবে নিৰ্ভৰ কৰে বিদ্যালয়ৰ ওপৰত৷ বিদ্যালয়ৰ পৰিচালনা সমিতিখন শক্তিশালী হ’লে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলেও আস্থা প্ৰকাশ কৰি নামভৰ্তিৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব৷ অতিসম্প্ৰতি চৰকাৰী বিদ্যালয়ৰ সদ্যঘোষিত ফলাফল তথা আন্তঃগাঁথনিক লৈ বিশেষ চৰ্চা হৈছে৷ সেয়েহে স্থানীয় লোকক যদি এইক্ষেত্ৰত আগভাগ ল’বলৈ সুযোগ দিয়া হয় তেতিয়া ভৱিষ্যতে সুফল আশা কৰিব পাৰি৷
অৱশ্যে কিছুমান বিদ্যালয়ত এনে ধৰণৰ পৰিচালনা সমিতি গঠনত স্বজন-তোষণ হোৱা বুলি অভিযোগ উত্থাপিত হয়৷ বহুতো বিদ্যালয়ত প্ৰধান শিক্ষক-প্ৰধান শিক্ষয়িত্ৰীয়ে অথবা অধ্যক্ষই আত্মীয়ৰ নাম এনে পৰিচালনা সমিতিত অন্তৰ্ভুক্ত কৰি লুণ্ঠন চলায়৷ এই স্বজন-তোষণ আদিৰ পৰা হাত সাৰিব পৰা যাব যদিহে পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ নাম আৰু তথ্য ৰাজহুৱাভাৱে উপলভ্য কৰি ৰখা হয়৷